ৰামা গোবিন্দাৰাজন (ইংৰাজী: Rama Govindarajan) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে তৰল গতিবিদ্যাত বিশিষ্টতা অৰ্জন কৰিছে। তদুপৰি তেখেত বিমানাকাশ অভিযান্ত্ৰিকীৰ (Aerospace Engineering) লগতো জড়িত। তেখেতে ১৯৯৮ চনৰ পৰা ২০১২ চনলৈকে "উচ্চ বৈজ্ঞানিক গৱেষণাৰ জৱাহৰলাল নেহৰু কেন্দ্ৰ"ৰ যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগত কাম কৰিছিল।[1] তাৰপিছত তেখেতে অধ্যাপক হিচাপে কাম কৰিছিল টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ হাইদৰাবাদৰ কেন্দ্ৰত। তাত তেখেতে ২০১২ চনৰ পৰা ২০১৬ চনলৈকে কৰ্মনিৰ্বাহ কৰে।[2] বৰ্তমান তেখেতে বাংগালোৰস্থিত "তাত্ত্বিক বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ"ত অধ্যাপক হিচাপে কাম কৰে। ২০০৭ চনত তেখেতক শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰে সন্মানীত কৰা হয়।[3]

ৰামা গোবিন্দাৰাজন
বাসস্থান বাংগালোৰ
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ তৰল গতিবিদ্যা, বিমানাকাশ অভিযান্ত্ৰিকী
কৰ্মস্থান তাত্ত্বিক বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ (ICTS)
শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (দিল্লী)
ড্ৰেক্সেল বিশ্ববিদ্যালয়
আইআইএছছি বাংগালোৰ
ডক্তৰেল পৰামৰ্শদাতা ৰোড্ডাম নৰসিংহা
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা (২০০৭)
দাম্পত্যসঙ্গী শ্ৰীৰাম ৰামাস্বামী

শিক্ষা সম্পাদনা কৰক

দিল্লীত থকা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ১৯৮৪ চনত তেখেতে ৰসায়ন অভিযান্ত্ৰিকী বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপিছত ১৯৮৬ চনত তেখেতে ফিলাডেলফিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন অভিযান্ত্ৰিকীত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৯৪ চনত তেখেতে বাংগালোৰস্থিত আইআইএছচিৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল বিমানাকাশ অভিযান্ত্ৰিকী। ১৯৯৪ চনত তেখেতে কেলিফৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত (CalTech) বিমানাকাশ বিভাগত পষ্ট-ডক্তৰেল গৱেষণাত মনোনিৱেশ কৰে।[4]

কৰ্মজীৱন সম্পাদনা কৰক

ৰামা গোবিন্দাৰাজনে তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰে এগৰাকী বৈজ্ঞানিক হিচাপে। বাংগালোৰত থকা ৰাষ্ট্ৰীয় বিমানাকাশ প্ৰয়োগশালাৰ গাণনিক আৰু তাত্ত্বিক তৰল গতিবিদ্যাৰ বিভাগত তেখেতে এগৰাকী বিজ্ঞানী হিচাপে দায়িত্ব পালন কৰে। সেইটো প্ৰতিষ্ঠানত লগত তেখেত ১৯৮৮ চনৰ পৰা ১৯৯৮ চনলৈকে অৰ্থাৎ এটা দশকলৈকে জড়িত হৈ থাকে। পৰৱৰ্তী সময়ত তেখেত উচ্চ বৈজ্ঞানিক গৱেষণাৰ জৱাহৰলাল নেহৰু কেন্দ্ৰ লগত জড়িত হয়। ১৯৯৮ চনৰ পৰা ২০১২ চনলৈকে তেখেতে তাত এগৰাকী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১২ চনৰ পৰা ২০১৬ চনলৈকে তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ আন্তঃবিভাগীয় বিজ্ঞানত অধ্যাপক হিচাপে কাম কৰে। নিজৰ ক্ষেত্ৰখনৰ লগত জড়িত বিষয়ত তেখেতে বহুতো বৈজ্ঞানিক পত্ৰ প্ৰকাশ কৰিছে। "তৰল পদাৰ্থবিদ্যা" বিষয়ত তেখেতে কেইখনমান কিতাপো লিখিছে।[4] তেখেতৰ মূল গৱেষণাক্ষেত্ৰ হৈছে-"instability and transition to turbulence of shear flows", আৰু interfacial flowsৰ পদাৰ্থবিজ্ঞান।[5][6]

বঁটা সম্পাদনা কৰক

ৰামা গোবিন্দাৰাজনে এতিয়ালৈকে লাভ কৰা বঁটাসমূহৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য বঁটাটো হৈছে "শান্তি স্বৰূপ ভাটনাগৰ বঁটা।" এইটো বঁটা তেখেতে ২০০৭ চনত লাভ কৰিছিল। এই বঁটাটো তেখেতক প্ৰদান কৰা হৈছিল- "ৰূপ বিকৃতি আৰু অসমান্তৰাল প্ৰৱাহ আদিত থকা অসমতাক বোধগম্য কৰি তুলিবলৈ আগবঢ়োৱা মৌলিক অৱদানৰ বাবে" ("original contributions to the understanding of instabilities in shear and non-parallel flows, flow entrainment, turbulent transition and small-scale hydraulic jumps")।

ইয়াৰ উপৰিও তেখেতে ১৯৮৭ চনত যুৱ বিজ্ঞানীৰ বঁটা লাভ কৰে। ১৯৯৬ চনত লাভ কৰে "অসাধাৰণ বিজ্ঞানী"ৰ বঁটা। এইটো বঁটা তেখেতক প্ৰদান কৰে ৰাষ্ট্ৰীয় বিমানাকাশ প্ৰয়োগশালাই। ২০০৪ চনত তেখেতে "উচ্চ বৈজ্ঞানিক গৱেষণাৰ জৱাহৰলাল নেহৰু কেন্দ্ৰ"ৰ পৰা চিএনএন ৰাও বক্তৃতা বঁটা লাভ কৰে।[7]

নিৰ্বাচিত গৱেষণাপত্ৰসমূহ সম্পাদনা কৰক

  • Accurate solution of the Maxey-Riley equation, and effects of Basset history; এছ গংগা প্ৰসাথ, বিশাল ৱাসন, ৰামা গোবিন্দাৰাজন,তৰল গতিবিদ্যাৰ পত্ৰিকা(Journal of Fluid Mechanics), ২০১৯, প্ৰকাশিতব্য
  • Spatio-temporal patterns of daily Indian summer monsoon rainfall; এডৱেই মিত্ৰা, অমিত আপ্টে, ৰামা গোবিন্দাৰাজন, শ্ৰীকৰ ৱদলামানি, বিশাল ৱাসান; Dynamics and Statistics of the Climate System, ৩, ১, ২০১৯
  • Solid-on-solid contact in a sphere-wall collision in a viscous fluid; সুমিত কুমাৰ বিৰৱা, জি. ৰাজালক্ষ্মী, ৰামা গোবিন্দাৰাজন, আৰু নাৰায়ণন মেনন, Physical Review Fluids, ৩, ০৪৪৩০২, ২০১৮
  • Vortex-dipole collapse induced by droplet inertia and phase change; এছ.ৰবিচন্দ্ৰন আৰু ৰামা গোবিন্দাৰাজন; Journal of Fluid Mechanics, ৮৩২, ৭৪৫-৭৭৬, ২০১৭
  • Instabilities in viscosity-stratified flow; ৰামা গোবিন্দাৰাজন আৰু কিৰ্তী সাহু; Annual Review of Fluids Mechanics, ২০১৪।[8]

References সম্পাদনা কৰক

External links সম্পাদনা কৰক