ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম বা এনআইডি যোৰহাট অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ডিজাইন প্ৰতিষ্ঠান।[1] ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।[2][3] ২০১৮ চনত ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰে। ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ বাণিজ্য আৰু উদ্যোগমন্ত্ৰী সুৰেশ প্ৰভুয়ে আনুষ্ঠানিকভাবে ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট ভিডিঅ' টেলিকাষ্টৰ সহায়ত উদ্বোধন কৰে। প্ৰতিষ্ঠানখনে ২০১৯-২০ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম আগবঢ়ায়।[4]
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম | |
---|---|
প্ৰতিষ্ঠানখনৰ চৌহদ | |
স্থাপিত | ২২ ফেব্ৰুৱাৰী ২০১৯ |
ধৰণ | স্বতন্ত্ৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান |
সঞ্চালক | ভি এছ ৰবিশংকৰ |
স্নাতক শিক্ষাৰ্থী | ৬০ |
স্থান | টোকলাই, যোৰহাট, অসম, ভাৰত |
চৌহদ | গাঁৱলীয়া |
ৱেবছাইট | www |
চৌহদ
সম্পাদনা কৰকপ্ৰতিষ্ঠানখনৰ মূল চৌহদ যোৰহাট জিলাৰ টোকলাইত অৱস্থিত। ইয়াৰ কাষেৰে টোকলাই নদী বৈ গৈছে। ই ৰৰৈয়া বিমানবন্দৰৰ পৰা প্ৰায় ৮ কিঃমিঃ আৰু যোৰহাট ৰে'ল ষ্টেচন ২.৫ কিঃমিঃ নিলগত অৱস্থিত।
শিক্ষা
সম্পাদনা কৰকপ্ৰতিষ্ঠানখনে টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া ডিজাইনৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। পূৰ্বতে ই গ্ৰেজুৱেট ডিপ্লমা প্ৰগ্ৰেম ইন ডিজাইন নামৰ টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম বঢ়াইছিল। প্ৰতিটো বিভাগৰ ২০ খনকৈ মুঠ আসনৰ সংখ্যা ৬০ খন।[5] নামভৰ্তিৰ ভাবে ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানে আয়োজন কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।
তথ্য উৎস
সম্পাদনা কৰক- ↑ Sushanta Talukdar (2011-02-19). "Centre committed to development of Assam, northeast: Manmohan". The Hindu. http://www.thehindu.com/news/national/article1471990.ece। আহৰণ কৰা হৈছে: 2015-03-03.
- ↑ "Print Release". Pib.nic.in. 2014-02-28. http://pib.nic.in/newsite/PrintRelease.aspx?relid=104386। আহৰণ কৰা হৈছে: 2015-03-03.
- ↑ Navadha Pandey (2013-11-26). "‘Design is not a cost to company, it’s an investment’ | Business Line". Thehindubusinessline.com. http://www.thehindubusinessline.com/industry-and-economy/education/design-is-not-a-cost-to-company-its-an-investment/article5393900.ece। আহৰণ কৰা হৈছে: 2015-03-03.
- ↑ https://nenow.in/north-east-news/assam-nid-inaugurated-in-jorhat.html/amp
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-02-25. https://web.archive.org/web/20190225103219/https://m.businesstoday.in/story/suresh-prabhu-dedicates-projects-worth-rs-1000-crore-to-nation/1/321480.html। আহৰণ কৰা হৈছে: 2019-02-25.