ৰাসায়নিক যৌগ (ইংৰাজী: Chemical compound) হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।

2006-02-13 Drop-impact.jpgWater-3D-balls.png
এটা যৌগৰ উদাহৰণ বিশুদ্ধ পানী (HO): গোলক-আৰু-লাঠী আৰ্হিত হাইড্ৰ'জেন (বগা) আৰু অক্সিজেন (ৰঙা) মৌলৰ বান্ধোন প্ৰদৰ্শন কৰা হৈছে।

নিৰ্দিষ্ট যোগৰ ৰাসায়নিক সংকেতৰ দ্বাৰা যৌগটো গঠন হোৱা মৌলসমূহৰ অনুপাত, মৌলসমূহৰ চমুনাম, আৰু মৌলসমূহৰ সংখ্যা প্ৰকাশ কৰা হয়। উদাহৰণ স্বৰূপে, পানী এবিধ যৌগ আৰু ইয়াৰ গঠন হ'বলৈ দুটা হাইড্ৰ'জেনৰ মৌল আৰু এটা অক্সিজেনৰ মৌল লাগে: ইয়াৰ ৰাসায়নিক সংকেত হৈছে HO। দুটা ভিন্ন যৌগ লগলাগি এটা বা একাধিক অন্য যৌগৰ সৃষ্টি হ'ব পাৰে, এই পৰিঘটনাক ৰাসায়নিক বিক্ৰিয়া বোলে। এই পক্ৰিয়াত যৌগৰ মৌলসমূহৰ মাজৰ বান্ধনি ভাগি যায় আৰু মৌলসমূহ পুনৰ নতুনকৈ বান্ধনিৰ দ্বাৰা লগ লাগি নতুন যৌগ গঠন কৰে। সাংকেতিকভাৱে এই প্ৰক্ৰিয়াক AB + CD --> AC + BD হিচাপে বৰ্ণনা কৰিব পাৰি, য'ত A, B, C, আৰু D প্ৰতিটো একক পৰমানু; আৰু AB, CD, AC, আৰু BD প্ৰতিটোৱে হৈছে একক যৌগ। একাধিক একেধৰনৰ মৌল লগলাগিলে তাক যৌগ বুলি কোৱা নহয়, মৌল বুলিয়েই কোৱা হয়, যেনে হাইড্ৰ'জেনৰ দ্বিপৰমানুবিশিষ্ট মৌল (H) আৰু ছালফাৰৰ বহু পৰমানুবিশিষ্ট মৌল (S)।