ৰীয়া বা ৰেইয়া (ইংৰাজী: Rhea) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ ভূমিদেৱী গেইয়া আৰু আকাশৰ দেৱতা ইউৰেনাচৰ জীয়ৰী। তেওঁ ক্ৰ'নচৰ ভগ্নী তথা সহধৰ্মিণী। পৌৰাণিক কালত ৰীয়া 'দেৱতাৰ জননী' নামেৰে পৰিচিত আছিল আৰু সেয়ে দুই দেৱমাতৃ গেইয়া আৰু চিবিলৰ সৈতে তেওঁৰ নিকট সম্পৰ্ক আছিল। ধ্ৰুপদী যুগৰ গ্ৰীকসকলৰ মাজত ৰীয়া দ্বাদশ অলিম্পিয়ানৰ মাতৃ হিচাপে জনাজাত। ৰোমানসকলে ৰীয়াক মেগনা মেটাৰ আৰু দেৱী অ'পচৰ সৈতে চিহ্নিত কৰে।

ৰীয়া
টাইটানসকল-ৰ সদস্য

ক্ৰ'নচক ৰীয়াই নৱজাতক জ্যুচ বুলি চল কৰি কাপোৰেৰে মেৰিওৱা শিল দিছে
প্ৰাণী সিংহ
প্ৰতীক ৰথ, খঞ্জৰী, মুকুট, ভেঁ‌ড়াৰ শিঙৰ পাত্ৰবিশেষ
সঙ্গী ক্ৰ'নচ
সন্তান প'জাইডন, হেডিচ, ডিমিটাৰ, হেষ্টিয়া, হীৰা, জ্যুচ
ৰোমান সমাৰ্থক অ'পচ

নামৰ উৎপত্তি সম্পাদনা কৰক

কিছুসংখ্যক পণ্ডিতৰ মতে ৰীয়া নামটো গ্ৰীক শব্দ 'এৰা'ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ ভূমি বা পৃথিৱী।[1] আধুনিক পণ্ডিতসকলেও এই কথাটোকে সমৰ্থন আগবঢ়ায়।[2][3] অৱশ্যে কোনো কোনো বিদ্বানৰ মতে ৰীয়া নামটো এক প্ৰাক-গ্ৰীক বা মিন'আন ভাষাৰ পৰাও উদ্ভৱ হ'ব পাৰে।[4][5][6]

আখ্যান সম্পাদনা কৰক

ইউৰেনাচক ক্ষমতাচ্যুত কৰাৰ পিছত গেইয়া আৰু ইউৰেনাচে ক্ৰ'নচক কয় যে যিদৰে তেওঁ নিজ পিতৃক ক্ষমতাৰ পৰা অপসাৰণ কৰিলে সেই একেদৰে ক্ৰ'নচৰ নিজৰ সন্তানেও তেওঁক সিংহাসনচ্যুত কৰিব। এই ভৱিষ্যৎবাণী শুনি ক্ৰ'নচে প্ৰতিটো সন্তানৰ জন্মৰ পিছত সন্তানটি উদৰস্থ কৰিবলৈ লয়। জ্যুচৰ জন্মৰ সময়ত ৰীয়াই ক্ৰীট দ্বীপৰ এটা গুহালৈ যায় আৰু তাতেই সন্তান প্ৰসৱ কৰে। ইয়াৰ পিছতেই তেওঁ ক্ৰ'নচক নৱজাতক বুলি কাপোৰেৰে মেৰিয়াই এটা শিল প্ৰদান কৰে আৰু ক্ৰ'নচে সেয়া তাৎক্ষণিকভাৱে গিলি পেলায়। ৰীয়াই ইডা পৰ্বতত জ্যুচক পিতৃৰ চকুৰ পৰা আঁ‌তৰাই ৰাখিছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hopkinson, p.  176, noting: "For a full collection of evidence see O. Gruppe, Griechische Mythologie und Religionsgeschichte (Munich 1906), 1524 n.  2.".
  2. Ιωάννης, Σταματάκος (2012). Dictionary of the Ancient Greek Language. Εκδόσεις Δεδεμάδη. পৃষ্ঠা. 874. ISBN 9789609876292. "῾Ρέᾱ = Γη, από το ἔρα με μετάθεση των φθόγγων." 
  3. Robert Graves. The Greek Myths, section  7.
  4. "Rhea – Greek goddess". Encyclopædia Britannica. 
  5. Nilsson, Martin Persson (1 January 1950). The Minoan-Mycenaean Religion and its Survival in Greek Religion. Biblo & Tannen Publishers. ISBN 9780819602732. https://books.google.com/books?id=-OwRuSQQYi0C&q=rhea+pre-greek&pg=PA536. 
  6. Sidwell, R.T. (1981). "Rhea was abroad: Pre-Hellenic Greek myths for post-Hellenic children". Children's Literature in Education খণ্ড 12 (4): 171–176. doi:10.1007/BF01142761.