ৰূপালীম

জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত নাটক


ৰূপালীম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই ৰোমাণ্টিক বিয়োগান্তক নাটখন জ্যোতিপ্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ শিল্প বুলি অভিহিত কৰা হয়।

ৰূপালীম
লিখক জ্যোতিপ্ৰসাদ আগৰৱালা
চৰিত্ৰসমূহ
  • ৰূপালীম
  • মণিমুগ্ধ
  • ইতিভেন
  • মায়াব'
  • জুনাফা
  • ৰেণথিয়াংং
মূল ভাষা অসমীয়া
বিষয় ৰোমাণ্টিক ট্ৰেজেডি

ৰূপালীম নাটৰ পৰিঘটনা সংঘটিত হৈছে দুই কাল্পনিক ৰাজ্য ৰূকমী আৰু প্ৰান্তৰ ভূমিখণ্ডত। ৰূপালীম ৰূকমী ৰাজ্যৰ অতীৱ সুন্দৰী যুৱতী আৰু চফল ডেকা মায়াব' তেওঁৰ পাণিপ্ৰাৰ্থী। এক বাঘ চিকাৰক লৈ হোৱা সংঘাতৰ ফলস্বৰূপে প্ৰান্ত দেশৰ ৰজা মণিমুগ্ধই ৰূপালীমক দেখা পাই আৰু বলপূৰ্বক অপহৰণ কৰি লৈ যায়। ইপিনে মণিমুগ্ধৰ পৰাক্ৰমত ত্ৰস্তমান ৰূকমী ৰাজ্যৰ ৰজাই এই বিষয়ে অৱগত হৈও একো পদক্ষেপ নোলোৱাত তেওঁৰ ভনী তথা মণিমুগ্ধৰ বাকদত্তা ইতিভেনে শাসনৰ জৰী নিজৰ হাতত লৈ মণিমুগ্ধৰ ৰাজ্য আক্ৰমণ কৰে। মণিমুগ্ধৰ সেনাপতি ৰেণথিয়াঙে সকলোকে পৰাস্ত কৰে আৰু ৰূকমী দেশৰ বহু ঘৰ-দুৱাৰ জ্বলাই দিবলৈ সেনা পঠিয়াই। মণিমুগ্ধই ৰূপালীমক তাইৰ দেহা আত্মসমৰ্পণ কৰিলে মায়াব' আৰু জুনাফাক মুকলি কৰি দিম বুলি চৰ্ত ৰাখে আৰু ৰূপালীম মান্তি হয়। সেইমতে সকলোকে মুকলি কৰি দিয়া হয় আৰু ৰূপালীম মণিমুগ্ধৰ ওচৰলৈ যায়। কিন্তু ৰূপালীমৰ সততাত মুগ্ধ হৈ মণিমুগ্ধই তাইৰ দেহ স্পৰ্শ নকৰে। ৰূপালীম ৰূকমী ৰাজ্যলৈ ঘূৰি যোৱাৰ পিছত সকলোৱে তাইক অসতী বুলি ঘৃণা কৰে আৰু ৰাজকুঁৱৰী ইতিভেনে ঈৰ্ষাপৰায়ণ হৈ ৰূপালীমক হত্যা কৰি জ্বলাই দিয়ে।

চৰিত্ৰসমূহ

সম্পাদনা কৰক
  • মণিমুগ্ধ : প্ৰান্ত দেশৰ অধিপতি
  • ৰেণথিয়াং : মণিমুগ্ধৰ সেনাপতি
  • ৰূকমীৰাজ : ৰূকমী ফৈদৰ ৰজা
  • মায়াব’ : এজন বলিষ্ঠ ৰূকমী ডেকা
  • ৰিমু : আন এজন ৰূকমী ডেকা
  • জুনাফা : এজন ৰূকমী বুঢ়া
  • ইতিভেন : ৰূকমীৰাজৰ ভনীয়েক
  • ৰূপালীম : ৰূপহী ৰূকমী গাভৰু, জুনাফাৰ জীয়েক
  • লিগিৰী, নাচনী, ৰূকমী গাভৰু, প্ৰজা, সৈন্য-সামন্ত, বিষয়া-ডাঙৰীয়া আদি।

চৰিত্ৰবিন্যাস

সম্পাদনা কৰক

ৰূপালীম চৰিত্ৰটিৰ ওপৰত নাট্যকাৰে পৰ্বতীয়া সৰলতা আৰোপ কৰিছে। প্ৰেমিকৰ প্ৰতি প্ৰেম প্ৰকাশত তাইৰ এক পাৰ্বত্য স্বাভাৱিকতা আছে। ৰূপালীম কেতিয়াও নিজৰ ৰূপক লৈ গৌৰৱান্বিত নহয়। কেতিয়াও তাই মণিমুগ্ধক নিজৰ কোনো দুৰ্বল দিশ দেখুওৱা নাই। নিজৰ সন্মান ৰক্ষাৰ বাবে তাই শেষলৈকে যুঁজিছে। শেষত যদিও তাই আত্মসমৰ্পণ কৰিছে, তাই মণিমুগ্ধৰ সৈতে বিনিময় কৰিছে নিজ মাতৃভূমিৰ ভৱিষ্যত তথা ৰাজ্যবাসী আৰু পিতৃ তথা প্ৰেমিকৰ জীৱন। ৰূপালীমে সহজ মহত্ত্বৰে চৰম মূল্য দিও ব্যক্তিগত প্ৰেমৰ সংকীৰ্ণতা অতিক্ৰম কৰিছে। ৰূপালীমৰ এই পদক্ষেপ অতি সাহসী আৰু আত্মত্যাগী। কিন্তু নিজ ৰাজ্যবাসী, নিজ পিতৃয়েই ৰূপালীমক প্ৰত্যাখ্যান কৰিছে।

ইতিভেনৰ চৰিত্ৰটি বহুত জটিল। তাই কৌশলী, ঈৰ্ষাপৰায়ণ আৰু প্ৰতিশোধপৰায়ণ। ইতিভেনে বহু সমযত ৰূপালীমৰ পৰা নায়িকাৰ পদ কাঢ়ি নিব খোজে। মণিমুগ্ধই যি জুইৰে ৰূকমী ৰাজ্য পুৰি ছাৰখাৰ কৰিলে দৰাচলতে সেয়া ইতিভেনৰ ইৰ্ষাৰ জুই। প্ৰথমাৱস্থাত ইতিভেনৰ প্ৰেম সৰল আছিল। কিন্তু ৰজাৰ বাকদত্তা ইতিভেনে ৰূপালীমৰ দৰ সাধাৰণ ছোৱালী এজনীৰ ওচৰত নিজৰ পৰাজয স্বীকাৰ কৰিব নোৱাৰিলে। কিছু ক্ষেত্ৰত তেওঁক লেডী মেকবেথৰ লগত ৰিজাব পাৰি কাৰণ লেডী মেকবেথেও স্বামীয়ে জগাই তোলা উচ্চাকাংখ্যা পূৰণ কৰিবলৈ উগ্ৰমূৰ্ত্তি ধাৰণ কৰিছিল। অৱশ্যে ইতিভেনৰ ক্ষেত্ৰত এই কুটিল ৰূপৰ কাৰণ আছিল তাইৰ আহত আত্মসন্মান।

মণিমুগ্ধ

সম্পাদনা কৰক

মণিমুগ্ধৰ দৰে চৰিত্ৰ সেই সময়ৰ সাহিত্যত নতুন। চৰিত্ৰ সৃষ্টি হিচাপে ই অনন্য সাধাৰণ। নাটখনৰ সামন্তযুগীয় পৰিৱেশত মণিমুগ্ধৰ দৰে নিষ্ঠুৰ নৃপতি ব্যতিক্ৰম নহয়। মণিমুগ্ধক ৰোম সম্ৰাট নিৰোৰ লগত তুলনা কৰা হৈছে কাৰণ তেওঁ চুবুৰীয়া ৰাজ্য জলাই ছাৰখৰ কৰি নিজে ফটিকাৰ ৰাগিত ৰূপালীমৰ ওচৰত প্ৰেম নিবেদন কৰি আছিল। ৰূপালীমৰ ৰূপত আসক্ত বুলিলেও মণিমুগ্ধই ইতিভেনক ভাল পাঁও বুলি কৈছে। তেওঁৰ এই চৰিত্ৰও কোনো অচিনাকি অভ্যাস নহয়। কিন্তু মণিমুগ্ধই ৰূপালীমক অপহৰণ কৰি আনি শৰীৰ স্পৰ্শ কৰা নাই। মনিমুগ্ধৰ চৰিত্ৰৰ এই দিশৰ মাজেৰে তেওঁৰ আত্মিক অনুভূতি আৰু মানসিক সৌন্দৰ্যৰ চিনাকি দি নাট্যকাৰে তেওঁক সাধাৰণ চৰিত্ৰৰ উৰ্ধত ৰাখিলে। মণিমুগ্ধই কৈছে যে ৰূপালীমক অপহৰণ কৰাৰ সময়ত তেওঁ এটা বিচা আছিল আৰু ৰূপালীমৰ প্ৰেমত পৰি তেওঁ এটা পখিলা হৈছে। পিছলৈ মণিমুগ্ধই তেওঁৰ কামুক, অত্যাচাৰী ব্যক্তি হৈ থকা নাই। ৰূপালীমক সসন্মানে মুকলি কৰি দি মণিমুগ্ধই যি অনুভূতি প্ৰৱণতা দেখাইছে সেয়া সমকালীন সাহিত্যত এক নতুন পদক্ষেপ।[1]

ৰূপলীম এখনি ৰূপকধৰ্মী নাট। প্ৰথম অংকৰ আৰম্ভণিৰ পৰাই ৰূপালীম এটো ৰোমাণ্টিক কাহিনী। প্ৰথম দৃশ্যত ৰূপালীম আৰু মায়াব'ৰ অন্তৰংগতাই নাটখনৰ পথ সুনিৰ্দিষ্ট কৰি থৈছে। আকৌ পিতৃৰ বাধা সত্ত্বেও ৰূপালীমে মায়ব'ক আপোন কৰিব বিচাৰিছে যাৰ দ্বাৰা নাট্যকাৰে বুজাব খুজিছে যে সামাজিক অনুষ্ঠান আৰু অনুশাসনে বান্ধি ৰাখিলেও প্ৰেমৰ সীমনা নাই। কিন্তু সৌন্দৰ্য আৰু প্ৰেমৰ এই উদাৰতাৰ বিপৰীতে বলী আৰু অত্যাচাৰীৰ আগ্ৰাসী অভিযানৰ কথাও ৰূপালীমত আছে। কেৱল ভোগৰ বাবে সৌন্দৰ্যৰ অন্বেষনত থকা নিৰ্মম হৃদয়ৰ কথাও ৰূপালীমত নাট্যকাৰে কৈছে। কিন্তু ৰূপালীম অকল প্ৰেম-বিৰহ-হিংসাৰ নাটক নহয়। সেই সময়ৰ সাম্ৰাজ্যবাদী উপদ্ৰৱ,অন্যায়-অবিচাৰ সম্পৰ্কে জ্যোতিপ্ৰসাদে যি চেতনা অৰ্জন কৰিছিল সিয়ে নাটকৰ কাহিনীৰ ওপৰত ৰেখাপাত কৰিছে। ৰূপালীমৰ আত্মত্যাগে মণিমুগ্ধৰ লালসাক জয় কৰি তেওঁক মহত্ত্বৰ স্তৰলৈ উন্নীত কৰিছে। গান্ধীজীয়ে নাট্যকাৰৰ মনোজগত দখল কৰি থকাৰ ইয়ে প্ৰমাণ কঢ়িয়াইছে। মণিমুগ্ধৰ ৰূপান্তৰে নাটখনিৰ বাবে সঁচাৰকাঠি স্বৰূপ। ৰূপালীম নাটত বেলজিয়ামৰ নাট্যকাৰ মৌৰিচ মেটাৰ্লিংকৰ নাট মন্নভেন্না প্ৰভাৱ পৰা বুলি নাট্যকাৰে পাতনিত উল্লেখ কৰিছে।[2] কিন্তু মন্নাভেন্না এখন স্থৈতিক নাট। তাৰ নাটকীয় গতিশীলতা কম। আনহাতে ৰূপালীম অতি নাটকীয় ক্ৰিয়াৰে পূৰ্ণ আৰু খৰ গতিৰ। নাট্যকাৰে এই ৰোমাণ্টিক ট্ৰেজেডিখন স্বকীয় বৈশিষ্ট্যৰে এক মৌলিক সৃষ্টি কৰি তুলিব পাৰিছে।[3]

কথাচিত্ৰৰ ভাষাত জ্যোতিপ্ৰসাদৰ নাটকত গীতৰ ব্যৱহাৰক মণ্টাজ(Montage)ৰ লগত তুলনা কৰিব পাৰি। শ্বেইকছপীয়েৰৰ নাটৰ গীতৰ দৰেই ই গভীৰ আৰু ব্যঞ্জনাময়।[4] নাটকৰ প্ৰথম দৃশ্যতেই ৰূপালীম আৰু মায়াব'ই প্ৰেমালাপত নিমগ্ন হোৱাৰ আগত আৰম্ভণি গীত বাজিছে-

জিৰ ⁴ নিজৰি জিৰ ⁴ নিজৰি জিৰ ⁴ নিজৰি অ'
টুলবুল টুলবুল
কৈ
হালধীয়া
সৰাপাতৰ
নাও...
খনি
গৈ
গৈ
গৈ

এই গীতে সমাজৰ বাধা নামানি প্ৰবাহমান গতিত বৈ থকা প্ৰেমৰ নৈ খনৰ কথা কৈছে। ঠিক তেনেদৰে মণিমুগ্ধৰ হৃদয় পৰিৱৰ্তন হোৱাৰ সময়ত নাট্যকাৰে কোনো দীঘল,নাটকীয় সংলাপ দিয়া নাই। বৰং গীত বাজিছে-

জয় আলোকময়
অনাদি-অনন্তপ্ৰসাৰী
বিশ্বজীৱন জ্যোতি।
জয় জয় সুন্দৰ
সত্য সনাতন
চিৰ প্ৰশান্ত বিশ্বপতি।

অন্য কোনো সংলাপ বা স্বগতোক্তিতকৈ এই গীতে অধিক কথা বহন কৰিছে।
নাটকখনৰ গীত সমূহ হ'ল-

  • জিৰ জিৰ জিৰ জিৰ নিজৰি
  • জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই !
  • অ’ সখি আজি যৌৱন বন জুৰি
  • জয় আলোকময়

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. যোগেশ দাস (২০০৪). হীৰেণ গোহাই, লক্ষ্মীনাথ তামুলী. ed. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪১৬. 
  2. জ্যোতিপ্ৰসাদ আগৰৱালা. "ৰূপালীম". পাতনি. https://as.wikisource.org/wiki/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A6%AE/%E0%A6%9A%E0%A6%A4%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%A5_%E0%A6%85%E0%A6%99%E0%A7%8D%E0%A6%95। আহৰণ কৰা হৈছে: 16 April 2020. 
  3. ড॰ পোণা মহন্ত (২০০৪). হীৰেণ গোহাই, লক্ষ্মীনাথ তামুলী. ed. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. 
  4. লক্ষ্মীনাথ তামুলী (২০০৪). হীৰেণ গোহাই, লক্ষ্মীনাথ তামুলী. ed. জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক