আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (ইংৰাজী: Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়।[4] ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে। তেখেতে তিনিটা ভিন্ন শিতানত ৰাষ্ট্ৰীয় ছবি বঁটা লাভ কৰিছে, আনহাতে নবাৰকৈ দাক্ষিণাত্য ফিল্মফেয়াৰ বঁটাৰে সন্মানীত হৈছে।[5]

ৰেৱতী

ৰেৱতী
জন্ম আশা কেলুন্নী
৮ জুলাই, ১৯৬৬ (৫৭ বছৰ)
কোচী, কেৰালা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • চলচ্চিত্ৰ পৰিচালক
  • সমাজ কৰ্মী
সক্ৰিয় হৈ থকা সময় ১৯৮০ – বৰ্তমান
দাম্পত্যসঙ্গী সুৰেশ চন্দ্ৰ মেনন (বি. ১৯৮৬; বিবি. ২০১৩)[1][2]
সন্তান
আত্মীয়-স্বজন গীতা বিজয়ন (ভাগিন)
নিৰঞ্জনা অনুপ (ভতিজী) [3]
বঁটা, সন্মান, পুৰস্কাৰ আদি

৮০ আৰু ৯০ৰ দশকত তামিল, তেলুগু আৰু মালয়ালম ভাষাত ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা ৰেৱতী হৈছে একমাত্ৰ ভাৰতীয় অভিনেত্ৰী। তাৰে ভিতৰত তিনিবাৰকৈ ক্ৰমাগতভাৱে লাভ কৰা তামিল ভাষাৰ বঁটাটোও সন্নিৱিষ্ট। ছবিত অভিনয় কৰাৰ উপৰি, ৰেৱতীয়ে কিছুমান সামাজিক সংগঠনৰ লগত জড়িত হৈ সমাজহিতৈষী কৰ্মও সম্পাদন কৰিছে। তাৰে ভিতৰত 'Banyan', 'Ability foundation', 'Tanker foundation' আৰু 'Vidyasagar' হৈছে অন্যতম। ৰেৱতীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ দৰে সন্মানীয় ছবি মহোৎসৱতো সদস্য হিচাপে কৰ্মনিৰ্বাহ কৰিছে।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ভাৰতৰ কোচীত ৰেৱতীয়ে জন্মগ্ৰহণ কৰিছিল। পিতৃ মালাংক কেলুন্নী আছিল ভাৰতীয় সেনাবাহিনীৰ মেজৰ। আনহাতে মাতৃ আছিল ললিতা কেল্লুনী।[6]

বিদ্যালয়ত পঢ়ি থকাৰ কালতেই ৰেৱতীয়ে এটা ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ দলটোৰ এখন দলীয় ফটো লোৱা হৈছিল আৰু সেইখন ফটোকে এখন জনপ্ৰিয় তামিল আলোচনীৰ প্ৰচ্ছদ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এইখন ছবি পৰিচালক ভাৰতীৰাজাই প্ৰত্যক্ষ কৰে। ভাৰতীৰাজা সেইসময়ত তেখেতৰ পৰৱৰ্তী ছবিৰ বাবে এগৰাকী নায়িকাৰ সন্ধানত আছিল। ছবিখনৰ নাম আছিল 'মন বাসনায়'। এইখন ছবিয়েই ৰেৱতীৰ জীৱনৰ প্ৰথমখন ছবি হৈ পৰে।[7]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৮৩ চনত মুক্তিলাভ কৰা তামিল ভাষাৰ ছবি 'মন বাসনায়' হৈছে ৰেৱতীৰ জীৱনৰ প্ৰথমখন ছবি।[8] ছবিখনৰ বাবে তেখেতে 'ফিল্মফেয়াৰ বিশেষ বঁটা-দাক্ষিণাত্য' লাভ কৰে।[9] একেটা বৰ্ষতে ৰেৱতীয়ে মালয়ালম ছবি 'কাট্টাহে কিলিকুড়ু'ত অভিষেক ঘটায়।[10][11]

১৯৮৪ চনত মুক্তি লাভ কৰে ৰেৱতীয়ে অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি 'সীতাম্মা পেল্লী'। ছবিখনৰ পৰিচালক আছিল বাপু।[12][13] একেটা বৰ্ষতে মুক্তিলাভ কৰা আনখন ছবি 'মানসা বীনা' মালয়ালম ভাষালৈও ডাবিং কৰা হয়। নাম ৰখা হয় 'Thennal Thedunna Poovu'।[14][15][16]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৮৬ চনত ৰেৱতীয়ে চিনেমেটোগ্ৰাফাৰ আৰু পৰিচালক সুৰেশ চন্দ্ৰ মেননৰ লগত বিয়াত বহে। ২০১৩ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।[17][18] শেহতীয়াকৈ ২০১৮ চনত ৰেৱতীয়ে ব্যক্ত কৰিছে যে, তেখেতৰ পাঁচ বছৰীয়া এগৰাকী কন্যা সন্তান আছে; যাক তেখেতে ইন-ভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে লাভ কৰিছে।[19]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

ৰেৱতীয়ে ১৯৯২, ২০০১ আৰু ২০১১ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে। তাৰে ভিতৰত 'থেবাৰ মগন' নামৰ ছবিখনৰ বাবে লাভ কৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটাটো উল্লেখযোগ্য।[20]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Court grants divorce to actor Revathi". The Times of India. 23 April 2013. http://timesofindia.indiatimes.com/city/chennai/Court-grants-divorce-to-actor-Revathi/articleshow/19687425.cms। আহৰণ কৰা হৈছে: 6 September 2015. 
  2. "Revathy, Suresh Chandra Menon granted divorce – Oneindia Entertainment". Archived from the original on 2013-12-24. https://web.archive.org/web/20131224120310/http://entertainment.oneindia.in/malayalam/news/2013/revathi-suresh-chandra-menon-granted-divorce-108272.html। আহৰণ কৰা হৈছে: 2021-02-23. 
  3. "Films, a family affair!". Deccan Chronicle. 29 April 2017. https://www.deccanchronicle.com/entertainment/mollywood/290417/films-a-family-affair.html. 
  4. "49th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/49th_nff_2002.pdf। আহৰণ কৰা হৈছে: 14 March 2012. 
  5. "40th National Film Awards – 1993". Directorate of Film Festivals – 1993. http://dff.nic.in/2011/40th_nff_1993.pdf। আহৰণ কৰা হৈছে: 5 July 2013. 
  6. ""அப்போ நிதானம் காட்டியிருந்தா, என் சினிமா ட்ராக்கே மாறியிருக்கும்!" - ரேவதி ஷேரிங்ஸ்". Vikatan. https://cinema.vikatan.com/tamil-cinema/revathi-talks-about-her-cinema-career-and-turning-points-in-that. 
  7. https://www.filmibeat.com/celebs/revathi/biography.html
  8. Ramesh, Neeraja (16 August 2019). "Make way for women of substance on screen" (en-US ভাষাত). The Times of India. https://timesofindia.indiatimes.com/blogs/tracking-indian-communities/make-way-for-women-of-substance-on-screen/। আহৰণ কৰা হৈছে: 19 October 2019. 
  9. "Demure-daring-actor-revathy-s-multi-faceted-film-career". The News minute. https://www.thenewsminute.com/article/demure-daring-actor-revathy-s-multi-faceted-film-career-74371. 
  10. Aravind, C. V. (20 February 2017). "Nedumudi Venu: Malayalam cinema's man for all seasons". The News Minute. https://www.thenewsminute.com/article/nedumudi-venu-malayalam-cinemas-man-all-seasons-57525. 
  11. Kurup, Aradhya (17 November 2019). "'Kattathe Kilikkoode': Bharathan's film is a commentary on the yin and yang of marriage". The News Minute. https://www.thenewsminute.com/article/kattathe-kilikkoodu-bharathan-s-film-commentary-yin-and-yang-marriage-112467. 
  12. Saravanan, T. (9 January 2011). "Always in reckoning". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/Always-in-reckoning/article15512011.ece. 
  13. Shekar, Anjana (8 January 2018). "From demure to daring, actor Revathy's multi-faceted film career". The News Minute. https://www.thenewsminute.com/article/demure-daring-actor-revathy-s-multi-faceted-film-career-74371. 
  14. "Thennal Thedunna Poovu". www.malayalachalachithram.com. http://www.malayalachalachithram.com/movie.php?i=1620। আহৰণ কৰা হৈছে: 2014-10-20. 
  15. "Thennal Thedunna Poovu". malayalasangeetham.info. http://malayalasangeetham.info/m.php?3115। আহৰণ কৰা হৈছে: 2014-10-20. 
  16. "Theennal Thedunna Poovu". spicyonion.com. http://spicyonion.com/title/theennal-thedunna-poovu-malayalam-movie/। আহৰণ কৰা হৈছে: 2014-10-20. 
  17. Actress Revathi Divorced – Find what you like – tikkview
  18. Deccan Chronicle http://www.deccanchronicle.com/130423/entertainment-mollywood/article/revathi-suresh-granted-divorce Archived 2013-05-27 at the Wayback Machine
  19. "சோதனை குழாய் மூலம் குழந்தை பெற்றேன்.. மனம் திறந்த நடிகை ரேவதி..!". Puthiya Thalaimurai. http://www.puthiyathalaimurai.com/news/cinema/51259-actress-revathi-open-talks-about-her-daughter.html. 
  20. Waheed, Sajahan (27 October 1999). "Leading actress in motivational talk". New Straits Times: পৃষ্ঠা 23. https://news.google.com/newspapers?id=UnBhAAAAIBAJ&sjid=dxQEAAAAIBAJ&pg=6985%2C6266970.