পদুমী গাজলু

পদুমী গাজলু হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। তেখেত চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী। শিক্ষকতাৰ লগতে সাহিত্য-চৰ্চাতো সমপৰিমাণে মনোনিৱেশ কৰা পদুমী গাজুলুৱে 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদিৰ দৰে প্ৰবন্ধ-সংকলন লিখি উলিওৱাৰ লগতে 'কাঁশীফুল', 'নৱোদয়'ৰ দৰে একুৰিমান গ্ৰন্থৰ সম্পাদনা কৰিছে। অসমৰ বিভিন্ন কাকত-আলোচনীত তেখেতৰ দ্বাৰা লিখিত প্ৰায় শতাধিক প্ৰবন্ধ প্ৰকাশিত হৈছে। অসমৰ ভাষা-সাহিত্য আৰু বিশেষকৈ চাহ-জনগোষ্ঠীক নিজৰ অৱদানেৰে সমৃদ্ধ কৰাৰ বাবে গাজলুক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি দিয়াৰ লগতে এপিপিএল টাটা আইকন বঁটাৰ দৰে একাধিক বঁটা-সন্মানেৰে সন্মানীত কৰা হৈছে। পদুমী গাজলু হৈছে চাহ-জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ।

(ইয়াত বিতংকৈ পঢ়ক)