পাটবাউসী সত্ৰৰ মূল কীৰ্তনঘৰ

পাটবাউসী সত্ৰ (ইংৰাজী: Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ৷ ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল৷

পাটবাউসী নাম প্ৰচলন হোৱাৰ আগতে এই ঠাইখণ্ডক বৰলচোং বা বৰলজাৰ বুলিছিল৷ ই আছিল বাউসী পৰগণাৰ অন্তৰ্গত৷ এতিয়াৰ পাটবাউসী নামৰ ঠাইখনক ধৰি এই অঞ্চলৰ কেইবাখনো গাঁওক সামৰি “বাউসী বিলায়েৎ’’ বা “বাউসী পৰগণা’’ বুলিছিল৷ অসমত বিলায়েৎ শব্দৰ উৎপত্তি হৈছিল কোচ আৰু আহোম ৰাজত্বকালত৷ কোনো ব্যক্তিৰ অধীনত থকা খাত বা পাম অঞ্চলকেই আহোম আৰু কোচ ৰাজত্বকালত বিলায়েৎ বোলা হৈছিল৷ পৰগণা মানে এক নিৰ্দিষ্ট ভূখণ্ড৷ ভৌগলিক জোখ-মাখৰ এই হিচাপ পোনতে মোগল বিষয়া শ্বেখ ইব্ৰাহিম কাড়োৰীয়ে কৰিছিল৷ শাসনৰ সুবিধাৰ বাবে সমগ্ৰ নামনি অসমক পৰগণা, মহল, তপা আদি ভাগত ভাগ কৰিছিল৷ পিছত আহোমসকলেও মাটিৰ হিচাপ ৰাখিবলৈ এই পদ্ধতিকে ব্যৱহাৰ কৰিছিল৷ আন এক সূত্ৰমতে, বেদ-পুৰাণ আদি শাস্ত্ৰজ্ঞ পণ্ডিতসকলক ব্যাস বোলা হৈছিল৷ এই অঞ্চলত তেনে ব্যাস উপাধিধাৰী বহু ব্ৰাহ্মণৰ বসতি আছিল৷ সেয়ে, পাটবাউসীৰ মাজেৰে বৈ যোৱা ধনুখন্দা জানটোৰ পূবপাৰটোক ব্যাসপাৰা বুলিছিল৷ ধনুখন্দা জানৰ উৎপত্তি সম্পৰ্কেও এটা জনবিশ্বাস প্ৰচলিত৷ শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণৰ বাবে কুণ্ডিললৈ যাত্ৰা কৰোঁতে ৰথৰ বেগত ব্ৰাহ্মণ বেদনিধি মূৰ্ছিত হৈ পৰিছিল৷ তেতিয়া কৃষ্ণই ধনু কাঁড়েৰে আঁচ টানি পানী উলিায়ই বেদনিধিৰ মূৰত দিয়াত সুস্থ হৈছিল৷ ধনুৰে আঁচ দিওঁতে আৰু ধনুৰ আকৃতিৰ বাবে এই জানৰ নাম ধনুখন্দা বুলি জনাজাত৷

ব্যাসপাৰাৰ কাষতে আন এখন গাঁও ব্যাসকুছি আছিল৷ পাটবাউসীৰ অলপ দূৰৈত “শিলা’’ নামে আন এখনি গাঁও সংস্কৃত শিক্ষাৰ কেন্দ্ৰস্থল আছিল৷ ব্যাসপাৰা, ব্যাসকুছি আদি শব্দৰ অপভ্ৰংশৰূপে বাউসী হোৱাৰ থল আছে৷ আহোম শাসন কালত এই অঞ্চলটোক বাউসী পৰগণা বুলিছিল৷ শংকৰদেৱে এই স্থানলৈ আহি সত্ৰ স্থাপন কৰাত অঞ্চলটোৰ ভিতৰতে ই “পাট’’ অৰ্থাৎ শ্ৰেষ্ঠস্থান হিচাপে পৰিগণিত হোৱাত ই “পাটবাউসী’’ নাম পায়৷

(ইয়াত বিতংকৈ পঢ়ক)