পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ (ইংৰাজী: Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
নামৰ উৎপত্তি
সম্পাদনা কৰকপাটবাউসী নাম প্ৰচলন হোৱাৰ আগতে এই ঠাইখণ্ডক বৰলচোং বা বৰলজাৰ বুলিছিল। ই আছিল বাউসী পৰগণাৰ অন্তৰ্গত। এতিয়াৰ পাটবাউসী নামৰ ঠাইখনক ধৰি এই অঞ্চলৰ কেইবাখনো গাঁওক সামৰি “বাউসী বিলায়েৎ’’ বা “বাউসী পৰগণা’’ বুলিছিল। অসমত বিলায়েৎ শব্দৰ উৎপত্তি হৈছিল কোচ আৰু আহোম ৰাজত্বকালত। কোনো ব্যক্তিৰ অধীনত থকা খাত বা পাম অঞ্চলকেই আহোম আৰু কোচ ৰাজত্বকালত বিলায়েৎ বোলা হৈছিল। পৰগণা মানে এক নিৰ্দিষ্ট ভূখণ্ড।[1] ভৌগোলিক জোখ-মাখৰ এই হিচাপ পোনতে মোগল বিষয়া শ্বেখ ইব্ৰাহিম কাড়োৰীয়ে কৰিছিল। শাসনৰ সুবিধাৰ বাবে সমগ্ৰ নামনি অসমক পৰগণা, মহল, তপা আদি ভাগত ভাগ কৰিছিল।[2] পিছত আহোমসকলেও মাটিৰ হিচাপ ৰাখিবলৈ এই পদ্ধতিকে ব্যৱহাৰ কৰিছিল। আন এক সূত্ৰমতে, বেদ-পুৰাণ আদি শাস্ত্ৰজ্ঞ পণ্ডিতসকলক ব্যাস বোলা হৈছিল। এই অঞ্চলত তেনে ব্যাস উপাধিধাৰী বহু ব্ৰাহ্মণৰ বসতি আছিল। সেয়ে, পাটবাউসীৰ মাজেৰে বৈ যোৱা ধনুখন্দা জানটোৰ পূবপাৰটোক ব্যাসপাৰা বুলিছিল।[1]
ধনুখন্দা জানৰ উৎপত্তি সম্পৰ্কেও এটা জনবিশ্বাস প্ৰচলিত। শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণৰ বাবে কুণ্ডিললৈ যাত্ৰা কৰোঁতে ৰথৰ বেগত ব্ৰাহ্মণ বেদনিধি মূৰ্ছিত হৈ পৰিছিল। তেতিয়া কৃষ্ণই ধনু কাঁড়েৰে আঁচ টানি পানী উলিয়াই বেদনিধিৰ মূৰত দিয়াত সুস্থ হৈছিল। ধনুৰে আঁচ দিওঁতে আৰু ধনুৰ আকৃতিৰ বাবে এই জানৰ নাম ধনুখন্দা বুলি জনাজাত। [3]
ব্যাসপাৰাৰ কাষতে আন এখন গাঁও ব্যাসকুছি আছিল। পাটবাউসীৰ অলপ দূৰৈত “শিলা’’ নামে আন এখনি গাঁও সংস্কৃত শিক্ষাৰ কেন্দ্ৰস্থল আছিল। ব্যাসপাৰা, ব্যাসকুছি আদি শব্দৰ অপভ্ৰংশৰূপে বাউসী হোৱাৰ থল আছে। আহোম শাসন কালত এই অঞ্চলটোক বাউসী পৰগণা বুলিছিল। শংকৰদেৱে এই স্থানলৈ আহি সত্ৰ স্থাপন কৰাত অঞ্চলটোৰ ভিতৰতে ই “পাট’’ অৰ্থাৎ শ্ৰেষ্ঠস্থান হিচাপে পৰিগণিত হোৱাত ই “পাটবাউসী’’ নাম পায়।[1][3]
ইতিবৃত্ত
সম্পাদনা কৰকবৰপেটাৰ কুমাৰকুছিত এবছৰকাল থকাৰ সময়ত নানা অসুবিধা পাই আৰু সেই সময়তে শংকৰদেৱৰ নুমলীয়া জী বিষ্ণুপ্ৰিয়াৰ মৃত্যু হোৱাত মনৰ দুখতে তেওঁ সেই স্থান ত্যাগ কৰি আন ঠাইৰ সন্ধান কৰে। বগা দলৈ আৰু দামু সৰদাৰ (দামোদৰ দাস) নামেৰে দুজন ভকতে মাটি দিবলৈ সন্মত হয় আৰু শংকৰদেৱে ভক্তসকলৰ সৈতে আহি ধনুখন্দা জানৰ পশ্চিম দিশে বৰলজাৰ নামে ঠাইত, হাবি-জংগল পৰিষ্কাৰ কৰি বহাঘৰ, নামঘৰ, মণিকূট গৃহ, ভকতৰ বাহা আদি সজাই সত্ৰৰ ৰূপ দিয়ে আৰু তাতেই তেওঁ থাকি নানা শাস্ত্ৰ ৰচনা কৰি ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়।[1][3]
শংকৰদেৱৰ শাস্ত্ৰ ৰচনা
সম্পাদনা কৰকশংকৰদেৱে পাটবাউসীত সত্ৰ পাতি পোন্ধৰ বছৰ আছিল আৰু ইয়াৰ পৰাই ধৰ্মপ্ৰচাৰ কৰিছিল।[3] আন আন সূত্ৰমতে তেওঁ তাত ওঠৰ বছৰ ছমাহ কাল আছিল আৰু ইয়াৰ পৰাই দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল।[1] প্ৰায় ৯০ বছৰ বয়সত দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰি তেওঁ পুনৰ পাটবাউসীলৈকে উভতি আহিছিল। এই যাত্ৰাত তেওঁৰ সংগী হৈছিল, ৰামৰাম গুৰু, মাধবদেৱ, হৰিদেৱ, দামোদৰদেৱ, ৰামৰায় আদি কৰি ছকুৰি সংগী।[4] বৰদোৱাত আৰম্ভ কৰা কীৰ্তন পুথিখন পৰৱৰ্তীকালত অ’ত ত’ত দুটামান খণ্ড লিখিছিল যদিও শংকৰদেৱে পাটবাউসীতহে ইয়াক সমাপ্ত কৰিছিল। অধিকাংশ বৰগীতো পাটবাউসীত থাকোঁতেই ৰচনা কৰিছিল। সংস্কৃতৰ শ্ৰীমৎ ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ অসমীয়া ভাঙনিও পাটবাউসীতে কৰিছিল। কুৰুক্ষেত্ৰ, বলিছলন, অনাদি পাতন পদবন্ধে ৰচনা কৰাৰ উপৰি ভক্তি-ৰত্নাকৰ, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ কাব্য, নিমি-নৱ-সিদ্ধ সংবাদ, ৰাম-মালিকা আৰু আদ্য দশম পুথি ৰচনা কৰে।[4] পাটবাউসীত থাকোঁতেই মাধব কন্দলীৰ ৰামায়ণৰ উত্তৰাকাণ্ড ৰচনা কৰি মাধবদেৱৰ দ্বাৰা আদিকাণ্ড ৰামায়ণ ৰচনা কৰোৱায়। ৰুক্মিণী হৰণ(১৫৬০ চন), পাৰিজাত হৰণ(১৫৬১-৬২ চন), কেলিগোপাল(১৫৪৫ চন) আৰু কালিয় দমন(১৫৪৩ চন)- এই চাৰিখন নাট শংকৰদেৱে পাটবাউসীতে ৰচনা কৰিছিল।[5] তদুপৰি পাটবাউসীত থকাকালতেই তাঁতীকুছিত শ্ৰী গোপাল তাঁতী প্ৰমুখ্যে বাৰজন তাঁতীৰ দ্বাৰা বৃন্দাবন বস্ত্ৰ বোঁৱাইছিল।[6]
সত্ৰৰ সম্পদ
সম্পাদনা কৰকসত্ৰৰ সম্পদ সমূহ | ||||||||||||||||
|
শংকৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰত বিভিন্ন সাঁচিপতীয়া পুথি, ৰজাদিনীয়া পিতলৰ সামগ্ৰী, শংকৰদেৱে ব্যৱহাৰ কৰা কাঠৰ বৰপীৰা, ভাওনাত ব্যৱহাৰ কৰা কাঠৰ বিভিন্ন মুখা, কালিন্দী আইৰ পুনৰ্নিমিত গৃহ, আই গোঁসানীয়ে ব্যৱহাৰ কৰা শোৱা খাট, শংকৰদেৱৰ পদচিহ্ন, তেওঁ গাধোৱা শিলাখণ্ড আদি সংৰক্ষিত কৰি ৰখা হৈছে। অৱশ্যে এই সম্পদবোৰৰ যথোপযুক্ত সংৰক্ষণ হোৱা বুলিও ক’ব নোৱাৰি।[6]
সাঁচিপতীয়া পুথি
সম্পাদনা কৰকশংকৰদেৱে লিখা গুণমালা পুথিৰ ৩২খিলা পাত, ভাগৱতৰ আদি স্কন্ধৰ ৭৯৭ নং শ্লোকৰ পৰা ১১৯৪ নং শ্লোকলৈ মুঠ ২৬খিলা পাত, আদি দশমৰ মুঠ ৯৭খিলা পাত, কীৰ্তনঘোষাৰ আৰম্ভণিৰে পৰা ৭২খিলা পাত, নিমি-নৱসিদ্ধ সংবাদৰ ৫৮নং শ্লোকৰ পৰা ১১৫ নং শ্লোকলৈ ১৬খিলা পাত, শংকৰদেৱে লিখা নাটসমূহৰ বিভিন্ন অংশ, মাধবদেৱ বিৰচিত ভক্তি-ৰত্নাৱলী, দৈত্যাৰী ঠাকুৰ ৰচিত স্যামন্তক হৰণ নাটৰ ৫খিলা পাত পাটবাউসী সত্ৰত সংৰক্ষিত হৈ আছে।[6]নৰনাৰায়ণ ৰজাৰ অনুৰোধত লিখা গুণমালাৰ সাঁচিপতীয়া প্ৰতিলিপি এই সত্ৰতে সংৰক্ষিত হৈ আছে।[6]
ৰজা প্ৰদত্ত সম্পদ
সম্পাদনা কৰক১৭২১/১৭২২ বুলি লিখা আৰু গুৰুজনাৰ থানলৈ বুলি দান কৰাৰ কথা উল্লেখ থকা দুখন পিতলৰ বৰশৰাই, পুৰণি পিতলৰ বৰচৰিয়া, মাজু চৰিয়া, গৰুড় স্কন্ধ পিতলৰ কৃষ্ণমূৰ্তি, পিতলৰ আসন, লোৰ বৰগছা, পিতলৰ দুৱাৰ আৰু লক্ষ্মীসিংহ ৰজাই দান কৰা তামৰ ফলি পাটবাউসী সত্ৰত আছে।[6]
অন্যান্য সেৱাৰ বস্তু
সম্পাদনা কৰকপাটবাউসী সত্ৰত শংকৰদেৱৰ পদচিহ্ন খোদিত কৰা “পদশিলা’’ ভকতসকলৰ বাবে সেৱাৰ বস্তু। শংকৰদেৱে শাস্ত্ৰ ৰচনা কৰোঁতে ব্যৱহাৰ কৰা কৰৈ গছৰ বৰপীৰা ভগ্নপ্ৰায় অৱস্থাত আজিও আছে। শংকৰদেৱে তেলিকদম গছৰ তলত বহি গা ধোৱা শিলাখণ্ড, নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ বাবে দিয়া শয্যা সংম্ভাৰৰ তুলা, কালিন্দী আইৰ শোৱা খাট, সেই সময়ত ভাওনাত ব্যৱহৃত বিভিন্ন মুখা, অৰ্জুন ভঞ্জন নাট ভাওনাত ব্যৱহৃত কাঠৰ উড়ল আদি পাটবাউসী সত্ৰত দেখা যায়।[1]
ভোগঠগী
সম্পাদনা কৰকভোগঠগী পাটবাউসী সত্ৰৰ অতি সন্মানৰ বস্তু। যদিও ইয়াৰ নাম “ভাগঠগী’’ বা “ভাগৰ ঠগী’’ হ’ব লাগে বুলি বহুতে মতপোষণ কৰে, সাধাৰণ লোকৰ মুখত পৰি ই ভোগঠগী বুলি প্ৰচলিত হোৱাত বৰ্তমানেও ই “ভোগঠগী’’ নামেই পৰিচিত।
শংকৰদেৱৰ মৃত্যুৰ পিছত ৰামানন্দ, মাধবদেৱ আৰু আন ভকতসকলে তেওঁৰ শ্ৰাদ্ধত বৰ ডাঙৰকৈ নাম পাতিছিল। সকলো খৰচ ভকতসকলেই আগবঢ়াইছিল। কেইবাখনো শৰাইত মাহ-প্ৰসাদ আগ কৰা হৈছিল। নামৰ শেষত এখন শৰাই বাদ দি বাকী শৰাইৰ প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰি দিয়া হৈছিল। বাকী থকা শৰাইখন মাধবদেৱে শংকৰদেৱৰ শ্ৰাদ্ধত বিশেষভাবে দান-বৰঙণি আগবঢ়োৱা আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ দেহে-কেহে খাটি থকা লোকসকলৰ বাবে ৰাখিছিল আৰু পিছদিনা অনুষ্ঠানৰ সামৰণি হিচাপে নাম আয়োজন কৰি, নতুনকৈ কিছু মাহ-চাউল আৰু উপকৰণ সংযোগ কৰি সেই লোকসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। [1]
এই নিয়ম পৰৱৰ্তীকালতো অক্ষুণ্ণ থাকিল। গুৰুজনাৰ তিথিৰ পিছদিনা এই শৰাইখন ভাঙি দাতা আৰু কৰ্মকৰ্তাসকলক দিয়া হয়। আন কোনোবাই এই ঠগীৰ ভাগ আশা কৰিলে, পইচাৰ এটা নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হ’ল আৰু যিয়ে এই নিৰিখমতে থানলৈ পইচা দিয়ে তেওঁক এই ঠগীৰ ভাগ দিয়াৰ ব্যৱস্থা হ’ল। পাটবাউসী সত্ৰত গুৰুজন থকাকালত ৰামৰাম গুৰু আৰু ৰামদাস আতৈ দেউৰী আছিল। বৰ্তমানো ৰামৰাম গুৰুৰ বংশৰ লোকেই শৰাইখনত প্ৰথম চাউল দিয়ে। “ভোগৰ ঠগী’’ত লাৰুও দিয়া হয়। এই শৰাইখনৰ পৰা পোৱা প্ৰসাদক “ভোগ ঠগীৰ ভাগ’’ বোলে।[1]
কালিন্দী আইৰ গৃহ
সম্পাদনা কৰকশংকৰদেৱৰ মৃত্যুৰ পিছত ৰামানন্দৰ মৃত্যু হোৱাত আৰু সৰুপুত্ৰ হৰিচৰণৰো মূৰৰ দোষ হোৱাত কালিন্দী আইৰ বৰ কষ্ট হৈছিল। থকা ঘৰবোৰ জহিখহি গৈছিল। বাকী ঘৰবোৰ অধিক বেয়া হোৱাত গুৰুজনাৰ দিনৰে পাকঘৰটো কিছ ভাল হৈ থকাত মাধবদেৱে সেই ঘৰটোকে মেৰামতি কৰাই তাতে কালিন্দী আইক থাকিবলৈ দিছিল। মাধবদেৱ সুন্দৰীদিয়াত থাকিবলৈ লোৱাৰ পিছত শ্ৰীৰাম আতাক পঠিয়াই ঘৰটো পুনৰ এবাৰ মেৰামতি কৰি দিছিল। োিছত আগোঁসানী সুন্দৰী দিয়ালৈকে গৈ থাকিবলৈ লয়। পূৰ্বৰ স্থানতে কালিন্দী আইৰ গৃহটি এতিয়া পকী কৰি তাত আইৰ শয্যাখন সযতনে ৰখা হৈছে।[1]
আই গোঁসানীৰ পাটকুঁৱা
সম্পাদনা কৰকমাধবদেৱ সুন্দৰীদিয়াত থাকিবলৈ লোৱাৰ পিছত শ্ৰীৰাম আতাই সুন্দৰীদিয়া সত্ৰৰ পৰা আহি কালিন্দী আইৰ খা-খবৰ ৰাখিছিল। এবাৰ শ্ৰীৰাম আতাৰ আগত আই গোঁসানীয়ে খোৱা পানীৰ বৰ কষ্ট হোৱা বুলি খবৰ দিয়াত মাধবদেৱে মথুৰাদাস বুঢ়া আতাক আইৰ বাবে কুঁৱাৰ ব্যৱস্থা কৰিবলৈ কয়। তেওঁ ভবাণীপুৰৰ অমৃতকৰ দলৈক কুঁৱাৰ বাবে পাট দিবলৈ কয়[7] আৰু সেইখিনি গোপাল আতাই নাৱেৰে নি পাটবাউসী পোৱাইছিল আৰু কুমাৰ মাতি আনি কুঁৱা খান্দি পাট বহুৱাইছিল। বতাহ-বৰষুণ, ৰাতি-বেলি যাতে পানী অনাত অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কুঁৱাটো আইৰ ঘৰৰ পিৰালিতে পাতিছিল।[1]
সত্ৰ পৰিচালনা
সম্পাদনা কৰকগুৰু শংকৰদেৱৰ মৃত্যুৰ পিছত কালিন্দী আয়ে কিছুকাল সত্ৰতে আছিল যদিও পিছত অচল হোৱাত সুন্দৰীদিয়া সত্ৰলৈ আহে আৰু মাধবদেৱৰ তত্ত্বাৱধানত জীৱনৰ বাকী কালছোৱা তাতেই থাকে। মাধবদেৱ ভেলাদোৱাত থাকোঁতে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ পাতিছিল মথুৰাদাস বুঢ়া আতাক আৰু তেওঁকেই বছৰি গুৰুজনাৰ তিথি পাটবাউসীত পাতিবলৈ আজ্ঞা কৰিছিল। সেইমতে, বৰ্তমানো বৰপেটা সত্ৰই শংকৰদেৱৰ তিথি পাটবাউসীতো পাতি আহিছে। সত্ৰৰ পূৰ্বৰ সকলো ঘৰ জহি-খহি যাবলৈ ধৰাত বৰপেটাৰ কেইগৰাকীমান লোকৰ আগ্ৰহত আজিৰ পৰা কিছুবছৰ আগতে সত্ৰৰ ঘৰসমূহ খেৰ গুচাই টিন লগোৱা হয়। এই লোকসকল আছিল ক্ৰমে, গোপী পাঠক, লক্ৰিসিং মহাজন, মনহৰি বাবু। সত্ৰখনৰ নিজা কোনো আয়ৰ পথ নথকাত, কেৱল ৰাইজৰ দান-বৰঙণিৰেই চলি থাকে। পকী ঘৰসমূহ তেতিয়াৰ বিত্তমন্ত্ৰী মতিৰাম বৰাই দিয়া চৰকাৰী অনুদান, অসম গণ পৰিষদ চৰকাৰৰ পৰা পোৱা অনুদান আৰু ৰাইজৰ দান বৰঙণিৰে নিৰ্মিত হৈছে।[5][1]
১৬৮৩ শকত ৰামচন্দ্ৰ আতাৰ বৰপুত্ৰ ৰামদেৱ আতা নৰোৱা সত্ৰৰ অধিকাৰ হয় আৰু তেওঁ ৰজা লক্ষ্মীসিংহৰ পৰা ১৬৯৪ চনত তামৰ ফলিত বংশসূত্ৰে অধিকাৰ ভোগৰ কথা লেখাই লৈছিল। তেতিয়াৰে পৰা বৰদোৱা সত্ৰৰ ৰামদেৱ আতাৰ বংশৰ লোকসকলেই পাটবাউসী সত্ৰৰ অধিকাৰ হৈ আছে। তাৰ আগলৈ অৰ্থাৎ ১৬৯৪ শক(১৭৭২ চন)লৈ এই সত্ৰ স্থানীয় ৰাইজ আৰু বৰপেটা সত্ৰৰ তত্ত্বাৱধানত চলি আছিল।[1] বৰ্তমান সত্ৰখন পৰিচালিত হ’বলৈ সত্ৰাধিকাৰ আৰু এখন পৰিচালনা সমিতি আছে।
পাটবাউসীত দামোদৰদেৱৰ থান
সম্পাদনা কৰকপাটবাউসীত শংকৰদেৱে স্থাপন কৰা থানৰ উপৰি দামোদৰ দেৱ স্থাপিত থান এখনিও আছে। দামোদৰ দেৱ আৰু শংকৰদেৱৰ এই পাটবাউসীতে মিলন হৈছিল। দামোদৰদেৱৰ জন্ম বৰদোৱাৰ নলচা গাঁৱত। বৰদোৱাৰ হোৱা হেতুকে দামোদৰদেৱৰ পিতৃপুৰুষ আৰু শংকৰদেৱৰ মাজত আত্মীয়তা আছিল। পিছলৈ দামোদৰদেৱ ব্যাসপাৰালৈ সপৰিয়ালে উঠি আহিছিল আৰু ইয়াতেই শংকৰদেৱৰ সাক্ষাৎ পাইছিল। গুৰু চৰিত কথাত আছে;
বাউসীলৈ আহি আহোঁতে-যাওঁতে শংকৰদেৱ-মাধবদেৱ আৰু আন ভকতসকলৰ শাস্ত্ৰব্যাখ্যা শুনি কেইবাদিনো ৰৈ যোৱা দেখি শংকৰদেৱে শাস্ত্ৰকথা শুনিবলৈ মন যায়নে সুধিছিল। উত্তৰত তেওঁ কৃষিকৰ্মৰ পৰা অৱসৰেই নোপোৱাৰ কথা কওঁতে সকলো ভকতক দামোদৰলৈ বুলি একোমুঠি চাউল আনিবলৈ ক’লে। সেইমতে ভকতসকলে চাউল আনি দিব ধৰিলে। এদিন এমহা সুৱৰ্ণ দি শংকৰদেৱক গুৰু বুলিবলৈ লওঁতে শংকৰদেৱে নিজে নকৰাই ৰামৰাম গুৰুৰ হতুৱাই শৰণ দিয়ালে। তাৰপিছত এতোলা সোণেৰে বগা দলৈৰ পৰা মাটি কিনি ধনুখন্দাৰ সিপাৰে দামোদৰৰ বাবে বহা সজাই দিলে। ব্ৰাহ্মণ ভকত আহিলে দামোদৰৰ তাতে শৰণ দিওৱাৰ বন্দৱস্থ হ’ল। [3]
এদিন গুৰুজনে বোলে দামোদৰ সুনিবৰ মন জাইনে : বোলে বাপ জাই : জাইহে অৱজৰ নাই........... পাচে গুৰুজনে সবে ভকতক কলে : বোলে একোমুঠি চাউল আনিবাহক দামোদৰলৈ॥ তেহে সবে আনে চাউল কত হল : হাটিতে আচে কতোদিন॥ আৰু এমহা সুবন্ন দি মহাপুৰুষক গুৰু বুলিবলৈধৈলে : তেহে গুৰুজনে নকৰাই ৰামৰাম গোসাইৰ ততে কৰালে সোণাও দিলে : পাচে এতোলা সোণা দি বগা দলৈ [মাটি কিনি] ধনুখন্দা সিপাৰে বহা সজাই থলে : ব্ৰাহ্মণ ভকত আহিলে দামোদৰ ঠাইৎ শৰণ কৰাই।[3]
ব্যাসপাৰাৰ কিছু উত্তৰে কীৰ্তন ঘৰ, মণিকূট গৃহ আদি সজাই পূৰ্ণাংগ সত্ৰ প্ৰতিষ্ঠা কৰি দামোদৰদেৱে ভগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ১৫১৩ খৃ:ত তেওঁ পোনতে বিজয়নগৰ আৰু পিছত লক্ষ্মীনাৰায়ণৰ ৰাজ্য কোচবেহাৰৰ ভিতৰুৱা ঢাপত সত্ৰ পাতি বাস কৰিবলৈ লয় আৰু ১৫২০ চনত তেওঁৰ তাতেই মৃত্যু হয়। দেহাৱসানৰ আগে আগে কোচবেহাৰৰ পৰাই দামোদৰদেৱে তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ নিযুক্ত কৰিছিল। তেতিয়াৰে পৰা ভট্টদেৱৰ বংশৰ লোকেই এই সত্ৰৰ অধিকাৰ ভোগ কৰি আহিছে।[6]
সত্ৰৰ সম্পদ
সম্পাদনা কৰকদামোদৰদেৱ স্থাপিত সত্ৰত কথা-ভাগৱত, কথা-গীতা, ভক্তি-ৰত্নাৱলী, সাত্বত-তন্ত্ৰ, প্ৰসংগমালা, বিষ্ণু সহস্ৰ নাম, নন্দোৎসৱ, শৰণ-মালিকা, ভক্তি-বিবেক, ভক্তি সাৰ আদি আছে। শ্ৰীশ্ৰীবলদেৱ অধিকাৰৰ দিনত ১৬৩৯ শকত ৰজা শিৱসিংহই দামোদৰদেৱ স্থাপিত পাটবাউসী সত্ৰত মাটি-বৃত্তি দান কৰি তামৰ ফলি দান কৰে। ১৬৬৮ শকত প্ৰমত্তসিংহই মাটি-বৃত্তি প্ৰদান কৰে। শিৱসিংহই দামোদৰ গুৰুৰ পদশিলাৰ ওপৰত মঠ এটি নিৰ্মাণ কৰিবলৈ লয় আৰু এইটি প্ৰমত্ত সিংহৰ দিনত সম্পূৰ্ণ হয়।[6]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 মিশ্ৰ, বনমালী (প্ৰথম প্ৰকাশ ২০০২, সপ্তম প্ৰকাশ ২০২৩). পাটবাউসী সত্ৰৰ চমু ইতিবৃত্ত. শ্ৰীশ্ৰী শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতি. পৃষ্ঠা. ৭.
- ↑ বৰুৱা, ড° লোপা (২০০৭). "হাজো অঞ্চলৰ আপুৰুগীয়া পুথি-পাঁজি:এটি ক্ষেত্ৰভিত্তিক অধ্যয়ন". বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ক্ষুদ্ৰ গৱেষণা প্ৰকল্পৰ প্ৰতিবেদন (৭). Archived from the original on 2023-09-04. https://web.archive.org/web/20230904041653/https://sdcdigitallibrary.com/bitstream/123456789/251/1/MRP%20Lopa%20Baruah%202.pdf। আহৰণ কৰা হৈছে: 2023-09-04.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৮৫-৮৬, ১১৮-১১৯.
- ↑ 4.0 4.1 দত্তবৰুৱা, হৰিনাৰায়ণ (প্ৰথম প্ৰকাশ ১৯৪৮, পুনৰ প্ৰকাশ ২০০৬). শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চশততম জন্মোৎসৱ, বৰপেটা সত্ৰ. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ২১.
- ↑ 5.0 5.1 শ্ৰীশ্ৰী শংকৰদেৱ থান, পাটবাউসী (১৯৯৯). শ্ৰীমন্ত শংকৰদেৱ বাউসী বিলায়েত. অসম সাহিত্য সভা. পৃষ্ঠা. গ-২৬.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 6.6 মিশ্ৰ, বনমালী (১৯৯৯, ২৩-২৪ জানুৱাৰী). শ্ৰীমন্ত শঙ্কৰদেৱ বাউসী বিলায়েত. মহাপুৰুষ শংকৰদেৱৰ ৫৫০বছৰীয়া জন্ম জয়ন্তী উৎসৱ, অসম সাহিত্য সভা. পৃষ্ঠা. ১২-১৪.
- ↑ দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ৮.