ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/এপ্ৰিল-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

বিন্দুৰ পৰা সিন্ধু হওঁক প্ৰতিটো আৰম্ভণি শূণ্যৰ পৰাই হয়। মন্থৰ গতিৰেই হওঁক লাগে, এই যে এটা বিন্দুকে সিন্ধুৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ হ'ল...ইয়াৰ শেষ কাহানিও নহৈ অসমীয়া ৱিকিপিডিয়া এদিন অক্ষয় ভাণ্ডাৰ হ'ব।

ৱিকিপিডিয়াৰ মঞ্চ খনক সকলোৱে সন্মান কৰে, তথ্য সম্বলিত বিষয় একোটাৰ গ্ৰহণ যোগ্যতাৰ দিশটোৰ বাবেই ৱিকিপিডিয়া অধিক নিৰ্ভৰযোগ্য অনলাইন ব্যৱস্থা।আন্তঃজালৰ জগত খনৰ বিষয়ে ভূ-ভা পোৱাৰ বহু পিছলৈ হে ৱিকিপিডিয়াৰ বিষয়ে জ্ঞাত হওঁ, ৱিকিপিডিয়া তথ্য ভঁৰাল হ'লেও এই তথ্য সমূহ অসমীয়া মাধ্যমত বা অসম ভিত্তিক পৰ্যাপ্ত তথ্য উপলব্ধ হোৱা নাই। অসমীয়া ৱিকিপিডিয়াই অসমীয়া মাধ্যমত তথ্য সংৰক্ষণ তথা সংবৰ্ধনৰ যি এক যাত্ৰাত আগবাঢ়িছে সেয়া ইতিমধ্যে জনপ্ৰিয় হৈছে। এই ব্যৱস্থাই জাতীয় ভাষা এটা সংৰক্ষণতো প্ৰচুৰ বৰঙণি আগবঢ়াব। বৰ্তমানৰ প্ৰেক্ষাপটত অসমীয়া ভাষাৰ অস্তিত্বৰ ৰক্ষাৰ লগতে নতুন প্ৰজন্মৰ মাজত ভাষাটোক শিক্ষণৰ প্ৰধান মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব বুলিও ভবাৰ থল আছে।

মোক অসমীয়া ৱিকিপিডিয়াৰ মঞ্চ খনলৈ আগবাঢ়ি অহাত সক্ৰিয় সদস্য, সু-হৃদ অজয় দাসে তেওঁৰ হাত এখন আগবঢ়াই দিছিল।তেওঁৰ ওচৰত সেয়ে কৃতজ্ঞ হৈ ৰ'লো।ৱিকিপিডিয়াই মোক মানসিক সন্তুষ্টি প্ৰদান কৰিছে। সময়ৰ মূল্যবোধ আৰু বহু নজনা কথা জানিবলৈ এখন মঞ্চ প্ৰদান কৰিছে। এই দিশৰ পৰা ৱিকিপিডিয়াৰে জড়িত সময় খিনি সেয়ে সন্তুষ্টিদায়ক বুলি ক'ব পাৰো।

সাধাৰণতে ভাল কাম কিছুমান অবিৰাম অবিৰত হৈ থাকিব লাগে। এই ভাল কাম বোৰক এটা গতি দি নৈৰ দৰে বৈ যাবলৈ দিব লাগে। এদিন এই নৈ এখন পাৰাপাৰহীন সাগৰত মিলিব। ৱিকিপিডিয়াত নতুন প্ৰৱন্ধ এটা সৃষ্টি কৰা, অনুবাদ কৰা, পুৰণা তথ্যৰে নতুনক সংযোজন কৰা, ফটো আদি অন্তৰ্ভুক্ত কৰা ইত্যাদি কাম বোৰৰে সকলো জ্ঞাত নহয়। বহু প্ৰতিভাবান আৰু আগ্ৰহী ব্যক্তিয়ে অজ্ঞতাৰ হেতু ৱিকিপিডিয়াত অৱদান আগবঢ়োৱা সেৱাত জড়িত হ'ব পৰা নায়। গতিকে সুবিধা অনুসৰি বিদ্যালয়-মহাবিদ্যালয় ইত্যাদি বোৰত যদি ৱিকিপিডিয়া সম্পাদনা সমিতিৰ দ্বাৰা কৰ্মশালা একোখন আয়োজন কৰি এই যাত্ৰাত আৰু অধিক সদস্যক অন্তৰ্ভুক্ত কৰিব পৰা যায় তেন্তে অধিক লাভবান হ'ব পৰা যাব বুলি ক'ব পাৰি। ন-সম্পাদক হিচাপে ময়ো বৰ্তমানলৈ বহু কাৰিকৰী কৌশল আয়ত্ব কৰিব পৰা নাই, সেয়ে মই নিজেও এজন এনে সুযোগৰ সন্ধানী।

কোৱা হয় উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। আৰ্হিৰ আগত অসাধ্য বুলি একো থাকিব নোৱাৰে, গতিকে ইতিমধ্যে জড়িত হৈ থকা প্ৰতিজন সদস্যই এই আৰ্হি দেখুৱালে অসমীয়া ৱিকিপিডিয়াই যে নতুন এক মাত্ৰা লাভ কৰিব তাত কোনো সন্দেহ নায়।

শেষত, এপ্ৰিল মাহৰ ৱিকিপত্ৰিকাৰ সংখ্যাটোৰ বাবে সম্পাদকৰ মনৰ ভাৱ লিখিবলৈ দায়িত্ব আগবঢ়োৱাত মই ন-সম্পাদক হিচাপে সম্পাদনা সমিতিলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাকাংক্ষিত ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ। নয়ন জ্যোতি নাথ (talk) 16:41, 31 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]