ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/মে'-২০১৫/সম্পাদকীয়

সম্পাদকীয়


ঈশান কাশ্যপ হাজৰিকা, দশম শ্ৰেণী, উত্তৰ লখিমপুৰ

জগৎ সদায় পৰিবৰ্তনশীল। পৃথিৱী সদায় ধাৱমান পুৰণিৰ পৰা নতুনৰ দিশলৈ-- নতুনক স্বীকৃতি দিবই লাগিব। সেই স্বীকৃতিয়েই হয়তো গুহাত ছবি অঁকাক বিকশিত কৰিলে গছৰ ছালত লিখালৈ, গছৰ ছালত লিখাক বিকশিত কৰিলে ছপা কিতাপলৈ, ছপা কিতাপক উন্নীত কৰিলে দূৰদৰ্শনলৈ.... আৰু.... এইবাৰ আমাৰ সন্মুখত আহি ৰৈছেহি আন্তৰ্জাল।

পিচে, আন্তৰ্জালত অসমীয়া ভাষাৰ স্থান ক'ত??

খ্ৰীষ্ট ধৰ্মীয় মিছনাৰীসকলে অসমীয়া ভাষাত ব্যাকৰণ ছপা কৰিলে, বাতৰি কাকত উলিয়ালে, অসমীয়া ভাষাক ছপা মাধ্যমৰ সৈতে চিনাকি কৰালে, কিন্তু এইবাৰো- আনলৈ বাট চাই ৰৈ থাকিলে হ'বনে? নে প্ৰয়োজন অসমীয়া মানুহে নিজে আগ বাঢ়ি আহি নিজৰ ভাষাক আন্তৰ্জালত প্ৰতিষ্ঠা কৰাৰ? মই ভাবো, দ্বিতীয় বিকল্পটোৱেই সঠিক।

আন্তৰ্জালত অসমীয়া ভাষাত কিছু চাইট আছে, ব্লগ আছে, কিন্তু অসমীয়া ৱিকিপিডিয়া ব্যতিক্ৰম! কিয়?

অসমীয়া ৱিকিপিডিয়া এখন গণ বিশ্বকোষ, ই এক মুক্ত বিশ্বকোষ!! অসমীয়া ৱিকিপিডিয়াত সকলোৱে জ্ঞান আহৰণ কৰিব পাৰে, জ্ঞান বিতৰণ কৰিব পাৰে। সেই বাবেই হয়তো আজি মোৰ দৰে এজন সাধাৰণ ছাত্ৰয়ো এখন 'বিশ্বকোষৰ সম্পাদক' বুলি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ। অৰ্থাৎ অসমীয়া ভাষাক আন্তৰ্জালত প্ৰতিষ্ঠা কৰাৰ..., বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ইচ্ছা অসমৰ ইফালৰ পৰা সিফালৰ যিসকল লোকৰ আছে, তেওঁলোকে নিজৰ ভ্ৰাম্যমান দূৰভাষ, গণক যন্ত্ৰৰ সহায়ত বা ওচৰৰ আন্তৰ্জাল কেন্দ্ৰলৈ গৈ, নিজৰ অৱদান আগ বঢ়াব পাৰে। ৱিকিপিডিয়া কাৰো ব্যক্তিগত ব্লগ বা কেইজনমান লোকৰ চাইট নহয়, ই ৰাইজৰ সম্পত্তি। মই ৱিকিপিডিয়াক অত্যন্ত ভাল পোৱাৰ ইও এক কাৰণ।

অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ৩০০০তকৈ অধিক প্ৰবন্ধ আছে, যিকোনো ছপা বিশ্বকোষতকৈ ই নিশ্চয়ে অধিক। কিন্তু আন ভাষাৰ ৱিকিপিডিয়াৰ তুলনাত ই এতিয়াও কম। কাৰণটো আমি নিশ্চয় জানো। বহু মানুহে অসমীয়া ৱিকিপিডিয়াৰ অস্তিত্বৰ কথা নেজানেই! ১ কোটি ৩০ লাখ অসমীয়া ভাষীৰ ভিতৰত মাহত কেৱল ৩০ জনমানেহে অসমীয়া ৱিকিপিডিয়াত লিখে! ময়ো অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে বহু দেৰিকৈহে জানিব পাৰিলোঁ।

ৱিকিপিডিয়াৰ সৈতে মোৰ প্ৰথম পৰিচয় হ'ল.. এক প্ৰকাৰে প্ৰখ্যাত লেখক তৰুণ চন্দ্ৰ পামেগামৰ জড়িয়তে। এদিন মায়ে মোক সুধিলে -- "আন্তৰ্জালত তৰুণ পামেগামৰ বিষয়ে চাবাচোন", মই চাই ক'লোঁ, "বিশেষ একো নাপালোঁ"। মাই বাতৰি কাকত এখনত তৰুণ পামেগামৰ বিষয়ে লেখা এটা দেখুৱাই ক'লে, "তুমিয়েই দি দিয়া!" তেতিয়ালৈ মই জানিছিলোঁ যে ৱিকিপিডিয়াত সকলোৱে লিখিব পাৰে, মই লিখিলোঁ। বাতৰি কাকতখনৰ পৰা হুবহু অনুবাদ কৰি মই লিখিলোঁ। মই ৱিকিপিডিয়াত অনুচ্ছেদ যোগ কৰা, আন্তঃৱিকি লিংক যোগ কৰা, উদ্ধৃতি দিয়া আদিৰ বিষয়ে একো নাজানিছিলোঁ। মোৰ প্ৰবন্ধটো দেখিলোঁ, বিলোপ কৰা হ'ল। আচৰিত!! কিন্তু মই চেষ্টা নেৰিলোঁ, কেইবাটাও প্ৰবন্ধ লিখিলোঁ, বিলোপ কৰা হ'ল। এবাৰ বিদ্যালয়ৰ এক প্ৰকল্পৰ বাবে মই ইংৰাজী ৱিকিপিডিয়াত প্ৰখ্যাত গ্ৰীক গণিতজ্ঞ পাইথাগোৰাচৰ বিষয়ে অধ্যয়ন কৰি থাকোতেই দেখিলোঁ যে 'আদ্যাৰ লেংগুৱেজেচ'ত অসমীয়া লিখা আছে। মই টিপি চালোঁ, দেখিলোঁ ৱিকিপিডিয়াৰ দেখোন অসমীয়া সংস্কৰণো আছে!! তেতিয়ালৈ ৱিকিপিডিয়াত সম্পাদনা কৰাৰ মূল নিয়ম মই শিকিছিলোঁ, সেয়ে পাইথাগোৰাচৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত থকা প্ৰবন্ধটো মই বহলালোঁ। আৰু.... বাঃ-- এয়া কি দেখিলোঁ.. মই কৰা সম্পাদনা বিলোপ কৰা নহ'ল!! মই উৎসাহিত হ'লোঁ, আৰু কেইদিনমানৰ পিছৰে পৰা নিজে প্ৰবন্ধ আৰম্ভ কৰিবলৈ ল'লোঁ। দিন বাগৰাৰ লগে লগে মই অসমীয়া ৱিকিপিডিয়াক আৰু ভাল পাবলৈ ল'লোঁ, লগতে অতি মৰমিয়াল অসমীয়া ৱিকিপিডিয়া সমাজখনকো। মোৰ বয়স কম হোৱাৰ পিচতো যে মোক হীন জ্ঞান নকৰি মোক সদায় উৎসাহ যোগালে, সেয়েহে হয়তো আজি মই অসমীয়া ৱিকিপিডিয়াত ইমানখিনি কৰিব পাৰিছোঁ। পিচে তৰুণ পামেগামৰ বিষয়ে প্ৰবন্ধটো মই শেহতীয়াকৈহে লিখিলোঁ।

বৰ্তমান 'অসমীয়াৰ সংজ্ঞা' বিচৰা হৈছে। আমি সকলোৱে অসমীয়া, কিন্তু অসমীয়ানো কোন, আমি নাজানো!! অসমীয়া ভাষাৰো যেন তেনে অৱস্থা কেতিয়াও নহওক। আৰু তাৰ বাবে প্ৰয়োজন, অধিক লোকে অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱাৰ.... যুগৰ দাবীত, আন্তৰ্জালত !! অসমীয়া ৱিকিপিডিয়াত যদিও এতিয়াও সক্ৰিয় সদস্যৰ সংখ্যা কম, মই দেখাত নতুন সদস্য ভৰ্তিৰ হাৰ আগতকৈ দ্ৰুততৰ হৈছে। দেখিছোঁ, অপঞ্জীভূত লোকেও অৱদান আগবঢ়াইছে। এয়া নিশ্চয় অসমীয়া ৱিকিপিডিয়া সমাজৰ মৰমিয়াল প্ৰকৃতিৰ বাবে হৈছে। এই দিশত ৱিকিমেলসমূহৰ গুৰুত্বও আওকাণ কৰিব নোৱাৰি। সকলোৰে চেষ্টাৰ ফলত অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ১১০০০তকৈ অধিক সদস্য আছে।

এই মাহ অসমীয়া ৱিকিপিডিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই মাহতেই অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৩৩৭০টালৈ বৃদ্ধি পালে। অসমীয়া ৱিকিপিডিয়াত প্ৰতি মাহে সৃষ্ট প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পোৱাটো অতি সুখৰ বিষয়। কিন্তু এতিয়াও কৰিবলৈ আৰু বহুত আছে। অসমীয়া ৱিকিপিডিয়াই অসমীয়া সমাজত যি আদৰ পাব লাগিছিলে, যি জনপ্ৰিয়তা পাব লাগিছিলে সেয়া এতিয়াও পোৱা নাই। বৰ্তমানৰ কম সংখ্যক সক্ৰিয় সদস্যই সেই বিষয়ে কৰিব পৰাও বিশেষ নাই... তাৰ বাবে লাগিব বৃহৎ পৰ্যায়ৰ কাৰ্যসূচী।

পিচে সীমিত সংখ্যক সদস্যই অসমীয়া ৱিকিপিডিয়াক বৰ্তমানৰ পৰ্যায়লৈ অনা নিশ্চয় সহজ কাম নাছিলে, কিন্তু এই কামত সফল হোৱাৰ বাবে মই সকলোকে অভিনন্দন জনাইছোঁ।

বহু কৰা হ'ল, বহু কৰিবলৈ আছে, কষ্ট আছে, কিন্তু সকলো কষ্ট সহ্য কৰিবলৈ, শক্তি দিবলৈ নিজৰ ভাষাটোৰ প্ৰতি প্ৰেমো আছে! শেষত সকলোকে এয়ে আহ্বান কৰিলোঁ যে সকলোৱে বৰ্তমানলৈকে দেখুওৱা পাৰদৰ্শিতা আৰু যতনেৰেই আগলৈও কাম কৰি যায়, সকলোৰে মনত যেন মাতৃ ভাষাৰ প্ৰতি প্ৰেম কম নহয়, আৰু নিজৰ এই মহৎ গুণেৰে যেন আনকো প্ৰভাৱিত কৰে, অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ যেন আন বহু লোক আগবাঢ়ি আহে। মানুহৰ মনৰ পৰাও যেন নিজৰে মাতৃভাষাক হীন জ্ঞান কৰাৰ মনোভাব আঁতৰে, কোনেও যেন "অসমীয়া ক'বলৈ নেজানো, লিখিবলৈ নেজানো" বুলি 'গৌৰৱ' অনুভৱ নকৰে। আমি অসমীয়া ৱিকিপিডিয়াৰ মাধ্যমেৰে অসমীয়া ভাষাৰ এক আন্তৰ্জাল বিপ্লৱ গঢ়ি তুলিব নোৱাৰোঁনে? আহক, আমি ভাবি চাওঁ, আমাৰো নিশ্চয় কিছু দায়িত্ব আছে.. ৱিকি-আসক্তিও আছে, যাৰ বলতে আমি অসমীয়া ৱিকিপিডিয়া গঢ়াত সক্ষম হৈছোঁ।