সম্পাদকীয়


ঈশান কাশ্যপ হাজৰিকা, দশম শ্ৰেণী, উত্তৰ লখিমপুৰ

জগৎ সদায় পৰিবৰ্তনশীল। পৃথিৱী সদায় ধাৱমান পুৰণিৰ পৰা নতুনৰ দিশলৈ-- নতুনক স্বীকৃতি দিবই লাগিব। সেই স্বীকৃতিয়েই হয়তো গুহাত ছবি অঁকাক বিকশিত কৰিলে গছৰ ছালত লিখালৈ, গছৰ ছালত লিখাক বিকশিত কৰিলে ছপা কিতাপলৈ, ছপা কিতাপক উন্নীত কৰিলে দূৰদৰ্শনলৈ.... আৰু.... এইবাৰ আমাৰ সন্মুখত আহি ৰৈছেহি আন্তৰ্জাল।

পিচে, আন্তৰ্জালত অসমীয়া ভাষাৰ স্থান ক'ত??

খ্ৰীষ্ট ধৰ্মীয় মিছনাৰীসকলে অসমীয়া ভাষাত ব্যাকৰণ ছপা কৰিলে, বাতৰি কাকত উলিয়ালে, অসমীয়া ভাষাক ছপা মাধ্যমৰ সৈতে চিনাকি কৰালে, কিন্তু এইবাৰো- আনলৈ বাট চাই ৰৈ থাকিলে হ'বনে? নে প্ৰয়োজন অসমীয়া মানুহে নিজে আগ বাঢ়ি আহি নিজৰ ভাষাক আন্তৰ্জালত প্ৰতিষ্ঠা কৰাৰ? মই ভাবো, দ্বিতীয় বিকল্পটোৱেই সঠিক।

আন্তৰ্জালত অসমীয়া ভাষাত কিছু চাইট আছে, ব্লগ আছে, কিন্তু অসমীয়া ৱিকিপিডিয়া ব্যতিক্ৰম! কিয়?

অসমীয়া ৱিকিপিডিয়া এখন গণ বিশ্বকোষ, ই এক মুক্ত বিশ্বকোষ!! অসমীয়া ৱিকিপিডিয়াত সকলোৱে জ্ঞান আহৰণ কৰিব পাৰে, জ্ঞান বিতৰণ কৰিব পাৰে। সেই বাবেই হয়তো আজি মোৰ দৰে এজন সাধাৰণ ছাত্ৰয়ো এখন 'বিশ্বকোষৰ সম্পাদক' বুলি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ। অৰ্থাৎ অসমীয়া ভাষাক আন্তৰ্জালত প্ৰতিষ্ঠা কৰাৰ..., বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ইচ্ছা অসমৰ ইফালৰ পৰা সিফালৰ যিসকল লোকৰ আছে, তেওঁলোকে নিজৰ ভ্ৰাম্যমান দূৰভাষ, গণক যন্ত্ৰৰ সহায়ত বা ওচৰৰ আন্তৰ্জাল কেন্দ্ৰলৈ গৈ, নিজৰ অৱদান আগ বঢ়াব পাৰে। ৱিকিপিডিয়া কাৰো ব্যক্তিগত ব্লগ বা কেইজনমান লোকৰ চাইট নহয়, ই ৰাইজৰ সম্পত্তি। মই ৱিকিপিডিয়াক অত্যন্ত ভাল পোৱাৰ ইও এক কাৰণ।

অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ৩০০০তকৈ অধিক প্ৰবন্ধ আছে, যিকোনো ছপা বিশ্বকোষতকৈ ই নিশ্চয়ে অধিক। কিন্তু আন ভাষাৰ ৱিকিপিডিয়াৰ তুলনাত ই এতিয়াও কম। কাৰণটো আমি নিশ্চয় জানো। বহু মানুহে অসমীয়া ৱিকিপিডিয়াৰ অস্তিত্বৰ কথা নেজানেই! ১ কোটি ৩০ লাখ অসমীয়া ভাষীৰ ভিতৰত মাহত কেৱল ৩০ জনমানেহে অসমীয়া ৱিকিপিডিয়াত লিখে! ময়ো অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে বহু দেৰিকৈহে জানিব পাৰিলোঁ।

ৱিকিপিডিয়াৰ সৈতে মোৰ প্ৰথম পৰিচয় হ'ল.. এক প্ৰকাৰে প্ৰখ্যাত লেখক তৰুণ চন্দ্ৰ পামেগামৰ জড়িয়তে। এদিন মায়ে মোক সুধিলে -- "আন্তৰ্জালত তৰুণ পামেগামৰ বিষয়ে চাবাচোন", মই চাই ক'লোঁ, "বিশেষ একো নাপালোঁ"। মাই বাতৰি কাকত এখনত তৰুণ পামেগামৰ বিষয়ে লেখা এটা দেখুৱাই ক'লে, "তুমিয়েই দি দিয়া!" তেতিয়ালৈ মই জানিছিলোঁ যে ৱিকিপিডিয়াত সকলোৱে লিখিব পাৰে, মই লিখিলোঁ। বাতৰি কাকতখনৰ পৰা হুবহু অনুবাদ কৰি মই লিখিলোঁ। মই ৱিকিপিডিয়াত অনুচ্ছেদ যোগ কৰা, আন্তঃৱিকি লিংক যোগ কৰা, উদ্ধৃতি দিয়া আদিৰ বিষয়ে একো নাজানিছিলোঁ। মোৰ প্ৰবন্ধটো দেখিলোঁ, বিলোপ কৰা হ'ল। আচৰিত!! কিন্তু মই চেষ্টা নেৰিলোঁ, কেইবাটাও প্ৰবন্ধ লিখিলোঁ, বিলোপ কৰা হ'ল। এবাৰ বিদ্যালয়ৰ এক প্ৰকল্পৰ বাবে মই ইংৰাজী ৱিকিপিডিয়াত প্ৰখ্যাত গ্ৰীক গণিতজ্ঞ পাইথাগোৰাচৰ বিষয়ে অধ্যয়ন কৰি থাকোতেই দেখিলোঁ যে 'আদ্যাৰ লেংগুৱেজেচ'ত অসমীয়া লিখা আছে। মই টিপি চালোঁ, দেখিলোঁ ৱিকিপিডিয়াৰ দেখোন অসমীয়া সংস্কৰণো আছে!! তেতিয়ালৈ ৱিকিপিডিয়াত সম্পাদনা কৰাৰ মূল নিয়ম মই শিকিছিলোঁ, সেয়ে পাইথাগোৰাচৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত থকা প্ৰবন্ধটো মই বহলালোঁ। আৰু.... বাঃ-- এয়া কি দেখিলোঁ.. মই কৰা সম্পাদনা বিলোপ কৰা নহ'ল!! মই উৎসাহিত হ'লোঁ, আৰু কেইদিনমানৰ পিছৰে পৰা নিজে প্ৰবন্ধ আৰম্ভ কৰিবলৈ ল'লোঁ। দিন বাগৰাৰ লগে লগে মই অসমীয়া ৱিকিপিডিয়াক আৰু ভাল পাবলৈ ল'লোঁ, লগতে অতি মৰমিয়াল অসমীয়া ৱিকিপিডিয়া সমাজখনকো। মোৰ বয়স কম হোৱাৰ পিচতো যে মোক হীন জ্ঞান নকৰি মোক সদায় উৎসাহ যোগালে, সেয়েহে হয়তো আজি মই অসমীয়া ৱিকিপিডিয়াত ইমানখিনি কৰিব পাৰিছোঁ। পিচে তৰুণ পামেগামৰ বিষয়ে প্ৰবন্ধটো মই শেহতীয়াকৈহে লিখিলোঁ।

বৰ্তমান 'অসমীয়াৰ সংজ্ঞা' বিচৰা হৈছে। আমি সকলোৱে অসমীয়া, কিন্তু অসমীয়ানো কোন, আমি নাজানো!! অসমীয়া ভাষাৰো যেন তেনে অৱস্থা কেতিয়াও নহওক। আৰু তাৰ বাবে প্ৰয়োজন, অধিক লোকে অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱাৰ.... যুগৰ দাবীত, আন্তৰ্জালত !! অসমীয়া ৱিকিপিডিয়াত যদিও এতিয়াও সক্ৰিয় সদস্যৰ সংখ্যা কম, মই দেখাত নতুন সদস্য ভৰ্তিৰ হাৰ আগতকৈ দ্ৰুততৰ হৈছে। দেখিছোঁ, অপঞ্জীভূত লোকেও অৱদান আগবঢ়াইছে। এয়া নিশ্চয় অসমীয়া ৱিকিপিডিয়া সমাজৰ মৰমিয়াল প্ৰকৃতিৰ বাবে হৈছে। এই দিশত ৱিকিমেলসমূহৰ গুৰুত্বও আওকাণ কৰিব নোৱাৰি। সকলোৰে চেষ্টাৰ ফলত অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ১১০০০তকৈ অধিক সদস্য আছে।

এই মাহ অসমীয়া ৱিকিপিডিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই মাহতেই অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৩৩৭০টালৈ বৃদ্ধি পালে। অসমীয়া ৱিকিপিডিয়াত প্ৰতি মাহে সৃষ্ট প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পোৱাটো অতি সুখৰ বিষয়। কিন্তু এতিয়াও কৰিবলৈ আৰু বহুত আছে। অসমীয়া ৱিকিপিডিয়াই অসমীয়া সমাজত যি আদৰ পাব লাগিছিলে, যি জনপ্ৰিয়তা পাব লাগিছিলে সেয়া এতিয়াও পোৱা নাই। বৰ্তমানৰ কম সংখ্যক সক্ৰিয় সদস্যই সেই বিষয়ে কৰিব পৰাও বিশেষ নাই... তাৰ বাবে লাগিব বৃহৎ পৰ্যায়ৰ কাৰ্যসূচী।

পিচে সীমিত সংখ্যক সদস্যই অসমীয়া ৱিকিপিডিয়াক বৰ্তমানৰ পৰ্যায়লৈ অনা নিশ্চয় সহজ কাম নাছিলে, কিন্তু এই কামত সফল হোৱাৰ বাবে মই সকলোকে অভিনন্দন জনাইছোঁ।

বহু কৰা হ'ল, বহু কৰিবলৈ আছে, কষ্ট আছে, কিন্তু সকলো কষ্ট সহ্য কৰিবলৈ, শক্তি দিবলৈ নিজৰ ভাষাটোৰ প্ৰতি প্ৰেমো আছে! শেষত সকলোকে এয়ে আহ্বান কৰিলোঁ যে সকলোৱে বৰ্তমানলৈকে দেখুওৱা পাৰদৰ্শিতা আৰু যতনেৰেই আগলৈও কাম কৰি যায়, সকলোৰে মনত যেন মাতৃ ভাষাৰ প্ৰতি প্ৰেম কম নহয়, আৰু নিজৰ এই মহৎ গুণেৰে যেন আনকো প্ৰভাৱিত কৰে, অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ যেন আন বহু লোক আগবাঢ়ি আহে। মানুহৰ মনৰ পৰাও যেন নিজৰে মাতৃভাষাক হীন জ্ঞান কৰাৰ মনোভাব আঁতৰে, কোনেও যেন "অসমীয়া ক'বলৈ নেজানো, লিখিবলৈ নেজানো" বুলি 'গৌৰৱ' অনুভৱ নকৰে। আমি অসমীয়া ৱিকিপিডিয়াৰ মাধ্যমেৰে অসমীয়া ভাষাৰ এক আন্তৰ্জাল বিপ্লৱ গঢ়ি তুলিব নোৱাৰোঁনে? আহক, আমি ভাবি চাওঁ, আমাৰো নিশ্চয় কিছু দায়িত্ব আছে.. ৱিকি-আসক্তিও আছে, যাৰ বলতে আমি অসমীয়া ৱিকিপিডিয়া গঢ়াত সক্ষম হৈছোঁ।

উল্লেখনীয় কাম

শ্ৰদ্ধাঞ্জলি

  • অজিৎ বৰুৱা:
    ২০১৫ চনৰ ৩ এপ্ৰিল তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, সাহিত্যিক, অনুবাদক, প্ৰশাসনিক বিষয়া অজিৎ বৰুৱাৰ মৃত্যু হয়। ১৯৬৩ চনত প্ৰকাশিত 'জেংৰাই' কবিতাৰে তেখেত জনপ্ৰিয় হৈ পৰে। ইলিয়টৰ শৈলী পৰিগ্ৰহণ কৰি অসমীয়া কবিতালৈ তেখেতে একপ্ৰকাৰ বৌদ্ধিকতা ঘূৰাই আনিছিল। "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰিও সাহিত্যিক বৰুৱা ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮), অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা (১৯৯৩), অসম উপত্যকা সাহিত্য বঁটা (১৯৯৯), নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭), পদ্মনাথ বিদ্যাবিনোদ স্মাৰক সাহিত্য বঁটা (২০১০) আদি বহুতো সন্মানেৰে সন্মানিত হৈছিল। (বিতংকৈ পঢ়ক...)


  • বিদ্যুৎ চক্ৰৱৰ্তী: ২০১৫ চনৰ ১৫ এপ্ৰিল তাৰিখে তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ তথা মঞ্চ নাটক পৰিচালক আৰু অভিনেতা বিদ্যুৎ চক্ৰৱৰ্তীৰ মৃত্যু হয়। ৰাগ-বিৰাগ, নিষিদ্ধ নদী, গুণ গুণ গানে গানে, অনুৰাগ আৰু দুৱাৰ চলচ্চিত্ৰৰ পৰিচালক চক্ৰৱৰ্তীয়ে "ৰাগ-বিৰাগ"ৰ বাবে পৰিচালকৰ প্ৰথম ছবিৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 'নিষিদ্ধ নদী' চলচ্চিত্ৰখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পাঁচটা বঁটা লাভ কৰিছিল আৰু 'দুৱাৰ' ছবিখনে ২০১৩ চনত পূব মণ্ডলৰ প্ৰথম ফিল্মফেয়াৰ বঁটাত শ্ৰষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল। চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক মণ্ডলীৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। (বিতংকৈ পঢ়ক...)


  • জানকী বল্লভ পাটনায়ক:
    ২০১৫ চনৰ ২১ এপ্ৰিল তাৰিখে ভাৰতীয় ৰাজনীতিবিদ জানকী বল্লভ পাটনায়কৰ মৃত্যু হয়। ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা দুবাৰকৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালিছিল। তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ আছিল। (বিতংকৈ পঢ়ক...)

ভাল প্ৰবন্ধ

মৃণাল কান্তি দাস (জ. ৩০ অক্টোবৰ, ১৯৬৫ - মৃ. ৩ ছেপ্টেম্বৰ ২০০৪) এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক। পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণাল কান্তি দাসে কেবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল। ১৯৯৬ চনত 'ৰাগ-বিৰাগ' আৰু 'অদাহ্য'ৰ চিত্ৰগ্ৰহণৰ বাবে তেখেতে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চিত্ৰগ্ৰহণক পেচা হিচাপে লোৱাৰ আগতে মৃণাল কান্তি দাস পৰ্বতাৰোহনত আগ্ৰহী আছিল। ১৯৮৬ চনত পশ্চিম হিমালয়ৰ মেন্‌থোছা শৃংগত আৰোহন কৰা প্ৰথমজন ভাৰতীয় আছিল মৃণাল কান্তি দাস। সৰুৰেপৰাই বন্য জীৱ-জন্তুৰ প্ৰতি আকৃষ্ট মৃণাল কান্তি দাসে অসম চৰকাৰৰ প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈ ফৰেষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও চিত্ৰগ্ৰহণৰ বাবে তেওঁ সেই চাকৰী ত্যাগ কৰে।

আৰু পঢ়ক...

নিৰ্বাচিত চিত্ৰ

অন্যান্য উল্লেখযোগ্য প্ৰবন্ধসমূহ সম্পাদনা

পদক তালিকা

পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
ঈশান কাশ্যপ হাজৰিকা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
দেৱব্ৰত গগৈ

এপ্ৰিল ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহৰ তালিকা

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ঈশাণ কাশ্যপ হাজৰিকা ৮১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মঞ্জিল কোঁৱৰ ৪৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ৩৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ৩৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
JBDVIJASDVI ২৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰাম কিংকৰ মহন্ত ২৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অংশুমান দত্ত ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দেৱব্ৰত গগৈ ২৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ধ্ৰুৱজ্যোতি শৰ্ম্মা ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ বাবুল বৈশ্য ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ নিতুল বৰা ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )