আপোনালোকে কিয় ৱিকিত লিখে? সম্পাদনা কৰক

মই ৱিকিপিডিয়াৰ সম্পাদকসকলক এটা প্রশ্ন কৰিবলৈ বিচাৰিচোঁ। আপোনালোকে কিয় ৱিকিপিডিয়া লিখে? (মই নিজেও এজন সম্পাদক, মই মনৰ আনন্দৰ বাবে লিখোঁ) আপোনালোকৰ কথাও জনাওকচোন, নতুন লিখকসকলে উৎসাহ পাব। প্রভাকৰ শৰ্মা নেওগ 18:23, 27 ফেব্ৰুৱাৰী 2012 (UTC)


২০০৬ চনত প্ৰথম যেতিয়া অসমীয়া ৱিকিপিডিয়াৰ কথা জানিছিলোঁ, লগে লগে ইয়াৰ ভৱিষ্যত সম্ভাৱনাৰ কথা ভাবিয়েই সদস্য হৈছিলোঁ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন বিষয়সমূহক ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰা আৰু সংৰক্ষণ কৰি ৰখাৰ বাবেই মই ৱিকিত লিখোঁ৷ কেতিয়াবা কোনো তথ্যৰ কাৰণে হাতৰ কাষত কোনো কিতাপ-আলোচনী পোৱা নাযায়৷ তেনে সময়ত ইণ্টাৰনেটত অনুসন্ধান কৰিয়েই সহজতে তথ্য আহৰণ কৰিব পাৰি৷ সেয়ে মই অনুভৱ কৰোঁ আমি সকলোৱে সামৰ্থ অনুসৰি অসমীয়া ৱিকিপিডিয়াত তথ্য সংৰক্ষণ কৰি ৰখা উচিত৷

Anjal Borah 06:53, 28 ফেব্ৰুৱাৰী 2012 (UTC)


ৱিকিপিডিয়াৰ পৰা মই বহুত সহায় পাইছো গতিকে মোৰ দৰে আৰু বহুতে যাতে সহায় পায় তাৰ বাবে মই ৱিকিপিডিয়াত লিঁখো। Jyoti Prakash Nath 16:14, 28 ফেব্ৰুৱাৰী 2012 (UTC)

তথ্যসূত্ৰ কেনেকৈ দিয়ে? সম্পাদনা কৰক

তথ্যসূত্ৰ দিয়াত সহায় কৰক| "বিবেকানন্দ কেন্দ্ৰ " নামৰ প্ৰৱন্ধটি অনুবাদ কৰিব পাৰিম। এটা কথা reference কেনেকৈ দিব পাৰি সেইটো বুজা নাই। অনুগ্ৰহ কৰি জনাবচোন। ধন্যবাদ

ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি চওক, ইয়াত এই বিষয়ে বিতংভাৱে লিখা আছে| কিবা অসুবিধা পালে মোৰ সৈতে ফেচবুকতে যোগাযোগ কৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:21, 29 মাৰ্চ 2012 (UTC)


অসমীয়া ৱিকিপিডিয়া ফটো প্ৰতিযোগিতা সম্পাদনা কৰক

ফাইল আপলোড যোগে ৱিকিপিডিয়া ফটো প্ৰতিযোগিতাত বৰপেটা নামঘৰ দুখন চিত্ৰ আপলোড কৰিছিলো| চিত্ৰবোৰ চাব পৰাৰ আৰু আপলোড হোৱা নোহোৱাটো নিচ্ছিত কেনেকৈ হ’ম|--Pathak brajen (talk) 19:00, 1 মে' 2012 (UTC)পাঠক।

আপোনাক বাৰ্তা দিয়া হৈছে| চাব| বিষ্ণু  বাৰ্তা  19:26, 1 মে' 2012 (UTC)