এটা কথা উপলব্ধি কৰি দুখ লাগে যে অসমীয়া ভাষাত এখন ৱিকিপিডিয়া থকাৰ কথা এতিয়াও বহুতে নাজানে বা জানিলেও আজিলৈকে ইয়াৰ সদব্যৱহাৰ কৰি পোৱা নাই। আনহাতে বহুতে ইয়াক ইংৰাজী ৱিকিপিডিয়াৰ এক অনুকৰণ মাত্ৰ বুলি ভাবে। প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লয়। কিন্তু অনলাইন বিশ্বকোষখনৰ আঞ্চলিক ভাষাৰ অন্যতম ভাগ হিচাপে অসমীয়া ৱিকিপিডিয়াতো সেই একেখিনি তথ্যই মাতৃভাষাত উপলব্ধ। তদুপৰি ইংৰাজী বা অন্য ভাষাৰ ৱিকিপিডিয়াত বিতংকৈ তথ্য নোপোৱা অসমৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী, লোক সংস্কৃতি বা ব্যক্তিৰ বিষয়েও সবিশেষ অসমীয়া ভাষাৰ সংস্কৰণত আছে। এই কথাবোৰ সৰ্বসাধাৰণ ব্যৱহাৰকাৰীয়ে উমান পোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। - চন্দন চিৰিং ফুকন (নৱেম্বৰ, ২০১৫)
"অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰচ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰচ কৰে, তেতিয়া তেওঁলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ।" - দিব্য দত্ত (জানুৱাৰী, ২০১৬)
২০১৫ চনৰ ৭ নবেম্বৰত ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ একাউণ্ট এটা খুলিলোঁ। সৰু সুৰা কিছুমান সম্পাদনা কৰাৰ পিছত ১১ নবেম্বৰত প্ৰথম বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰবন্ধটো সৃষ্টি কৰিলোঁ। তাৰ পিছৰে পৰা আজৰি সময় পালে ৱিকিত নতুন প্ৰবন্ধ লিখা মোৰ হবি হৈ পৰিল! এটা দুটাকৈ এতিয়ালৈকে প্ৰায় ৫৮টা প্ৰবন্ধ সৃষ্টি কৰিলোঁ আৰু যিমান পাৰোঁ কৰি গৈ থাকিম। মাজে মাজে হোৱা সম্পাদনা মেলা বোৰত অংশগ্ৰহণো কৰিছোঁ। মুঠতে এই তিনি মাহতে ৱিকিপিডিয়াৰ বহুতো নজনা কথা শিকিলোঁ। বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইণ্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়। - অজয় দাস (ফেব্ৰুৱাৰী, ২০১৬)
ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননি পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। - নিতুল বৰা (মাৰ্চ, ২০১৬)