বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয় । ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল । সেইমৰ্মে ২০০৮ চনৰ ১৬ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগত চন্দ্ৰপাৰা গাঁৱত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । মহাবিদ্যালয়খনৰ নামাকৰণ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ নামত কৰা হয় । এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন AICTE (All India Council for Technical Education)-ৰ মান্যতাপ্ৰাপ্ত[1]। এই প্ৰতিষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ।

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
Bineswar Brahma Engineering College
স্থাপিত ২০০৮
ধৰণ ৰাজহুৱা
অধ্যক্ষ কমল কুমাৰ ব্ৰহ্ম
স্নাতক শিক্ষাৰ্থী ১২০
স্থান কোকৰাঝাৰ, অসম, ভাৰত ভাৰত
চৌহদ উপ-চহৰাঞ্চল
উপনাম বিবিইচি ( BBEC )
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়, অসম
ৱেবছাইট www.bbec.ac.in

অৱস্থান আৰু পৰিবহণ সম্পাদনা কৰক

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগৰ চন্দ্ৰপাৰা গাঁৱত অৱস্থিত ।

শিক্ষা সম্পাদনা কৰক

মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়

অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পাদনা কৰক

বিষয় সময় আসন
ৰসায়নিক অভিযান্ত্ৰিক ( Chemical Engineering) ৪ বছৰ ৬০
বৈদ্যুতিক অভিযান্ত্ৰিক ( Electrical engineering) ৪ বছৰ ৬০

| align="left" valign="top" |

উৎসৱ সম্পাদনা কৰক

ইয়াত " Technisia " নামৰ বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰযুক্তি আৰু কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত নিয়মিতভাৱে "আলোচনাচক্ৰ", "ৰ'বটিক কৰ্মশালা" আৰু বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয় ।

ট্ৰেইনিং আৰু প্লেচমেন্ট সম্পাদনা কৰক

মহাবিদ্যালয়ৰ প্ৰশিক্ষণ আৰু সংস্থাপন কোষে ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইন্টাৰভিউসমূহ চোৱাচিতা কৰে। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।[স্পষ্টীকৰণৰ প্ৰয়োজন]

তথ্য সংযোগ সম্পাদনা কৰক

  1. "AICTE মান্যতা". http://bbec.ac.in/webworld/। আহৰণ কৰা হৈছে: August 12, 2012. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ সম্পাদনা কৰক