ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২২/ভাল প্ৰবন্ধ

আমাৰ শিশুসকলক শৈশৱতেই সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগতে কেইগৰাকীমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত অসমত গঢ় লৈ উঠিছিল পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান। পৰৱৰ্তীকালত এই অনুষ্ঠান দুটি একেলগ হৈ মইনা পাৰিজাত নাম পায়। মইনা পাৰিজাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিশুসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। অৱশ্যে স্থানীয় বয়োজ্যেষ্ঠসকলে ইয়াৰ গুৰি ধৰিছিল। বৰ্তমানেও অসম বিভিন্ন ঠাইত মইনা পাৰিজাতৰ বিভিন্ন শাখা শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে সক্ৰিয় হৈ আছে।

শিশু বিশেষজ্ঞসকলৰ মতে, মানৱ শিশুৰ ৫ বছৰৰ পৰা ১০-১২ বছৰলৈ এই সময়খিনি শিক্ষাগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এইখিনি সময়ত শিশোৱে সমাজৰ বিভিন্ন দিশৰ বিষয়সমূহৰ লগত পৰিচিত হয় আৰু নিজা চিন্তাশক্তিৰে সেইবোৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ শিকে। জীৱনৰ জটিল কথাবোৰো তেওঁলোকে চিন্তা কৰিবপৰা হয়। এইখিনি সময়ত শিশু মইনা পাৰিজাতৰ যোগেদি সামাজিক আচাৰ-ব্যৱহাৰ, দলীয় অনুশাসন, সময়ানুৱৰ্তীতা আদিৰ শিক্ষা লাভ কৰে। বেচৰকাৰী অনুষ্ঠান মইনা পাৰিজাতে শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে অসমৰ নানা ঠাইত বিভিন্ন কাৰ্যসূচী পালন কৰাৰ উপৰি শিবিৰ আদিৰ যোগেদিও শিশুসকলক স্বাৱলম্বী হোৱাত অৰিহণা যোগাই আহিছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ দ্য টাইমছ অৱ ইণ্ডিয়াৰ বিষয়ে ইয়াত পঢ়ক...