মইনা পাৰিজাত

শিশু অনুষ্ঠান

মইনা পাৰিজাত (ইংৰাজী: Moina Parijaat) হৈছে অসমত শিশুৰ সৰ্বাঙ্গীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান। শিশুসকলক শৈশৱতেই সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগত কেইগৰাকীমান ব্যক্তিয়ে পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান অসমত গঢ়ি তুলিছিল ৷ পৰৱৰ্তীকালত এই অনুষ্ঠান দুটি একেলগ হৈ মইনা পাৰিজাত নাম পায়৷ ক্ৰমান্বয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিশুসকলৰ মাজত জনপ্ৰিয় হৈ পৰা মইনা পাৰিজাতৰ স্থানীয় বয়োজ্যেষ্ঠসকলে গুৰি ধৰিছিল বুলি জনা যায়৷ অসমৰ বিভিন্ন ঠাইত মইনা পাৰিজাতৰ বিভিন্ন শাখা আছে। এইসমূহে শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সক্ৰিয়তাৰে কাম কৰা দেখা যায়।

মইনা পাৰিজাতৰ প্ৰতীক চিহ্ন

শিশু বিশেষজ্ঞসকলৰ মতে, মানৱ শিশুৰ ৫ বছৰৰ পৰা ১০-১২ বছৰলৈ এই সময়খিনি শিক্ষাগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়৷ এইখিনি সময়ত শিশুৱে সমাজৰ বিভিন্ন দিশৰ বিষয়সমূহৰ লগত পৰিচিত হয় আৰু নিজা চিন্তাশক্তিৰে সেইবোৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ শিকে৷ জীৱনৰ জটিল কথাবোৰো তেওঁলোকে চিন্তা কৰিব পৰা হয়৷ এইখিনি সময়ত শিশুৱে মইনা পাৰিজাতৰ যোগেদি সামাজিক আচাৰ-ব্যৱহাৰ, দলীয় অনুশাসন, সময়ানুৱৰ্তীতা আদিৰ শিক্ষা লাভ কৰে৷ বেচৰকাৰী অনুষ্ঠান মইনা পাৰিজাতে শিশুৰ সৰ্বাঙ্গীন বিকাশৰ লক্ষ্যৰে অসমৰ নানা ঠাইত বিভিন্ন কাৰ্যসূচী পালন কৰাৰ উপৰি শিবিৰ আদিৰ যোগেদিও শিশুসকলক স্বাৱলম্বী হোৱাত অৰিহণা যোগাই অহা পৰিলক্ষিত হয়৷[1]

প্ৰাক স্বাধীনতা কালত ভাৰতত শিশুসকলৰ কল্যাণৰ বাবে কেইখনমান চহৰত গঠন হোৱা অনুষ্ঠান কিছু হৈছে, ১৯৪১ চনত কলিকতামণিমেলা, ১৯৪২ চনত বিহাৰকিশোৰ দল, ১৯৪৫ চনত মাদ্ৰাছইণ্ডিয়ান কাউন্সিল ফৰ ছাইল্ড এডুকেশ্যন আৰু ১৯৪৭ চনত বোম্বাইত গঠিত ছাইল্ড এইড ছ’চাইটী৷ স্বাধীনতা প্ৰাপ্তিৰ পিছত কেৱল অনাথ আৰু বিপদগ্ৰস্ত শিশুক ৰক্ষণাবেক্ষণ দিবলৈ গঠিত হৈছিল, ছ'চাইটি ফৰ দ্য প্ৰটেকচন অৱ চিল্ড্ৰেন ইন ইণ্ডিয়া। তাৰপিছত গঠিত হৈছিল ইণ্ডিয়ান কাউন্সিল ফৰ ছাইল্ড ৱেলফেয়াৰ। ইয়াৰ পিছতেই ভাৰতত শিশু কল্যাণৰ বিষয়টোৱে অধিক সজাগতা লাভ কৰে৷ ইয়াৰ কেইবাবছৰো আগতেই অসমত শিশু কল্যাণৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছিল আৰু গঠিত হৈছিল কেইবাটাও শিশু কল্যাণমূলক অনুষ্ঠান৷[2]

মতিলাল নেহৰুৰ কন্যা কৃষ্ণা হাতীসিং ভাৰতৰ কেন্দ্ৰীয় শিশু সন্মিলনৰ সভানেত্ৰী আৰু কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ শিশু কল্যাণ সংস্থাৰ পৰিচালক আছিল৷ তেওঁ ১৯৫৪ চনত গুৱাহাটীলৈ আহি গুৱাহাটীত সৰ্বভাৰতীয় শিশু সংস্থা স্থাপন কৰে আৰু সভানেত্ৰী হিচাপে দায়িত্ব দিয়া নলিনীবালা দেৱীৰ বাসভৱন শান্তি ভৱনত কাৰ্যালয় স্থাপন কৰে৷ অসমৰ শিশুসকলক জ্ঞান-বিজ্ঞান-শিক্ষা-সংস্কৃতি সকলোতে আগুৱাই নিয়াৰ উদ্দেশ্যে অসমক দুটা ভাগত ভগাই উজনিত হেমন্ত বৰদলৈক আৰু নামনিত কন্দৰ্প শৰ্মাক শিশু কল্যাণ সংস্থা গঠনৰ ভাৰ দিয়া হয়৷ ইতিমধ্যে গুৱাহাটীত ৰত্ন কুমাৰ গৌতম আৰু প্ৰকাশ শৰ্মাআৰতি সঙ্ঘ নামেৰে এটি শিশু অনুষ্ঠান গঢ়িবলৈ মানস কৰি এটি অনুষ্ঠান পাতিছিল আৰু সেই অনুষ্ঠানতে অতুলচন্দ্ৰ হাজৰিকা, নবীনচন্দ্ৰ শৰ্মা, আশ্ৰফ আলি আদি লোকৰ উপস্থিতি আৰু সহযোগত ১৯৫২ চনতে 'পাৰিজাত কানন' নামে এটি শিশু অনুষ্ঠান গঢ়ি তোলা হৈছিল আৰু ইয়াৰ কাৰ্যালয় আছিল "শান্তি ভৱন"৷ 'পাৰিজাত কানন'ৰ পৰিচালনাৰ দায়িত্বত আছিল নলিনীবালা দেৱী৷ ইয়াৰ আগতে তেজপুৰত দণ্ডীনাত কলিতাৰ উদ্যোগত 'পাৰিজাত সঙ্ঘ' নামে এটি কিশোৰ অনুষ্ঠান গঢ়ি উঠিছিল৷ পিছলৈ তেজপুৰত মহাদেৱ শৰ্মাৰ চেষ্টাত গঢ় লৈ উঠিছিল মইনা মেল আৰু যোৰহাটৰ পাৰিজাত সঙ্ঘ৷ তিনিচুকীয়াত মইনা মেলৰ অধিৱেশনত পাৰিজাত কানন আৰু মইনা মেলক একত্ৰিকৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হয় আৰু এখন মিলন সমিতি পাতি সভাপতি মহাদেৱ শৰ্মাক এইবিষয়ে কাম কৰাৰ দায়িত্ব দিয়া হয়৷ [3] পাৰিজাত কাননৰ লগত এক কৰি ১৯৫৪ চনত মইনা পাৰিজাত গঠন কৰা হয়৷ [4] পাৰিজাত কানন, মইনা মেল, পাৰিজাত সঙ্ঘ মিলন প্ৰচেষ্টা চলি থকাৰ আগতেই বৰপেটা জিলাৰ সৰ্থেবাৰীত ১৯৪০ চনত উদাসীন আতৈ শ্ৰীশ্ৰী ভক্তদাসদেৱে সখি সঙ্ঘ নামেৰে এটি শিশু কল্যাণকাৰী সংস্থা গঠন কৰিছিল৷ পৰৱৰ্তীকালত অসমৰ সকলো ঠাইতে ইয়াৰ শাখা খোলাৰ পৰিকল্পনা আছিল যদিও ই সফল হোৱা নাছিল৷[5] মইনা পাৰিজাত অসম ভিত্তিত গঠিত হোৱাৰ পিছত আৰু ইয়াৰ সভাপতি নিৰ্বাচিত হয় অসমৰ চিন্তাশীল ব্যক্তি, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বহুদিনৰে পৰা শিশুৰ কল্যাণৰ কামত নিয়োজিত মহাদেৱ শৰ্মা৷ তেওঁ প্ৰায় ৩২খন শিশু গ্ৰন্থ ৰচনা কৰিছিল৷ ১৮৮৬ চনত তেজপুৰত জন্মলাভ কৰা মহাদেৱ শৰ্মা এগৰাকী শিক্ষক আৰু পাছলৈ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল৷[6] মহাদেৱ শৰ্মাই দীঘলীয়া সময়ৰ বাবে মইনা পাৰিজাতৰ সভাপতি হৈ মুখপত্ৰ “মইনা’’ সম্পাদনা কৰি প্ৰকাশ কৰিছিল৷৷ [7]

সদৌ অসম মইনা পাৰিজাত

সম্পাদনা কৰক

মইনা পাৰিজাত ১৯৫৪ চনত প্ৰতিষ্ঠা কৰা হয়৷ প্ৰথমাৱস্থাত মহাদেৱ শৰ্মাৰ প্ৰচেষ্টাত তেজপুৰত “পাৰিজাত সংঘ’’ আৰু যোৰহাটত “মইনা মেল’’ গঠন হোৱাৰ পিছত ১৯৫২ চনত গুৱাহাটীত গঠন হৈছিল “সদৌ অসম পাৰিজাত কানন’’ আৰু ১৯৫০ চনত গঠিত হৈছিল “অসম প্ৰাদেশিক মইনামেল’’৷ পিছত দুয়োটা অনুষ্ঠানৰ ’মইনা’ আৰু ’পাৰিজাত’ শব্দ দুটা আনি দুয়োটা অনুষ্ঠানকে একে লগ কৰি ১৯৫৪ চনৰ ২৭ জুন তাৰিখে “মইনা পাৰিজাত’’ গঠন কৰা হয়৷ তেতিয়াৰ পৰাই এই শিশু অনুষ্ঠানটো “সদৌ অসম মইনা পাৰিজাত’’ নামেৰে পৰিচিত হয়৷[8] মইনা পাৰিজাতৰ আৰম্ভণি হৈছিল ১৯৫০ চনত আৰু একত্ৰীকৰণ কৰা হৈছিল ১৯৫৪ চনৰ ২৭ জুন তাৰিখে৷ জন্ম চন হিচাপে ১৯৫০ চন আৰু প্ৰতিষ্ঠা দিৱস হিচাপে ২৭ জুন তাৰিখটো সমগ্ৰ অসমত পালন কৰা হয়৷[5]

কাৰ্যালয়

সম্পাদনা কৰক

১৯৬১ চনলৈ মইনা পাৰিজাতৰ কোনো স্থায়ী কাৰ্যালয় নাছিল৷ ইয়াৰ আগৰ তথ্যসমূহো মইনা পাৰিজাতৰ বৰ্তমান কাৰ্যালয়ত নাই৷ স্মৃতিগ্ৰন্থ, প্ৰবন্ধ, আত্মজীৱনী আদিৰ পৰাহে তথ্যসমূহ লিপিৱদ্ধ কৰা হৈছে৷ ১৯৭০ চনৰ ফেব্ৰুৱাৰী মাহলৈ “মইনা পাৰিজাত’’ৰ সকলো কাম-কাজ যোৰহাটৰ পৰা পৰিচালিত হৈছিল কিন্তু ১৯৭০ চনৰ ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত মইনা পাৰিজাতৰ অষ্টম বাৰ্ষিক অধিৱেশনত লোৱা সিদ্ধান্তমৰ্মে মইনা পাৰিজাতৰ স্থায়ী কাৰ্যালয় গুৱাহাটীত পতা হয় আৰু সকলো তথ্য বিধিগতভাৱে ৰখাৰ সিদ্ধান্ত কৰা হয়৷ [5]

প্ৰতীক চিহ্ন

সম্পাদনা কৰক

মইনা পাৰিজাতৰ প্ৰতীক চিহ্নটো একত্ৰিকৰণৰ আগতে সৃষ্টি হোৱা পাৰিজাত কাননৰ প্ৰতীকটোৰ দৰেই৷ পাৰিজাত কাননৰ প্ৰতীকটোত এপাহি আধাফুলা পদুম ফুল, পঞ্চতীৰ্থৰ পাঁচটি পৰ্বত, শিখৰৰ মাজেৰে ওলাই অহা সোণোৱালী বেলি আৰু তলত ব্ৰহ্মপুত্ৰ নদ৷ এই গোটেইখিনি এটা বৃত্তৰ মাজত অঁকা হৈছিল৷ বৃত্তৰ গাতে লিখা হৈছিল, ’পাৰিজাত কানন, অসম’৷ পতাকাখনৰ ৰং সোণোৱালী আছিল৷[3] সেইটো প্ৰতীক চিহ্নকে মূল হিচাপে লৈ বৃত্তৰ ওপৰত ’মইনা পাৰিজাত’ আৰু তলফালে “আমি পোহৰ বিচাৰি যাওঁ’’ বুলি লিখি পৰ্বতৰ টিঙেৰে এটি উৰন্ত চৰাই আৰু পৰ্বতৰ টিঙক সামাৰি এডাল ফুলৰ মালা আঁৰি থকা অংকন কৰা হৈছে৷

নিয়মাৱলী

সম্পাদনা কৰক

সৰ্বসন্মতিৰূপে সদৌ অসম মইনা পাৰিজাত গঠন হোৱাৰ পিছত এখন নতুন নিয়মাৱলীৰ প্ৰয়োজন হয় আৰু ইয়াৰ দায়িত্ব দিয়া হয় আশ্ৰফ আলি আৰু ভবানন্দ দত্তক৷ দুয়ো লগলাগি মহাদেৱ শৰ্মাৰ সভাপতিত্বত এখন নতুন নিয়মাৱলী সদৌ অসম মইনা পাৰিজাতৰ বাবে ৰচনা কৰে৷[6] মইনা পাৰিজাত গঠন হোৱাৰ পিছত ১৯৫৮ চনৰ এপ্ৰিল মাহত ডিব্ৰুগড়ত প্ৰথম অধিৱেশন অনুষ্ঠিত হয়৷ ইয়াতেই ’মইনা পাৰিজাত’ৰ নতুন নিয়মাৱলী গ্ৰহণ কৰা হয় আৰু অনুষ্ঠানৰ নাম হয় “সদৌ অসম মইনা পাৰিজাত’’৷ ১৯৫৯ চনৰ শ্বিলঙত থকা অসম চৰকাৰৰ পঞ্জীয়ন কাৰ্যালয়ত ’সমিতি পঞ্জীয়ন আইন’ ১৯৬০, ২১ নং ধাৰামতে “সদৌ অসম মইনা পাৰিজাত’’ৰ পঞ্জীয়ন কৰা হয়৷ পঞ্জীয়ন নম্বৰ, ৫২/১৯৫৯-৬০৷[5] সদৌ অসম মইনা পাৰিজাত গঠন হোৱাৰে পাছত গঠিত নিয়মাৱলীমতে মইনা পাৰিজাতৰ প্ৰাথমিক সভ্যৰ সৰ্বোচ্চ বয়স ১২ বছৰ৷ এই নিয়মাৱলীৰ ১৯৮২ চন, ২০০১ চন, ২০০৬ চন, ২০০৭ চন আৰু ২০১৩ চনত সংশোধন কৰা হয় যদিও লক্ষ্য আৰু উদ্দেশ্যৰ লগতে প্ৰাথমিক সদস্যৰ বয়সৰ কোনো সালসলনি কৰা নাই যদিও, ২০০৬ চনৰ সংশোধনীমতে ১৩ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে মইনা পাৰিজাতৰ ভিতৰতে এটি “চেমনীয়া চ’ৰা’’ গঠনৰ সিদ্ধান্ত কৰা হয়৷[5] নিয়মাৱলীয়ে মইনা পাৰিজাতৰ কাৰ্যাৱলী সময়ে সময়ে নিৰ্দ্দিষ্ট কৰি দিয়ে৷

লক্ষ্য আৰু উদ্দেশ্য

সম্পাদনা কৰক

নিয়মাৱলীত সন্নিৱিষ্ট মতে ’মইনা পাৰিজাত’ৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছে৷ সেই অনুসৰি অনুষ্ঠানটিৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল, “দেশৰ উঠি অহা শিশুসকলক নিজে নিজে সংঘৱদ্ধ হ’বলৈ সুবিধা দি আনন্দ আৰু ধেমালিৰ মাজেৰে তেওঁলোকৰ সহজাত প্ৰবৃত্তিবোৰৰ সুষমাময় বিকাশ কৰোৱা আৰু বিভিন্ন কাৰ্যপন্থাৰ যোগে তেওঁলোকক ভৱিষ্যতৰ দায়িত্বশীল, সামাজিক, নৈতিক আৰু সাংস্কৃতিক জীৱনৰ ভেটী ৰচনা কৰিবলৈ শিক্ষা দিয়া আৰু দেশ-বিদেশৰ শিশুসকলৰ পৰস্পৰৰ মাজত পৰিচয় ঘটাই মিলা-প্ৰীতি বঢ়োৱা৷’’ [5]

মইনা পাৰিজাতে এই অনুষ্ঠানৰ সৰ্বোচ্চ সন্মান “পাৰিজাত ৰত্ন’’ বঁটা, “শিশু মহীয়ান’’ আৰু “শিশু বন্ধু’’ বঁটা-সন্মান প্ৰদান কৰে৷ দ্বাদশ সদৌ অসম মইনা পাৰিজাতৰ শিৱসাগৰ অধিৱেশনত পাৰিজাতৰ প্ৰথম সৰ্বাধিনায়িকা নলিনীবালা দেৱীক, প্ৰথম সভাপতি মহাদেৱ শৰ্মা আৰু প্ৰতিষ্ঠাপক সম্পাদক ত্ৰৈলোক্যনাথ শৰ্মাক মৰণোত্তৰভাৱে মইনা পাৰিজাতৰ সৰ্বোচ্চ সন্মান “পাৰিজাত ৰত্ন’’ প্ৰদান কৰে৷ মইনা পাৰিজাতৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱা হেমন্ত বৰদলৈক “শিশু মহীয়ান’’ উপাধি প্ৰদান কৰা হয়৷ মইনা পাৰিজাতে ইয়াৰ পিছত অনেক ব্যক্তিক শিশুবন্ধু উপাধি প্ৰদান কৰে৷[5]

মইনা পাৰিজাতৰ কৰ্ম আঁচনি

সম্পাদনা কৰক

সদৌ অসম মইনা পাৰিজাত গঠন হোৱাৰে পৰা এতিয়ালৈকে অনুষ্ঠানটোৱে শিশু কল্যাণকামী নানা আঁচনি সম্পাদন কৰি আহিছে৷ সেইবোৰৰ কিছুমান হ’ল, কৰ্মী প্ৰশিক্ষণ, অৱসৰ বিনোদন শিবিৰ, পাৰিজাত কুঞ্জ, শিবিৰ, ৰাজ্যিক কৰ্মশালা, প্ৰাক্-প্ৰাথমিক বিদ্যালয়, পাৰিজাত সদন আদি৷ এইবোৰৰ উপৰি নাট্য-প্ৰশিক্ষণ, অসম ভিত্তিত নাট প্ৰতিযোগিতা, অসম ভিত্তি বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়৷

কৰ্মী প্ৰশিক্ষণ

সম্পাদনা কৰক

১৯৭২ চনৰ ১৯ জুলাইৰ পৰা ২২ জুলাইলৈ গুৱাহাটীৰ টেক্সটাইল ইনষ্টিটিউটত সদৌ অসম মইনা পাৰিজাতৰ প্ৰথম কৰ্মী প্ৰশিক্ষণ অনুষ্ঠিত হয়৷ তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰীয় জন সহযোগ আৰু শিশু বিকাশ সংস্থা, দিল্লীত প্ৰতিবছৰে ৪-৫ জন কৰ্মীক প্ৰশিক্ষণ দি থকা হয়৷ এই প্ৰতিষ্ঠানৰ অধীনত ’উত্তৰ পূব মণ্ডল’ৰ গুৱাহাটীৰ কেন্দ্ৰত প্ৰতিবছৰে ৩০-৪০ জন কৰ্মীক প্ৰশিক্ষণৰ সুবিধা দি অহা হৈছে আৰু এতিয়ালৈকে মুঠ ৩২টা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে৷[5]

অৱসৰ বিনোদন শিবিৰ

সম্পাদনা কৰক

ৰাজ্যিক সমাজ কল্যাণ উপদেষ্টা পৰিষদৰ অৰ্থ-সাহায্য আৰু নিজা সংগৃহীত পুঁজিৰ যোগেদি জিলা আৰু আঞ্চলিক ভিত্তিত ঠায়ে ঠায়ে অৱসৰ বিনোদন শিবিৰ পতা হয়৷[5]

পাৰিজাত কুঞ্জ

সম্পাদনা কৰক

সমাজ কল্যাণ উপদেষ্টা পৰিষদৰ অৰ্থ-সাহায্যৰে ১৯৮০ চনত ৫টা, ১৯৮২ চনত ১০টা আৰু ১৯৮৩ চনত ১২টা ক্ৰেছ চেণ্টাৰ চলাই থকা হৈছে৷ ০-৬ বছৰ বয়সৰ শিশুক পুৱাৰ লঘু আহাৰ দি স্বাস্থ্য পৰীক্ষাৰে পৰা নানা শিক্ষামূলক বিষয় গীত-মাতৰ মাধ্যমেৰে শিক্ষা দি অহা হৈছে৷[5]

১৯৯২ চনৰ পৰা ১৯৯৪ চনলৈ গুৱাহাটী, যোৰহাট, শিৱসাগৰ, ধুবুৰী, তেজপুৰ আদি ঠাইত বিভিন্ন কাৰ্যসূচীৰে শিবিৰ অনুষ্ঠিত কৰা হৈছিল৷[5]

ৰাজ্যিক কৰ্মশালা

সম্পাদনা কৰক

২০০৬ চনৰ ডিচেম্বৰ মাহত গোলাঘাটত চাৰিদিনীয়া এখন ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ সদৌ অসমৰ মইনা পাৰিজাতৰ পৰিচালক আৰু বিষয়ববীয়াৰ এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া হয়৷ ২০১৫ চনৰ পৰা ২০১৬ চনলৈ মুঠ ১২খন এনে কৰ্মশালা অনুষ্ঠিত কৰা হয়৷[5]

প্ৰাক্-প্ৰাথমিক বিদ্যালয়

সম্পাদনা কৰক

ৰাজ্যিক সমাজ কল্যাণ উপদেষ্টা পৰিষদৰ অৰ্থ-সাহায্য আৰু ৰাইজৰ দান-বৰঙণিৰে সদৌ অসম মইনা পাৰিজাতৰ বিভিন্ন শাখাই অসমৰ বিভিন্ন ঠাইত শিশুৰ শিক্ষা ব্যাৱস্থাৰে “প্ৰাক্-প্ৰাথমিক’’ আৰু “বালোৱাৰী’’ কেন্দ্ৰ প্ৰশিক্ষণ-প্ৰাপ্ত শিক্ষয়িত্ৰী আৰু কেন্দ্ৰ সহায়িকাৰ দ্বাৰা চলাই আহিছে৷[5]

পাৰিজাত সদন

সম্পাদনা কৰক

অনাথ শিশুক আশ্ৰয় দিবলৈ সদৌ অসম মইনা পাৰিজাতৰ অধীনত নলবাৰী জিলা আৰু বোকাখাটত দুখন “পাৰিজাত সদন’’ চৰকাৰী অনুদান আৰু ৰাইজৰ দান-বৰঙণিৰে চলাই থকা হৈছে৷ এই দুয়োখন সদন ৰাজ্যিক কেন্দ্ৰীয় সমিতিয়ে পৰিচালনা কৰে৷ অৱশ্যে অৰ্থৰ অভাৱত নলবাৰীৰ সদনখন ১৯৯৩ চনৰ পৰা অস্থায়ী ভাৱে বন্ধ হৈ আছে৷[5]

সদৌ অসম মইনা পাৰিজাতে শিশুসকলৰ মাজত সততে সাহিত্যানুৰাগ সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষৱপ লৈ আহিছে৷ এই উদ্দেশ্যে আঞ্চলিক ভিত্তিত, জিলা ভিত্তিত, কেন্দ্ৰীয় ভিত্তিত নানা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি প্ৰায় সকলো অধিৱেশনতে স্মৃতিগ্ৰন্থ বা মুখপত্ৰ “মইনা’’ প্ৰকাশ কৰি আহিছে৷ তেনে কিছুমান মুখপত্ৰ হ’ল, “দেৱদূত’’, “মুকুতামণি’’, “পখিলা’’, “পাৰিজাত সুবাস’’, “কুঁকি’’, “চুপহি’’ আদি৷ ২০১৩ চনৰ চতুৰ্দ্দশ শিশু সমাৰোহৰ তেজপুৰত বহা অধিৱেশনত সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰাৰ সম্পাদনাত প্ৰকাশ কৰা হয় “মইনা পাৰিজাতৰ ইতিহাস’’৷ [5]

শাখাসমূহ

সম্পাদনা কৰক

অসমৰ ১৯ খন জিলাত মইনা পাৰিজাতৰ ২৭৬৬ টা শাখা আছে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "মইনা পাৰিজাতত গণিত অন্বেষণ". https://xahitya.org/21-oct-feelings-3/। আহৰণ কৰা হৈছে: 20 September 2022. 
  2. শইকীয়া, পুষ্পেন্দ্ৰ (২০১৭). "অসমত মইনা পাৰিজাতৰ আঁৰত?...". চুপহি, স্মৃতিগ্ৰন্থ: ৰাজ্যিক সমাৰোহ, স:অ:ম:পা: কলিয়াবৰ. 
  3. 3.0 3.1 দেৱী, নলিনীবালা (২ মাৰ্চ ১৯৭০). "অসমৰ শিশু অনুষ্ঠান:মইনা পাৰিজাত". নতুন অসমীয়া. 
  4. "কলিয়াবৰ জিলা মইনা পাৰিজাতৰ অতীত আৰু বৰ্তমান". মনপুৰ মৌচন্দা: ২৫৯. ফেব্ৰুৱাৰী ২০১৫. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 5.12 5.13 5.14 বৰা, ৰাতুল (ডিচেম্বৰ ২০১৭). "সদৌ অসম মইনা পাৰিজাতৰ সংক্ষিপ্ত ইতিহাস আৰু কাৰ্যাৱলীৰ চমু আভাস". চুপহি. 
  6. 6.0 6.1 দেৱী, নলিনীবালা (১৯৭৬). এৰি অহা দিনবোৰ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২২৫-২৩৩. 
  7. বৰ্মন, শিৱনাথ (১৯৯২). মহাদেৱ শৰ্মা. বনলতা. পৃষ্ঠা. ১৮৪. ISBN 978-81-7339-428-7. 
  8. "ওমলা দিনৰ ’মইনা মেল’ আজি নষ্টালজিয়া". https://www.somoloy.org/2020/07/umaladinormoinamel.html.