ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৯/ভাল প্ৰবন্ধ

ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ,লেডি মেলোৱেন (Dame Agatha Mary Clarissa Christie, Lady Mallowan), (১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দিত ইংৰাজী লেখিকা। তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত ৬৬খন উপন্যাস, ১৪খন চুটিগল্প সংকলন আৰু হাৰকিউল পয়ৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেকটিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দা মাউছট্ৰেপ(The Mousetrap) নামৰ ৰহস্যধৰ্মী নাটকখনৰ বাবেও আগাথা ক্ৰিষ্টি জনাজাত। উল্লেখযোগ্য যে, এইখন হৈছে পৃথিৱীত সুদীৰ্ঘ সময় ধৰি প্ৰদৰ্শিত হোৱা নাটক৷

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আগাথা ক্ৰিষ্টিক সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিকা হিচাপে তালিকাভুক্ত কৰিছে। তেওঁৰ উপন্যাসৰ বিক্ৰী-সংখ্যাই প্ৰায় ৩০০ কোটিৰ ঘৰ চুইছে। পৃথিৱীত বহুলভাৱে প্ৰকাশিত হোৱা গ্ৰন্থৰ তালিকাখনত শ্বেইকছপীয়েৰ আৰু বাইবেলৰ পিছতেই আছে আগাথা ক্ৰিষ্টিৰে স্থান। ইণ্ডেক্স ট্ৰেন্সলেছ'নামৰ মতে (Index Translationum) আগাথা ক্ৰিষ্টিৰ গ্ৰন্থ ১০৩ টা ভাষালৈ অনূদিত হৈছে ৷ সৰ্বাধিক ভাষালৈ অনূদিত হোৱা লেখকৰ তালিকাত আগাথা ক্ৰিষ্টিয়েই প্ৰথম স্থান অধিকাৰ কৰিছে ৷

বিতংকৈ পঢ়ক...