ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২১/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

মঞ্জিল কোঁ‌ৱৰ: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৮৮টা প্ৰবন্ধ আৰু ১২৯০টা সম্পাদনাৰে অনন্য বৰঙণি আগবঢ়োৱাৰ লগতে অসমীয়া ৱিকিউৎসতো বিভিন্ন সম্পাদনা কৰিছে। অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Working Man's Barnstar”, "চলচ্চিত্ৰ পদক", "অসমীয়া চলচ্চিত্ৰ পদক", "জীৱনীকাৰ পদক" আদিৰে সন্মানিত কৰিছে। আমি সমূহ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।