ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২১/ভাল প্ৰবন্ধ

ঊষা উথুপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। ১৯৪৭ চনৰ ৭ নৱেম্বৰ তাৰিখে মুম্বাইৰ এক তামিল পৰিয়ালত ঊষাই জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক বিদ্যানাথ সোমেশ্বৰ চামি মূলতঃ তামিলনাডুৰ চেন্নাইৰ বাসিন্দা আছিল। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত। তেওঁ ৰেখা ভৰদ্বাজৰ সৈতে '৭ খুন মাফ' ছবিখনৰ 'ডাৰ্লিং' গীতৰ বাবে ২০১২ চনত শ্ৰেষ্ঠ মহিলা নেপথ্য গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ 'সাৰাভাই বনাম সাৰাভাই' টেলিভিছন শৃংখলাৰ প্ৰথম সংস্কৰণৰ বাবে শীৰ্ষক গীত গাইছিল।

তেওঁ বাইকুলাৰ ছেণ্ট এগ্নেছ হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ স্কুলত থাকোঁতে এবাৰ সংগীত শ্ৰেণীৰ পৰা তেওঁৰ মাতৰ বাবে বাহিৰ কৰা হৈছিল। কিন্তু তেওঁৰ সংগীত শিক্ষকে চিনাক্ত কৰিছিল যে তেওঁৰ ভিতৰত কিছু সাংগীতিক প্ৰতিভা আছে আৰু সেইবাবে তেওঁক ট্ৰাইএংগেল বজাবলৈ আৰু হাত চাপৰি মাৰিবলৈ দিয়া হৈছিল। আনুষ্ঠানিকভাৱে সংগীতৰ প্ৰশিক্ষণ লাভ নকৰা সত্ত্বেও তেওঁ এক সংগীতৰ পৰিৱেশত ডাঙৰ হৈছিল। তেওঁৰ মাক-দেউতাকে পশ্চিমীয়া শাস্ত্ৰীয়ৰ পৰা হিন্দুস্তানী আৰু কৰ্ণাটিক সংগীৰ প্ৰশংসক আছিল। তেওঁলোকে কিশোৰী আমিনকাৰ আৰু বড়ে গোলাম আলী খানকে ধৰি ৰেডিঅ'ত এক বিস্তৃত পৰিসৰ সংগীত শুনিছিল আৰু তেওঁ তেওঁলোকৰ সৈতে যোগদান কৰিছিল। ঊষাই ৰেডিঅ' চিলন উপভোগ কৰিছিল। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ মৈত্ৰেয়ীৰ বিষয়ে ইয়াত পঢ়ক