ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

পোনপ্ৰথমতে সমূহ ৱিকিপিডিয়ানলৈ নমস্কাৰ জনাইছোঁ।

যোৱা বছৰৰ কথা। বৈচিত্ৰ্যহীন অলস দিন এটাত এনেয়ে ফেচবুক চলাই থাকোঁতে হঠাতে এটা পোষ্টত চকু পৰিল। কলেজৰ ছিনিয়’ৰ তথা ৱিকিৰ সক্ৰিয় সদস্য অনামিকা বাৰ ৱিকিউৎস সম্পৰ্কীয় পোষ্টটো দেখা পাই অধিক জানিবলৈ বালৈ ফোন কৰিলোঁ‌। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আগতে জানিছিলোঁ যদিও ৱিকিত কেনেকৈ প্ৰবন্ধপাতি লিখে জনা নাছিলোঁ‌। কিন্তু ৱিকিউৎস মোৰ বাবে এক নতুন কথা আছিল। ফোনতে অনামিকা বাই একাউণ্ট এটা খুলি কেনেকৈ ৱিকিউৎসত সম্পাদনাৰ কাম কৰিব লাগে বুজাই দিছিল। ৰঙা, হালধীয়া, সেউজীয়া বুটামৰ ৰহস্যখিনিও তন্ন তন্নকৈ বুজাই দিছিল যদিও এক সংকোচ তথা অহেতুক ভয়ৰ বাবে সম্পাদনা কৰিবলৈ সাহস কৰা নাছিলোঁ - কিজানিবা কিবা ভুল হৈ যায়। অৱশ্যে লকডাউনতে অনুষ্ঠিত হোৱা কেইবাখনো ৱিকিউৎসৰ কৰ্মশালাই এই ভয় ভাঙিলে। অভিজ্ঞ তথা জ্যেষ্ঠ সদস্যসকলৰ উৎসাহ আৰু সাহসৰ বলতেই ৱিকিউৎসৰ সৰ্বভাৰতীয় মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত ভাগ লোৱাৰো অভিজ্ঞতা হ’ল। নশিকাৰু হিচাপে ৱিকিউৎসৰ কিছুমান সাঁ‌চৰ ব্যৱহাৰ নাজানিছিলোঁ যদিও অভিজ্ঞ সদস্যসকলে এইক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। ৰাতি দুই তিনি বজালৈকে যেতিয়া এই মানুহখিনিক ৱিকিউৎসৰ কাম কৰি থকা দেখোঁ তেতিয়া সঁ‌চায়েই আচৰিত লাগে।

ৱিকিউৎসৰ সমান্তৰাললৈ সেইসময়ত ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈও শিকিছিলোঁ‌। ভুলে শুদ্ধই আৰম্ভ কৰা প্ৰবন্ধ এটাত যেতিয়া আন সদস্যই ভুলবোৰ শুধৰাই দিয়ে বা অধিক তথ্যপাতি দি প্ৰবন্ধটো বহলাই দিয়া বুলি শেহতীয়া সাল-সলনিত দেখোঁ তেতিয়া মনটো ভাল লাগে। লাহে লাহে নতুন প্ৰবন্ধৰ বাবে তথ্যপাতি যোগাৰ কৰা বা অনুবাদ কৰা কামটোৱে আমোদ দিবলৈ ধৰিলে। শেহতীয়া সাল-সলনিত গৈ দিনটোত কোনে কি প্ৰবন্ধ লিখিলে বা কি সম্পাদনা কৰিলে চাই থকাটোও একপ্ৰকাৰৰ নিচাৰ দৰেই হ’ল।

প্ৰথম কেইমাহমান ৱিকিত কাম কৰি অনুভৱ কৰিলোঁ, যেন ৱিকিত সক্ৰিয় সদস্যৰ সংখ্যা বৰ কম। কিন্তু লাহে লাহে নতুন সদস্যৰো আগমণ ঘটা দেখা পাইছোঁ। এইক্ষেত্ৰত ফেচবুক বা আন ছ'চিয়েল মিডিয়াসমূহত প্ৰচাৰৰ সক্ৰিয়তা দেখি ভাল লাগিছে। ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ এই যুঁ‌জখনত নতুন সদস্যসকলেও কোনো সংকোচ নোহোৱাকৈ আগবাঢ়ি অহা উচিত। কিয়নো নশিকাৰুসকলক শিকাবলৈ ৱিকিৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যসকল সদাপ্ৰস্তুত। ইয়াৰোপৰি ইমান নিৰলে,নিস্বাৰ্থভাৱে আৰু ইমান সহযোগিতাৰে কিজানি কেৱল এই ৱিকিৰ জগতখনতহে কাম হৈ থাকে।

শেষত এইমাহৰ "ৱিকিপিডিয়ানৰ মনৰ কথা" লিখিবলৈ এই সুযোগকণ দিয়াৰ বাবে অসমীয়া ৱিকিপিডিয়া সমাজৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ। অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ উন্নতি কামনাৰে... প্ৰদ্যুৎ প্ৰতীম দত্ত (বাৰ্তা) 11:21, 31 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]