ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩/ৱিকিপিডিয়ানৰ মনৰ কথা

সামাজিক অনুষ্ঠান, চাকৰি-বাকৰি, সাহিত্য, ৰাজনীতিৰ দৰে ৱিকি প্ৰকল্প সমূহতো লিংগ ব্যৱধান এটা লক্ষণীয় বিষয়। অসমীয়া বা আঞ্চলিক ভাষাসমূহতে নহয়, ইংৰাজী ৱিকিপডিয়া আৰু অন্যান্য প্ৰকল্পসমূহতো বিস্তৰ লিংগ ব্যৱধান দেখা যায়। এই লিংগ ব্যৱধান দুই প্ৰকাৰৰ- প্ৰথম, প্ৰকল্পসমূহত পুৰুষ আৰু মহিলা সম্পাদকৰ অংশগ্ৰহণৰ অনুপাতত বিস্তৰ পাৰ্থক্য আৰু দ্বিতীয়, আঞ্চলিক ভাষাৰ ৱিকিপিডিয়াবোৰত নাৰীৰ জীৱনী আৰু অন্যান্য নাৰী বিষয়ক সমল তুলনামূলকভাৱে তাকৰ। মহিলা সম্পাদকৰ অংশগ্ৰহণ বঢ়াবলৈ বা তেওঁলোকক উৎসাহিত কৰিবলৈ মহিলাৰ বাবে বিশেষ কৰ্মশালাৰ আয়োজন কৰাৰ উপৰি ৱিকি কৰ্মশালা, আলোচনাচক্ৰ, সন্মিলন আদিত মহিলাৰ অংশগ্ৰহণ যাতে উপযুক্ত অনুপাতত হয়, তাৰবাবে বিশেষ দৃষ্টি ৰখা হয়। আনহাতে ৱিকিপি়ডিয়াত যাতে নাৰী বিষয়ক সমল বৃদ্ধি পায়, তাৰবাবে আজি কেইবছৰমানৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত ৱিকি লাভছ্ ৱুমেন, আৰু নাৰীবাদ আৰু লোকগাথা শীৰ্ষক সম্পাদনা মেলা আয়োজন কৰি অহা হৈছে।

অসমীয়া ভাষাত তিনিটা ৱিকি প্ৰকল্পই নিজা ড’মেইন লাভ কৰিছে- ৱিকিপিডিয়া, ৱিকিউদ্ধৃতি আৰু ৱিকিউৎস। ইয়াৰে প্ৰথমটোত পুৰুষৰ প্ৰভূত্ব থকাৰ বিপৰীতে ৱিকিউৎসত মহিলাৰ অংশগ্ৰহণ অতি সন্তোষজনক। ৱিকিউৎসই আয়োজন কৰা “প্ৰুফৰিড-এ-থন”ত বহু কেইগৰাকী মহিলা সম্পাদকে স্থানীয় পৰ্যায়তেই নহয়, সৰ্বভাৰতীয় স্থানো দখল কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে ২০১৯ চনৰ পৰা ২০২২ চনলৈ আয়োজিত নাৰীবিষয়ক এডিটাথনত মহিলাৰ অংশগ্ৰহণ বা বঁটাপ্ৰাপকৰ সংখ্যা সন্তোষজনক নহয়।

বৰ্তমান ১ ফেব্ৰুৱাৰীৰ পৰা ১৫ এপ্ৰিললৈ নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ চলি আছে আৰু তাত অসমীয়া ৱিকিপিডিয়ায়ো অংশগ্ৰহণ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত আজিৰ তাৰিখলৈ যোগদান কৰা ১২জন প্ৰতিযোগীৰ ৫গৰাকী মহিলা। শতাংশৰ হিচাপেৰে ৪২ শতাংশ; যিটো এক সন্তোষজনক সংখ্যা। মহিলা সম্পাদকৰ দ্বাৰা সৃষ্ট প্ৰবন্ধৰ সংখ্যাও পূৰ্বৰ তুলনাত বাঢ়িছে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে মোক মনৰ কথা লিখিবলৈ কোৱা হৈছিল। পোনেপোনে ক'বলৈ হ’লে প্ৰতিযোগিতাৰ আয়োজকৰ কাণ্ড-কাৰখানাত মই সুখী নহয়। কথা হ’ল, যিহেতু ই এখন আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতা, সেয়েহে অংশগ্ৰহণকাৰীসকলো কমিউনিটিৰ বাবে ইয়াৰ মূল নীতি-নিয়মৰ সমতা থকা উচিত। কিন্তু বহু কমিউনিটিয়ে শীৰ্ষৰ বঁটাবোৰ হস্তগত কৰাৰ লক্ষ্যৰে নিজৰ সুবিধামতে নীতি-নিয়ম নিৰ্ধাৰণ কৰি লয়। বহু কমিউনিটিয়ে পোনপতীয়াকৈ যান্ত্ৰিকভাৱে অনূদিত প্ৰবন্ধকো গ্ৰহণ কৰিছে। পূৰ্বৰ প্ৰতিযোগিতাবোৰতো এনে খেলিমেলি দেখা গৈছিল। নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ত মাত্ৰ পঞ্চাচটা শব্দৰ ভিতৰত প্ৰবন্ধ লিখিও বৈশ্বিক পৰ্যায়ৰ শীৰ্ষৰ দুটা স্থান দখল কৰিছিল উৰ্দু ৱিকিপিডিয়াই। মানে কোনোবাই এশ মিটাৰ দৌৰিয়ে বিজয়ী হৈছে আৰু কোনোবাই চাৰিশ মিটাৰ দৌৰিও পৰাজিত। এয়া কোনো ক্ষেত্ৰতে নিশ্চয় যুক্তিসংগত নহয়। এনে অসমতা আৰু উদ্দেশ্য প্ৰণোদিত নীতি নিৰ্ধাৰণৰ বিৰুদ্ধে পূৰ্বেও আৰু এইবাৰো আয়োজকমণ্ডলীক অভিযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকে ন্যায়সংগত ব্যৱস্থা ল’বলৈ অক্ষম।

যিয়েও নহওক বিভিন্ন ওজৰ-আপত্তি থাকিলেও এনে ধৰণৰ প্ৰতিযোগিতাবোৰৰ এক ভাল প্ৰভাৱ আছে। এইবাৰৰ প্ৰতিযোগিতাত জমা দিয়া প্ৰবন্ধৰ সংখ্যাই ইতিমধ্যে চাৰিশ অতিক্ৰম কৰিছে। প্ৰতিযোগিতাৰ শেষলৈ পাঁচশ অতিক্ৰম কৰাৰ আশা কৰিছোঁ। এইবেলি দুজন সদস্যৰ অজয় দাস আৰু chanakyakdas-ৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। অজয় দাসে যেনিবা এটা প্ৰবন্ধৰে প্ৰতিযোগিতাত নামটো লিখাইছে। ঠিক প্ৰতিযোগীৰ মনোভাবেৰে অংশ নল'লেও ২০২২ চনৰ নাৰীবাদত –chanakyakdas-য়ে নাৰীৰ সৈতে জড়িত চিকিৎসা বিজ্ঞান সম্পৰ্কীয় ৭টা প্ৰবন্ধৰে অমূল্য অৱদান আগবঢ়াইছিল। তেওঁ কেৱল কাৰিকৰী দিশতে পাৰদৰ্শী নহয়, তেওঁৰ অনুবাদ দক্ষতাও অতি প্ৰশংসনীয়। শেষত মোক বিচাৰক হিচাপে মনোনীত কৰাৰ বাবে অসমীয়া ৱিকি কমিউনিটিক ধন্যবাদ জনালোঁ।
বাবুল বৈশ্য (বাৰ্তা) 05:02, 2 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]