ৱিকিপিডিয়া:নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩

নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰকল্পটো হৈছে বিশ্বজুৰি লোকগাথা সম্বন্ধীয় মিডিয়াৰ সংগ্ৰহৰ বাবে ৱিকিমিডিয়া কমন্সত আয়োজিত ৱিকি লাভ্‌ছ ফকল’ৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ ৱিকিপিডিয়া সংস্কৰণ।

এই প্ৰতিযোগিতাৰ মূল লক্ষ্য হৈছে মানৱ জাতিৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহত সমল সংগ্ৰহ কৰা। এই বছৰ বিষয় হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক সংস্কৃতিৰ লগতে লৈংগিক ব্যৱধানৰ উন্নতি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিশ্বৰ সাংস্কৃতিক ঐতিহ্য আৰু লোকগাথাৰ মহিলাসকলৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাই এই প্ৰকল্পৰ উদ্দেশ্য। এই বছৰ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৩-ৰ পৰা ১৫ এপ্ৰিল ২০২৩-লৈ চলিব। বিগত বৰ্ষৰ সংস্কৰণসমূহৰ বাবে ২০২১ আৰু ২০২২ সংস্কৰণৰ পৃষ্ঠা চাওক।

সময়সীমা: ১ ফেব্ৰুৱাৰী ২০২৩ - ১৫ এপ্ৰিল ২০২৩

বিষয়বস্তু সম্পাদনা কৰক

এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব।

লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোকাচাৰ, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

নিয়মাৱলী সম্পাদনা কৰক

  • বিস্তাৰিত প্ৰবন্ধ অথবা নতুন প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনুবাদ কৰিলেও পাছত যথোচিত কপি-সম্পাদনা কৰাটো প্ৰয়োজনীয়।
  • প্ৰবন্ধসমূহ ১ ফেব্ৰুৱাৰী ২০২৩-ৰ পৰা ১৫ এপ্ৰিল ২০২৩-ৰ ভিতৰত বিস্তাৰ কৰিব লাগিব অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহৰ বিষয়বস্তু নাৰীবাদ আৰু লোকগাথা বিষয়ক হ’ব লাগিব।
  • নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।

পুৰস্কাৰ সম্পাদনা কৰক

গোলকীয় পৰ্য্যায়ত সকলো ৱিকিপ্ৰকল্পক সামৰি:

  • শীৰ্ষৰ তিনিজন অৱদানকাৰীক ক্ৰমে ৩০০, ২০০, আৰু ১০০ আমেৰিকান ডলাৰ আৰু
  • ৫০ আমেৰিকান ডলাৰকৈ ১০টা নিচুকণি বঁটা প্ৰদান কৰা হ'ব।
  • স্থানীয় পৰ্যায়ত সৰ্বমুঠ ৫টা বঁ‌টা দিয়া হ'বঃ

প্ৰথমঃ ৩০০০ টকা
দ্বিতীয়ঃ ২০০০ টকা
তৃতীয়ঃ ১৫০০ টকা
চতুৰ্থঃ ১২০০ টকা
পঞ্চমঃ ৮০০ টকা
অধিক তথ্যৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।

অংশগ্ৰহণ সম্পাদনা কৰক

অংশগ্ৰহণ কৰক সম্পাদনা কৰক

অংশগ্ৰহণ কৰক

প্ৰবন্ধ জমা কৰক সম্পাদনা কৰক

প্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।

প্ৰবন্ধৰ তালিকা সম্পাদনা কৰক

তলৰ তালিকাত নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩-ৰ বাবে কিছু প্ৰবন্ধৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰতিযোগিতাখনত সৃষ্টি কৰিব পৰা প্ৰবন্ধ কেৱল এই তালিকাখনতে সীমাবদ্ধ নহয়। আপুনি এই তালিকাখনৰ পৰা বা বিষয়বস্তুৰ লগত সংগতি ৰাখি আন কোনো প্ৰবন্ধ সৃষ্টি কৰিব পাৰে বা প্ৰবন্ধৰ প্ৰস্তাব আলোচনা পৃষ্ঠাত দিব পাৰে।

সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক

এই এডিটাথনত সৃষ্টি কৰা প্ৰবন্ধসমূহ নাৰীবাদ আৰু লোকগাথা ২০২৩ নামৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে। বৰ্তমানলৈ প্ৰতিযোগিতাৰ অংশ হিচাপে ৫০৪টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে।

এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:

  1. দিব্য দত্ত
  2. বাবুল বৈশ্য


অধিক ফলাফলৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।

সমন্বয়ক সম্পাদনা কৰক

  1. নয়ন জ্যোতি নাথ
  2. চন্দন চিৰিং ফুকন
ক্ৰমিক নং সদস্যৰ নাম প্ৰবন্ধৰ সংখ্যা গৃহীত প্ৰবন্ধৰ সংখ্যা স্থান
বাবুল বৈশ্য ১৬০ ১৬০ প্ৰথম
ঈশান জ্যোতি বৰা ১২৭ ১২৭ দ্বিতীয়
প্ৰণামিকা আধিকাৰী ৮০ ৭৬ তৃতীয়
নয়ন জ্যোতি নাথ ৬৮ ৬৮ চতুৰ্থ
চন্দন চিৰিং ফুকন ৩৩ ৩৩ পঞ্চম
গীতাশ্ৰী গগৈ আপ্তে ১২ ১২ ষষ্ঠ
প্ৰাণজ্যোতি নাথ ১৩ ১২ ষষ্ঠ
জোনালী বৰুৱা সপ্তম
জলি ৰুমী বৰা অষ্টম
১০ হানিফ আলী অষ্টম
১১ অজয় দাস নৱম