ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ ২১ বছৰৰ ১০ মাহৰ পিছত প্ৰায় জন্মলগ্নৰে এজন ৱিকিপিডিয়ান হিচাপে ‘মনৰ কথা’ লিখিবলৈ লৈ অনেক পুৰণি স্মৃতিয়ে আমনি কৰিছে। সেই স্মৃতিত ভাহি উঠিছে মাতৃভাষাৰ প্ৰতি কাম কৰিবলৈ আগবাঢ়ি অহা অতি কম সংখ্যক লোকৰ নিষ্ঠা, একাগ্ৰতা আৰু জনা-নজনাৰ মাজেৰেই প্ৰতিকূল পৰিৱেশৰ মাজতো অসমীয়া ৱিকিপিডিয়াৰ আধাৰশিলা স্থাপন কৰাৰ সংগ্ৰাম আৰু ব্যক্তিগত জীৱনৰ অনেক মিঠা-তিতা অভিজ্ঞতাৰ সংমিশ্ৰণ।

অসমীয়া ৱিকিপিডিয়াত থকা তথ্য অনুসৰি “২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰে। কিন্তু সেই সময়ত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। উপ-ডমেইন লাভ কৰাৰ পিছতো ইয়াৰ কাম আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা “ইউনিক’ড” জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হয়। ২০০৬ চনত ছেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়। একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে।” হয় ২০০২ চনতে অসমীয়া ৱিকিপিডিয়াই জন্ম লাভ কৰিলেও ২০০৬ চনলৈকে অসমীয়া ৱিকিপিডিয়াত বিশেষ কাম হোৱা নাছিল। একে বছৰৰে “ছেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা”ৰ ঠিক পিছতেই ‘অসমীয়া ৱিকিপিডিয়া’ত মোৰ প্ৰথম সম্পাদনাৰ তথ্য পোৱা যায় ২০০৬ চনৰ ১৬ ডিচেম্বৰত ‘অসম’ শীৰ্ষক প্ৰবন্ধত। ব্যক্তিগতভাৱে ‘অসমীয়া ৱিকিপিডিয়া’ৰ লগত জড়িত হোৱাৰ আঁৰত আছিল ইণ্টাৰনেটত অসমীয়া ভাষাৰ তথ্যৰ সন্ধান কৰা। ২০০৬ চনৰ জুন মাহত মই অসমৰ পৰা মধ্যপ্ৰদেশৰ ইন্দ’ৰ নামৰ চহৰখনত থকা ‘ৱেবডুনিয়া’ নামৰ এটা কোম্পানীত অসমীয়া ভাষাৰ ভাষা স্থানীয়কৰণ (Localization)ৰ কাম কৰিবলৈ যাব লগা হৈছিল। আজি হয়তো বহুতো কম বয়সীয়া নতুন সদস্যই কল্পনাও কৰিব নোৱাৰিব যে ২০০৬ চনলৈকে আমি কম্পিউটাৰ, ইণ্টাৰনেট নালাগে ম’বাইলেই ব্যৱহাৰ কৰা নাছিলোঁ। গতিকে একেবাৰে কিতাপৰ পাতৰ পৰা এটা চফ্টৱেৰ কোম্পানীৰ বিশাল কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ পৃথিৱীখনত ভৰি থৈ আমি উৱাদিহ নোপোৱা হৈছিলোঁ। আমাৰ কাম আছিল মাইক্ৰ’চফ্ট কোম্পানীয়ে নতুনকৈ আৰম্ভ কৰা ভিস্তা সংস্কৰণৰ সকলো পৃষ্ঠা, ব্যৱহাৰকাৰীৰ মেনুৱেল আদি অসমীয়া ভাষালৈ অনুবাদ কৰা আৰু অসমীয়া ভাষাৰ বাবে এখন শব্দকোষৰ চফ্টৱেৰ সংস্কৰণ (Lexicon projet) তৈয়াৰ কৰা। এই দুইটা কামৰ বাবেই আমাক প্ৰয়োজন হৈছিল ইণ্টাৰনেটত উপলভ্য অসমীয়া তথ্য, অভিধান আৰু অসমীয়া ভাষাৰ বাক্যাংশ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেতিয়ালৈকে ইণ্টাৰনেটত অসমীয়া ভাষাৰ বিশেষ তথ্য উপলভ্য নাছিল। ২০০৬ চনতে ‘শব্দ’ নামৰ এখন অভিধানৰ জন্ম হৈছিল মাথোঁ আৰু অন্যান্য দুই এটা ব্লগতে কিছু তথ্য পোৱা গৈছিল। গতিকে আমি লগত লৈ যোৱা এখন অভিধান আৰু দুখনমান কিতাপেই আমাৰ সাৰথি হৈছিল। সেই সময়তে এদিন মই ইংৰাজী ৱিকিপিডিয়াৰ লগতে আৱিষ্কাৰ কৰিছিলোঁ ‘অসমীয়া ৱিকিপিডিয়া’ক। কিন্তু দেখি আচৰিত হৈছিলোঁ যে অন্যান্য ভাষাৰ ৱিকিপিডিয়াৰ তুলনাত অসমীয়া ভাষাৰ ৱিকিপিডিয়া একেবাৰে চালুকীয়া অৱস্থাতে আছে। প্ৰথম অৱস্থাত একো বুজিব পৰা নাছিলোঁ যদিও এটা একাউণ্ট খুলি এনেই কিবা কিবি টিপি নিজেই বুজি-মেলি দেখিলোঁ যে অসমৰ বাহিৰত থকা কেইজনমান ব্যক্তিয়েহে প্ৰধানকৈ মাতৃভাষাত আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত লগ পোৱা ব্যক্তিকেইজন আছিল সংগীতা (প্ৰশাসক, সম্ভৱতঃ ২০১২ চনলৈকে প্ৰশাসক হৈ আছিল। পিছত গীতাৰ্থ বৰদলৈয়ে বাৰ্তা দি নতুন প্ৰশাসকৰ দায়িত্ব লৈছিল।), প্ৰিয়াংকু শৰ্মা, সমুজ্জল ইত্যাদি। আনৰ সম্পাদনা পৃষ্ঠাবোৰ চাই চাই নিজে নিজে পৃষ্ঠা সৃষ্টি কৰিবলৈ শিকিছিলোঁ আৰু হাতত থকা ‘নতুন জানানে’ কিতাপখনৰ পৰা বহুতো পৃষ্ঠা সৃষ্টি কৰি সৰু সৰু বাক্যৰে লিখি ৰাখিছিলোঁ। সেই সময়ত মই প্ৰবন্ধৰ সংখ্যা বৃদ্ধিৰ বাবে বেছিভাগ পৃষ্ঠাই সৃষ্টি কৰিছিলোঁ। সদস্যৰ তালিকাখন চাই অনুমান কৰিছিলোঁ, সেই সময়ত অসমৰ পৰা কোনো সদস্য ৱিকিপিডিয়াত নাছিল। গতিকে মই অনুমান কৰিছিলোঁ যে খুব সম্ভৱ সেই সময়লৈকে অসমত কোনেও ‘অসমীয়া ৱিকিপিডিয়া’ৰ নাম শুনা নাছিল। গতিকে মই ইন্দ’ৰৰ পৰা ‘প্ৰান্তিক’ আলোচনীৰ পত্ৰালাপ শিতানলৈ এখন চিঠি লিখিছিলোঁ। ২০০৭ চনৰ আগষ্ট মাহত ‘ইণ্টাৰনেটত অসম’ নামেৰে প্ৰান্তিকত সেই চিঠিখন প্ৰকাশ হৈছিল।

চিঠিখন প্ৰকাশ হোৱাৰ পিছতে মোলৈ অসমৰ পৰা বহুতো ফোন আহিছিল আৰু তাৰপিছতে অসমৰ পৰা বহুতো লোকে ৱিকিপিডিয়াত একাউণ্ট খুলিছিল। এই চিঠিখনেই আছিল ‘অসমীয়া ৱিকিপিডিয়া’ৰ বিষয়ে অসমীয়া কাকত-আলোচনীত প্ৰকাশ হোৱা প্ৰথম লেখা। ইয়াৰ পিছৰ বছৰতো মই অসমীয়া প্ৰতিদিন কাকতৰ ‘সম্ভাৰ’ত প্ৰচ্ছদ লেখা হিচাপে এটা পূৰ্ণদৈৰ্ঘ্যৰ লেখা লিখিছিলোঁ। সেই লেখাটো ২০০৮ চনৰ ৭ ছেপ্তেম্বৰত প্ৰকাশ হৈছিল। সেই লেখাটো খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল আৰু বহু মানুহে জানিব পাৰিছিল। তাৰপিছতো প্ৰান্তিকৰ ২০১২ চনৰ মাৰ্চ মাহৰ সংখ্যাত এটা দীঘল লেখা লিখোঁ। শেষলৈ ব্যক্তিগত আৰু কৰ্ম ব্যস্ততাৰ বাবে ৱিকিপিডিয়াত কাম কৰিবলৈ আহৰি নোপোৱা হ’লোঁ যদিও কোনো দিনে নিজকে অসমীয়া ৱিকিপিডিয়াৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিলোঁ।

শেষত এটা আমোদজনক কাহিনীৰে এই লেখা সামৰণি মাৰিম বিচাৰিছোঁ। মই যেতিয়া ৱিকিপিডিয়াত প্ৰথম লিখিবলৈ আৰম্ভ কৰিছিলোঁ সেই সময়ৰ পৰিৱেশ আজিৰ দৰে নাছিল। তথ্যসূত্ৰ দিয়া, প্ৰসংগ পুথিৰ নাম দিয়া আদি কথাবোৰ আলোচনাই হোৱা নাছিল আৰু টেগ, লিংক আদি সৃষ্টি কৰাই হোৱা নাছিল। গতিকে মই ২০০৭ চনত হাততে পোৱা এখন কিতাপৰ পৰা ‘কম্পিউটাৰ’ শীৰ্ষক লেখাটো সৃষ্টি কৰিছিলোঁ। কিন্তু সেই লেখাটোত কোনো প্ৰসংগ পুথিৰ নাম উল্লেখ কৰিবলৈ থাকি গৈছিল। যাৰ বাবে ২০১৮ চনত সেই কিতাপখনৰ মূল লেখকে দুখনমান কাকতত মোৰ বিষয়ে কুম্ভিলকৰ অপবাদ দি বাতৰি প্ৰকাশ কৰিছিল আৰু লেখাটো বিলোপ কৰাৰ লগতে ক্ষমা নিবিচাৰিলে আইনগত ব্যৱস্থা লোৱাৰো ভাবুকি প্ৰদান কৰিছিলে। পিছত অৱশ্যে দুজনমান ব্যক্তিৰ মধ্যস্থতাত আৰু নিঃচৰ্ত ক্ষমা বিচৰাৰ বাবে কোনো আইনগত ব্যৱস্থা নল’লে!

ব্যস্ততাৰ বাবে অসমীয়া ৱিকিপিডিয়াত মই বিশেষ অৰিহণা আগবঢ়াব পৰা নাই। তথাপি আৰম্ভণি সময়ৰ এনে মিঠা অভিজ্ঞতাই মোক গোটেই জীৱন এজন জন্ম কালৰে ৱিকিপিডিয়ান হিচাপে সদায় গৌৰৱান্বিত কৰি ৰাখিব। বৰ্তমান সময়ত নতুন প্ৰজন্মৰ লগতে বহু কেইজন/কেইগৰাকীমান জেষ্ঠলোকৰো নিস্বাৰ্থ সেৱাই অসমীয়া ৱিকিপিডিয়াক যি স্তৰত উপনীত কৰিছেহি তালৈ লক্ষ্য কৰিলে এটা কথা ক’ব পাৰি যে অসমীয়া ৱিকিপিডিয়াৰ ভৱিষ্যত অতি উজ্জ্বল। জয়তু অসমীয়া ৱিকিপিডিয়া। ধন্যবাদ।

- অঞ্জল বৰা