ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | এপ্ৰিল | ২০২৪ | চতুৰ্থ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ ২১ বছৰৰ ১০ মাহৰ পিছত প্ৰায় জন্মলগ্নৰে এজন ৱিকিপিডিয়ান হিচাপে ‘মনৰ কথা’ লিখিবলৈ লৈ অনেক পুৰণি স্মৃতিয়ে আমনি কৰিছে। সেই স্মৃতিত ভাহি উঠিছে মাতৃভাষাৰ প্ৰতি কাম কৰিবলৈ আগবাঢ়ি অহা অতি কম সংখ্যক লোকৰ নিষ্ঠা, একাগ্ৰতা আৰু জনা-নজনাৰ মাজেৰেই প্ৰতিকূল পৰিৱেশৰ মাজতো অসমীয়া ৱিকিপিডিয়াৰ আধাৰশিলা স্থাপন কৰাৰ সংগ্ৰাম আৰু ব্যক্তিগত জীৱনৰ অনেক মিঠা-তিতা অভিজ্ঞতাৰ সংমিশ্ৰণ।

অসমীয়া ৱিকিপিডিয়াত থকা তথ্য অনুসৰি “২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰে। কিন্তু সেই সময়ত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। উপ-ডমেইন লাভ কৰাৰ পিছতো ইয়াৰ কাম আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা “ইউনিক’ড” জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হয়। ২০০৬ চনত ছেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়। একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে।” হয় ২০০২ চনতে অসমীয়া ৱিকিপিডিয়াই জন্ম লাভ কৰিলেও ২০০৬ চনলৈকে অসমীয়া ৱিকিপিডিয়াত বিশেষ কাম হোৱা নাছিল। একে বছৰৰে “ছেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা”ৰ ঠিক পিছতেই ‘অসমীয়া ৱিকিপিডিয়া’ত মোৰ প্ৰথম সম্পাদনাৰ তথ্য পোৱা যায় ২০০৬ চনৰ ১৬ ডিচেম্বৰত ‘অসম’ শীৰ্ষক প্ৰবন্ধত। ব্যক্তিগতভাৱে ‘অসমীয়া ৱিকিপিডিয়া’ৰ লগত জড়িত হোৱাৰ আঁৰত আছিল ইণ্টাৰনেটত অসমীয়া ভাষাৰ তথ্যৰ সন্ধান কৰা। ২০০৬ চনৰ জুন মাহত মই অসমৰ পৰা মধ্যপ্ৰদেশৰ ইন্দ’ৰ নামৰ চহৰখনত থকা ‘ৱেবডুনিয়া’ নামৰ এটা কোম্পানীত অসমীয়া ভাষাৰ ভাষা স্থানীয়কৰণ (Localization)ৰ কাম কৰিবলৈ যাব লগা হৈছিল। আজি হয়তো বহুতো কম বয়সীয়া নতুন সদস্যই কল্পনাও কৰিব নোৱাৰিব যে ২০০৬ চনলৈকে আমি কম্পিউটাৰ, ইণ্টাৰনেট নালাগে ম’বাইলেই ব্যৱহাৰ কৰা নাছিলোঁ। গতিকে একেবাৰে কিতাপৰ পাতৰ পৰা এটা চফ্টৱেৰ কোম্পানীৰ বিশাল কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ পৃথিৱীখনত ভৰি থৈ আমি উৱাদিহ নোপোৱা হৈছিলোঁ। আমাৰ কাম আছিল মাইক্ৰ’চফ্ট কোম্পানীয়ে নতুনকৈ আৰম্ভ কৰা ভিস্তা সংস্কৰণৰ সকলো পৃষ্ঠা, ব্যৱহাৰকাৰীৰ মেনুৱেল আদি অসমীয়া ভাষালৈ অনুবাদ কৰা আৰু অসমীয়া ভাষাৰ বাবে এখন শব্দকোষৰ চফ্টৱেৰ সংস্কৰণ (Lexicon projet) তৈয়াৰ কৰা। এই দুইটা কামৰ বাবেই আমাক প্ৰয়োজন হৈছিল ইণ্টাৰনেটত উপলভ্য অসমীয়া তথ্য, অভিধান আৰু অসমীয়া ভাষাৰ বাক্যাংশ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেতিয়ালৈকে ইণ্টাৰনেটত অসমীয়া ভাষাৰ বিশেষ তথ্য উপলভ্য নাছিল। ২০০৬ চনতে ‘শব্দ’ নামৰ এখন অভিধানৰ জন্ম হৈছিল মাথোঁ আৰু অন্যান্য দুই এটা ব্লগতে কিছু তথ্য পোৱা গৈছিল। গতিকে আমি লগত লৈ যোৱা এখন অভিধান আৰু দুখনমান কিতাপেই আমাৰ সাৰথি হৈছিল। সেই সময়তে এদিন মই ইংৰাজী ৱিকিপিডিয়াৰ লগতে আৱিষ্কাৰ কৰিছিলোঁ ‘অসমীয়া ৱিকিপিডিয়া’ক। কিন্তু দেখি আচৰিত হৈছিলোঁ যে অন্যান্য ভাষাৰ ৱিকিপিডিয়াৰ তুলনাত অসমীয়া ভাষাৰ ৱিকিপিডিয়া একেবাৰে চালুকীয়া অৱস্থাতে আছে। প্ৰথম অৱস্থাত একো বুজিব পৰা নাছিলোঁ যদিও এটা একাউণ্ট খুলি এনেই কিবা কিবি টিপি নিজেই বুজি-মেলি দেখিলোঁ যে অসমৰ বাহিৰত থকা কেইজনমান ব্যক্তিয়েহে প্ৰধানকৈ মাতৃভাষাত আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত লগ পোৱা ব্যক্তিকেইজন আছিল সংগীতা (প্ৰশাসক, সম্ভৱতঃ ২০১২ চনলৈকে প্ৰশাসক হৈ আছিল। পিছত গীতাৰ্থ বৰদলৈয়ে বাৰ্তা দি নতুন প্ৰশাসকৰ দায়িত্ব লৈছিল।), প্ৰিয়াংকু শৰ্মা, সমুজ্জল ইত্যাদি। আনৰ সম্পাদনা পৃষ্ঠাবোৰ চাই চাই নিজে নিজে পৃষ্ঠা সৃষ্টি কৰিবলৈ শিকিছিলোঁ আৰু হাতত থকা ‘নতুন জানানে’ কিতাপখনৰ পৰা বহুতো পৃষ্ঠা সৃষ্টি কৰি সৰু সৰু বাক্যৰে লিখি ৰাখিছিলোঁ। সেই সময়ত মই প্ৰবন্ধৰ সংখ্যা বৃদ্ধিৰ বাবে বেছিভাগ পৃষ্ঠাই সৃষ্টি কৰিছিলোঁ। সদস্যৰ তালিকাখন চাই অনুমান কৰিছিলোঁ, সেই সময়ত অসমৰ পৰা কোনো সদস্য ৱিকিপিডিয়াত নাছিল। গতিকে মই অনুমান কৰিছিলোঁ যে খুব সম্ভৱ সেই সময়লৈকে অসমত কোনেও ‘অসমীয়া ৱিকিপিডিয়া’ৰ নাম শুনা নাছিল। গতিকে মই ইন্দ’ৰৰ পৰা ‘প্ৰান্তিক’ আলোচনীৰ পত্ৰালাপ শিতানলৈ এখন চিঠি লিখিছিলোঁ। ২০০৭ চনৰ আগষ্ট মাহত ‘ইণ্টাৰনেটত অসম’ নামেৰে প্ৰান্তিকত সেই চিঠিখন প্ৰকাশ হৈছিল।

চিঠিখন প্ৰকাশ হোৱাৰ পিছতে মোলৈ অসমৰ পৰা বহুতো ফোন আহিছিল আৰু তাৰপিছতে অসমৰ পৰা বহুতো লোকে ৱিকিপিডিয়াত একাউণ্ট খুলিছিল। এই চিঠিখনেই আছিল ‘অসমীয়া ৱিকিপিডিয়া’ৰ বিষয়ে অসমীয়া কাকত-আলোচনীত প্ৰকাশ হোৱা প্ৰথম লেখা। ইয়াৰ পিছৰ বছৰতো মই অসমীয়া প্ৰতিদিন কাকতৰ ‘সম্ভাৰ’ত প্ৰচ্ছদ লেখা হিচাপে এটা পূৰ্ণদৈৰ্ঘ্যৰ লেখা লিখিছিলোঁ। সেই লেখাটো ২০০৮ চনৰ ৭ ছেপ্তেম্বৰত প্ৰকাশ হৈছিল। সেই লেখাটো খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল আৰু বহু মানুহে জানিব পাৰিছিল। তাৰপিছতো প্ৰান্তিকৰ ২০১২ চনৰ মাৰ্চ মাহৰ সংখ্যাত এটা দীঘল লেখা লিখোঁ। শেষলৈ ব্যক্তিগত আৰু কৰ্ম ব্যস্ততাৰ বাবে ৱিকিপিডিয়াত কাম কৰিবলৈ আহৰি নোপোৱা হ’লোঁ যদিও কোনো দিনে নিজকে অসমীয়া ৱিকিপিডিয়াৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিলোঁ।

শেষত এটা আমোদজনক কাহিনীৰে এই লেখা সামৰণি মাৰিম বিচাৰিছোঁ। মই যেতিয়া ৱিকিপিডিয়াত প্ৰথম লিখিবলৈ আৰম্ভ কৰিছিলোঁ সেই সময়ৰ পৰিৱেশ আজিৰ দৰে নাছিল। তথ্যসূত্ৰ দিয়া, প্ৰসংগ পুথিৰ নাম দিয়া আদি কথাবোৰ আলোচনাই হোৱা নাছিল আৰু টেগ, লিংক আদি সৃষ্টি কৰাই হোৱা নাছিল। গতিকে মই ২০০৭ চনত হাততে পোৱা এখন কিতাপৰ পৰা ‘কম্পিউটাৰ’ শীৰ্ষক লেখাটো সৃষ্টি কৰিছিলোঁ। কিন্তু সেই লেখাটোত কোনো প্ৰসংগ পুথিৰ নাম উল্লেখ কৰিবলৈ থাকি গৈছিল। যাৰ বাবে ২০১৮ চনত সেই কিতাপখনৰ মূল লেখকে দুখনমান কাকতত মোৰ বিষয়ে কুম্ভিলকৰ অপবাদ দি বাতৰি প্ৰকাশ কৰিছিল আৰু লেখাটো বিলোপ কৰাৰ লগতে ক্ষমা নিবিচাৰিলে আইনগত ব্যৱস্থা লোৱাৰো ভাবুকি প্ৰদান কৰিছিলে। পিছত অৱশ্যে দুজনমান ব্যক্তিৰ মধ্যস্থতাত আৰু নিঃচৰ্ত ক্ষমা বিচৰাৰ বাবে কোনো আইনগত ব্যৱস্থা নল’লে!

ব্যস্ততাৰ বাবে অসমীয়া ৱিকিপিডিয়াত মই বিশেষ অৰিহণা আগবঢ়াব পৰা নাই। তথাপি আৰম্ভণি সময়ৰ এনে মিঠা অভিজ্ঞতাই মোক গোটেই জীৱন এজন জন্ম কালৰে ৱিকিপিডিয়ান হিচাপে সদায় গৌৰৱান্বিত কৰি ৰাখিব। বৰ্তমান সময়ত নতুন প্ৰজন্মৰ লগতে বহু কেইজন/কেইগৰাকীমান জেষ্ঠলোকৰো নিস্বাৰ্থ সেৱাই অসমীয়া ৱিকিপিডিয়াক যি স্তৰত উপনীত কৰিছেহি তালৈ লক্ষ্য কৰিলে এটা কথা ক’ব পাৰি যে অসমীয়া ৱিকিপিডিয়াৰ ভৱিষ্যত অতি উজ্জ্বল। জয়তু অসমীয়া ৱিকিপিডিয়া। ধন্যবাদ।

- অঞ্জল বৰা
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

গৃহিণী গৃহনিৰ্মাতা (Homemaker) বা ঘৰতে থকা মাতৃ/মা/মা বুলিও জনা যায়৷ গৃহিণী হৈছে এনে এগৰাকী মহিলা যাৰ ভূমিকা হ’ল পৰিয়ালৰ ঘৰ চলোৱা বা পৰিচালনা কৰা৷ গৃহ পৰিচালনাৰ লগতে সন্তানৰ যত্ন লোৱাও সন্নিৱিষ্ট হ'ব পাৰে৷ ইয়াৰ উপৰি ঘৰ চাফা আৰু ৰক্ষণাবেক্ষণ কৰা; পৰিয়ালৰ বাবে কাপোৰ চিলোৱা, সামগ্ৰী কিনা আৰু/বা মেৰামতি কৰা; পৰিয়ালৰ বাবে খাদ্য কিনা, ৰন্ধা আৰু জমা কৰা; পৰিয়ালৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনা; পৰিয়ালৰ বাজেট আংশিকভাৱে বা পূৰ্ণকালীনভাৱে পৰিচালনা কৰা ইত্যাদি গৃহিণীৰ পুৰুষ সমতুল্যজন হ’ল গৃহস্বামী।

মেৰিয়াম-ৱেবষ্টাৰ অভিধানৰ মতে গৃহিণীৰ সংজ্ঞা হৈছে এগৰাকী বিবাহিত মহিলা যি নিজৰ ঘৰৰ দায়িত্ব লয়।

ব্ৰিটিছ চেম্বাৰ্ছৰ বিংশ শতিকাৰ অভিধানত (১৯০১) গৃহিণীক "ঘৰৰ মালিক; এগৰাকী মহিলা ঘৰুৱা পৰিচালক" বুলি সংজ্ঞায়িত কৰা হৈছে।

পশ্চিমীয়া বিশ্বত বিশেষকৈ মহিলাসকলৰ বাবে কু-সংস্কাৰপূৰ্ণ লিংগ ভূমিকাক কুৰি শতিকাৰ শেষৰ ফালে নাৰীবাদী আন্দোলনে প্ৰত্যাহ্বান জনাইছিল যাতে মহিলাসকলে গৃহিণী হ’ব নে কেৰিয়াৰ গঢ়িব সেইটো তেওঁলোকে বাছনি কৰিব পাৰে। পৰিৱৰ্তিত অৰ্থনীতিৰ ফলত দুই আয়ৰ পৰিয়ালৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পালে।

ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ জ্ঞানদানন্দিনী দেৱীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৪২০

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. এমা থমাছ
  2. ইৰিনা ছিলিক
  3. ৰোচনাৰা
  4. আডা লাভলেছ
  5. নাইমা আকেফ
  6. চনু মুৰ্মু
  7. ডেনা কেপলান
  8. কেট ৰুকা
  9. ‎হাছিনা জালাল
  10. ইন্দিৰা বাজৰামোভিচ
  11. ইডোলা চেইণ্ট-জাঁ
  12. আন্না বুনিনা
  13. ৰাঘৱ মাথুৰ
  14. ৰানিং ঈগল
  15. ‎বেগম আখতাৰ চুলেইমান
  16. ‎মুভিং ৰ’ব ৱ’মেন
  17. ‎ছিৰিমাভো বন্দৰনাইকে
  18. চনী ৰানা
  19. ‎মাৰ্গাৰেট কুপিন
  20. এলিছ ভিকেৰী
  21. এলিছ জিম্মাৰ্ণ
  22. নেলী মেকক্লুং
  23. হেনৰিটা এডৱাৰ্ডছ
  24. লুইজ মেককিনি
  25. এমিলি মাৰ্ফি
  26. আইৰিন পাৰ্লবি
  27. ‎বিশ্বনন্দ
  28. দীপা মা
  29. শ্বেৰণ শ্ৱেলজবাৰ্গ
  30. ড্যাউ ম্যা থ্বিন
  31. মাতা গুজৰি
  32. মৈথিলি প্ৰকাশ
  33. শান্তি চন্দ্ৰশেখৰ

গ্ৰন্থ বিষয়ক

  1. বেড্ ফেমিনিষ্ট

অন্যান্য

  1. মালদ্বীপৰ নাৰী
  2. বিস্কা যাত্ৰা
  3. ‎ইউক্ৰেইনৰ খাদ্য
  4. ইউক্ৰেইনৰ নৃত্য
  5. কবছা
  6. ওচমান টাকাৰ নৃত্য
  7. অষ্ট্ৰেলিয়াৰ শ্ৰুতিকথা
  8. আজেৰবাইজানী লোককথা
  9. মাৰ্ক্সবাদী নাৰীবাদ
  10. লৱাণ্ডা নাচ
  11. উড়ুক্কাই (বাদ্য)
  12. লোকো মোকো
  13. বেকন এণ্ড কেবেজ (খাদ্য)
  14. চাপাটি
  15. মিছ ইউনিভাৰ্ছ ২০২৩
  16. স্কটিছ দেশৰ নৃত্য
  17. স্বতন্ত্ৰ মহিলা মঞ্চ
  18. ‎নাৰীবাদী কলা কাৰ্যসূচী
  19. ৰেড হেট ছ’চাইটি
  20. ৱ’মেন চিটি ক্লাৱ
  21. ডেট্ৰইট ষ্টাডী ক্লাৱ
  22. ‎ক্ৰকাছ চিটি হলত আক্ৰমণ
  23. ব্ৰিটিছ লেডিজ ফুটবল ক্লাব
  24. বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণ
  25. কেলগাৰী ষ্টেম্পেড
  26. ‎বিখ্যাত পাঁচগৰাকী (কানাডা)
  27. লেডীজ আলপাইন ক্লাৱ
  28. ৱ’মেন ক্লাৱ অৱ ইভানষ্টন
  29. নুৰা পাখাং (ইউ ই তু)

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ভঁৱৰী দেৱী (গায়িকা)
  2. নেহা ভাছিন
  3. মাচুমা বেগম
  4. প্ৰিয়া জিংগান
  5. পূৰ্ণিমা হেমব্ৰাম
  6. সন্তদাস কাঠিয়াবাবা
  7. শোভনাসুন্দৰী মুখোপাধ্যায়
  8. গীতা (অভিনেত্ৰী)
  9. সৰোজিনী হেমব্ৰাম
  10. ‎বসন্তী হেমব্ৰাম
  11. নন্দিনী চাহু
  12. ৰাণী মূৰ্মু
  13. সুৰেখা যাদৱ
  14. জবা মূৰ্মু
  15. সুমিত্ৰা মাৰাণ্ডি
  16. বীৰবাহা হান্সদা
  17. আমনা শ্বৰীফ
  18. জয়ন্ত ৰংপী
  19. ‎দেবলিনা হেমব্ৰাম
  20. জবামণি টুডু
  21. ফাৰাহ(অভিনেত্ৰী)
  22. গীতা বালী
  23. টিনা আম্বানী
  24. বিদ্যা মুন্সী
  25. নাদিৰা (অভিনেত্ৰী)
  26. নূপুৰ তিৱাৰী
  27. জৌনা মুৰ্মু
  28. প্ৰভা ঠাকুৰ
  29. ‎তালা টুডু
  30. সুচিত্ৰা হান্সদা
  31. সৰোজিনী চাহু
  32. ‎ৰেখা পাণ্ডে
  33. চামি মুৰ্মু
  34. মীৰা দত্ত গুপ্তা
  35. ‎ছালগে হান্সদা
  36. ‎চন্দ্ৰাণী মুৰ্মু
  37. মালতী চৌধুৰী
  38. হেমা ছৰদেশাই
  39. শিবানী কাশ্যপ
  40. অন্তৰা মিত্ৰ
  41. চিত্ৰা সিং
  42. আৰতি দত্ত
  43. সুধা মালহোট্ৰা
  44. কদাম্বিনী গাংগুলী
  45. অৰ্চনা ৰামসুন্দৰাম
  46. মীৰা খান্না
  47. কবিতা কৃষ্ণণ
  48. আভা খেতৰপাল
  49. ‎কুমুদিনী ত্যাগী
  50. গীতাঞ্জলি মিশ্ৰ
  51. ‎সীতা সোৰেন
  52. কুমাৰী কমলা
  53. মাধৱী মুদ্গল
  54. ‎কমলা পান্ত
  55. মণিকুন্তলা সেন
  56. সৰলা ৰয়
  57. মাধৱী পুৰী বুচ
  58. দময়ন্তী বেশ্ৰা
  59. যামিনী ৰেড্ডী
  60. অঞ্জলি কিস্কু
  61. ইলা ঘোষ
  62. ‎স্নেহা সোৰেন
  63. লুইস মৰাণ্ডী
  64. ‎চুনীবালা হান্সদা
  65. প্ৰেম চৌধুৰী
  66. ‎ডগৰ টুডু
  67. জাহ্নু হান্সদা
  68. মাইনা টুডু
  69. এম. হালিমা বীবি
  70. সৰস্বতী হেমব্ৰাম
  71. মেথিল দেৱীকা
  72. ছুইটি সীমা হেমব্ৰাম
  73. সোমা সেন
  74. ‎ৰণধীৰ কাপুৰ
  75. ৰাণী মংগম্মল
  76. সাধনা বসু
  77. বেগম পাৰা
  78. অঞ্জলি দেৱী
  79. চিত্ৰা দত্ত
  80. সুহানী শ্বাহ
  81. আৰতি চাব্ৰিয়া
  82. সংগীতা বিজলানী
  83. বিজয়া ৰায়
  84. বৰ্ষা উচগাওকাৰ
  85. স্বৰূপ সম্পত
  86. পিংকী আনন্দ
  87. অম্বিকা (অভিনেত্ৰী)
  88. ‎জয়া শীল
  89. সন্ধ্যা শান্তাৰাম
  90. চিত্ৰা বিশ্বেশ্বৰন
  91. ঔপালী অপেৰাজিতা
  92. কালা (নৃত্য পৰিচালক)
  93. বৃন্দা (নৃত্য পৰিচালক)
  94. কৃতি মহেশ
  95. বিভা দধীচ
  96. বসুন্ধৰা দোৰাস্বামী
  97. স্বাতী ভিসে
  98. সুনন্দা নায়াৰ
  99. সুশীল কৌৰ
  100. শাৰদা শ্ৰীনিবাসন
  101. চান্দ কৌৰ
  102. সদা কৌৰ
  103. মাতা গংগা
  104. মাতা চাহিব কৌৰ
  105. সংযুক্তা পাণিগ্ৰাহী
  106. বাসন্তী দুলাল নাগচৌধুৰী
  107. নাফিছা আলী
  108. মুৰুগাশঙ্কৰী লিও
  109. মীনাক্ষী শেষাদ্ৰী
  110. সুজাতা মোহন
  111. ‎মেধা যোধ
  112. তুলসী কুমাৰ
  113. ‎লীলা ছেমছন
  114. অনু সীতাৰা
  115. চিন্ময়ী শ্ৰীপদা
  116. অনিলা সুন্দৰ
  117. মনোৰমা জাফা
  118. ‎লাডো বাঈ
  119. ঐন্দ্ৰিতা ৰয়
  120. ‎উমা বৰ্ধন
  121. মিনাল ৰোহিত
  122. অতসী বৰুৱা
  123. ‎প্ৰফুল্ল ধনুকৰ
  124. ‎অনিতা ডুবে
  125. ‎বাৰান ইজলাল
  126. ‎লতিকা কট্ট
  127. ‎ৰেণুকা কেশৰামাড়ু
  128. ‎ললিতা লাজমী
  129. ‎অংকুশ হাজৰা

চলচ্চিত্ৰ বিষয়ক

  1. ড্যুডিজম
  2. বাঘ বাহাদুৰ
  3. দখল
  4. ‎ভাগৱত গীতা (চলচ্চিত্ৰ)
  5. এংগ্ৰী ইণ্ডিয়ান গডেছ
  6. অস্তিত্ব
  7. হেপ্পী বাৰ্থডে মাম্মীজী
  8. ‎মোহিনিয়াত্তম (চলচ্চিত্ৰ)
  9. ব্ৰময়ুগম
  10. আভাল পাৱম
  11. লাল দৰ্জা
  12. শোধ
  13. ইংলিছ ভিংলিছ
  14. চিদাম্বৰম (চলচ্চিত্ৰ)
  15. চাফু

অন্যান্য

  1. ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী
  2. ভাৰতত মহিলাৰ স্বাস্থ্য
  3. পাটলিপুত্ৰ
  4. মদিছাৰ
  5. বাঞ্জৰা
  6. ইভ-টিজিং
  7. আলামিক্কালী
  8. কলচী
  9. লুংগী পাঞ্চি নৃত্য
  10. কুম্ভ
  11. ভাৰতৰ নাৰিকলৰ আঁ‌হৰ শিল্প
  12. ‎বেদাৰা ভেছা
  13. ভাৰতত এলজিবিটিৰ অধিকাৰ
  14. বেন (হিন্দু ৰজা)
  15. সংলাপ (সংস্থা)
  16. ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী
  17. নাৰী মুক্তি সংঘ
  18. ফুগ্‌ড়ি
  19. বেগুচৰাই
  20. দোল পূৰ্ণিমা
  21. বাচ্চা নাগমা
  22. ৰং পঞ্চমী
  23. ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  24. ৰাম নৱমী
  25. গীতা প্ৰেছ
  26. ‎২০২৪ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ
  27. পুৰণ পোলী
  28. শংকৰপালী
  29. পঞ্জাবৰ লোক-নৃত্য
  30. ‎বকাসুৰ
  31. প্ৰজ্ঞাতাৰা
  32. গংগাউৰ
  33. থাইপুছম
  34. হনুমান জয়ন্তী
  35. লোকটক লোককথা সংগ্ৰহালয়
  36. ‎বট পূৰ্ণিমা
  37. বিথোবা

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. তৰাৱতী বড়ি
  2. কমলা প্ৰসাদ আগৰৱালা
  3. নন্দ বেনাৰ্জী
  4. পৌলোমি বসু
  5. ফাল্গুনী পাঠক
  6. শিৱাংগী সিং
  7. শান্তি টিগ্গা
  8. ৰূপজ্যোতি কুৰ্মী
  9. পোনাকণ বৰুৱা
  10. ভবেন্দ্ৰ নাথ ভৰালী
  11. অলক কুমাৰ ঘোষ
  12. ‎কুইন ওজা
  13. সুখ বৰুৱা
  14. গুণাকৰ দেৱ গোস্বামী
  15. খগেন্দ্ৰ নাথ পাঠক

অন্যান্য

  1. খেৰাই নৃত্য
  2. শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ
  3. ‎অসমৰ বস্ত্ৰৰ মোটিফ
  4. অসমৰ মেটেকা শিল্প
  5. অসমৰ মৰাপাট শিল্প
  6. মাছৰ পেটুৰ ব্যঞ্জন
  7. ৰোমাণ্টিক কবিতা
  8. লাংখুন পূজা
  9. দলিপুৰাণ

সানমিহলি

  1. শিশুৰ লোককথা
  2. বৰডুবি
  3. অবিশ্বাস্য কাহিনী
  4. ব্যক্তিগত আখ্যান
  5. লোক-ব্যুৎপত্তিবিজ্ঞান
  6. ওমলা পদ্য
  7. হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী
  8. বতৰৰ লোককথা
  9. চিচা (এম্ব্ৰয়ডাৰী)
  10. লোক-কলা
  11. জোখ-মাপৰ হিচাপ
  12. দুৰ্যোগ
  13. লোককথা অধ্যয়ন
  14. বৌদ্ধ শ্ৰুতিকথা
  15. বগা যাদু
  16. নামাজু
  17. কোমাইনু
  18. কুকুই
  19. কুৰুপিৰা
  20. জৰুৰীকালীন ব্যৱস্থাপনা
  21. গাৰ্গয়্‌ল
  22. ইয়াৰা (শ্ৰুতিকথা)
  23. গাধ আৰু গাহৰিৰ সাধু
  24. বামুণ আৰু নেউলৰ সাধু
  25. গৰ্ভপাতৰ পিছৰ যত্ন
  26. ইকেবানা
  27. ‎মালপোৱা
  28. পৰী
  29. চৰবৎ
  30. পৰী (ইউৰোপীয় লোককথা)
  31. কুমাৰী নাম আৰু বিবাহিত নাম
  32. ৰচনা অধ্যয়নত নাৰীবাদী তত্ত্ব
  33. সোণৰ কণী পৰা হাঁ‌হ
  34. সমাজবাদী নাৰীবাদ
  35. ব্ৰামৰাচোখ
  36. গবলিন
  37. ৰাণ্টাছ
  38. নাৰীবাদী পদ্ধতি
  39. নাৰীবাদী অধিবিদ্যা
  40. লিংগ বিশ্লেষণ
  41. ‎ৰংদা
  42. ঋতুস্ৰাৱৰ ছুটী
  43. ৯৯%ৰ নাৰীবাদ
  44. কৃষ্ণাংগ নাৰীবাদ
  45. জালুকীয়া
  46. ইছলামত বিবাহ বিচ্ছেদ
  47. নখ
  48. ‎নিৰ্বাচনী বণ্ড
  49. ৰেট চিণ্ড্ৰোম
  50. নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব
  51. নাৰীবাদী ধৰ্মতত্ত্ব
  52. ‎নাৰীবাদী ৰাজনৈতিক পৰিস্থিতিতন্ত্ৰ
  53. কাগজ ফুল
  54. হ্যালোইন
  55. হিজাব
  56. নব্য নাৰীবাদ
  57. নাগ (লংকা)
  58. নাৰীবাদী বিচ্ছিন্নতাবাদ
  59. মূৰিঘণ্ট
  60. গৃহিণী
  61. আমেৰিকান শ্ৰুতিকথা
  62. পটা (শিল)
  63. ‎নাৰীবাদ আৰু আধুনিক স্থাপত্য
  64. লোক-চিকিৎসক
  65. অডিন
  66. পিংক কলাৰ ৱৰ্কাৰ
  67. খিচিৰি
  68. বাবা য়াগা
  69. লোককথাভিত্তিক হৰৰ
  70. ল’কি
  71. গুংনিৰ
  72. শিয়াল আৰু বগলী
  73. ম্যলনিৰ
  74. স্বায়ত্তশাসিত নাৰীবাদ
  75. উত্তৰ নাৰীবাদ
  76. মাতৃতান্ত্ৰিক ধৰ্ম
  77. হেইমডাল
  78. ‎অপৰাধ বিজ্ঞানৰ নাৰীবাদী বিদ্যালয়
  79. ‎নাৰীবাদী গঠনবাদ
  80. আফ্ৰিকানা নাৰীবাদ
  81. ‎গৰ্ভপাত বিৰোধী নাৰীবাদ
  82. সাংস্কৃতিক নাৰীবাদ
  83. হেল (পৌৰাণিক সত্তা)
  84. উদ্যোগী নাৰীবাদ
  85. সামাজিক নাৰীবাদ
  86. নৰ্ছ শ্ৰুতিকথা
  87. মাতৃ নাৰীবাদ
  88. ফ্ৰেইজা
  89. আস্ক আৰু এম্বলা
  90. পাৰ্থক্যসূচক নাৰীবাদ
  91. ‎আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত নাৰীবাদ
  92. নাৰীবাদী নৃতত্ত্ব
  93. সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
  94. ‎যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী
  95. নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন
  96. লিংগ নিৰপেক্ষ ভাষা
  97. কেলিপ্সো
  98. গ্ৰীক শ্ৰুতিকথা
  99. নাৰীবাদী ন্যায় নীতি
  100. ৰোমান শ্ৰুতিকথা
  101. ‎এছিয়াত নাৰী মুক্তি আন্দোলন
  102. জাপানৰ নাৰী
  103. ইজৰাইলৰ নাৰী
  104. ‎ৰাষ্ট্ৰীয় নাৰীবাদ
  105. আলবেনিয়ান লোকবিশ্বাস
  106. অ'ৰা (অপেশ্বৰী)
  107. আৰ্মেনিয়ান শ্ৰুতিকথা
  108. চাইবাৰ নাৰীবাদ
  109. নাৰী আৰু ধূম্ৰপান
  110. ব্ৰাজিলৰ শ্ৰুতিকথা
  111. তামজাৰা
  112. চিলিৰ শ্ৰুতিকথা
  113. এৰিছ (গ্ৰীক দেৱী)
  114. দ্য ৱৰ্থ অৱ ৱিমেন
  115. চীনা শ্ৰুতিকথা
  116. কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা
  117. আভাইকি
  118. দৃষ্টি
  119. আভাটিয়া
  120. ডাইঅ'নিছাছ
  121. গুগল পে
  122. ভাৰিমা-টে-টাকেৰে
  123. নাৰী দৃষ্টি
  124. দ্বাদশ অলিম্পিয়ান
  125. ইজিপ্টৰ শ্ৰুতিকথা
  126. নাৰীবাদী তত্ত্ব
  127. লিংগ বৈষম্য
  128. লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
  129. পট্টচিত্ৰ
  130. পলিনেছিয়াৰ শ্ৰুতিকথা
  131. ৰোহিনী (দেৱী)
  132. ফিজিৰ শ্ৰুতিকথা
  133. ফ্ৰান্সৰ শ্ৰুতিকথা
  134. টিকনি জৱা
  135. ‎অষ্ট্ৰেলিয়াৰ নাৰী
  136. বিবাহ প্ৰতিবন্ধক
  137. কইনাৰ মূল্য
  138. ব্ৰাজিলৰ নাৰী
  139. স্পেইনৰ নাৰী
  140. ঈছপৰ সাধু
  141. হেল'ই
  142. ৰথ যাত্ৰা
  143. নেদাৰলেণ্ড
  144. মুকুট
  145. বিষু
  146. ঈশানৌ
  147. প'লিচিষ্টিক অ'ভাৰি ছিণ্ড্ৰ'ম
  148. টাইম ফ'ৰ টি:ৱমেন, লেবাৰ এণ্ড প'ষ্ট-ক'ল'নিয়েল পলিটিক্স অন এন ইণ্ডিয়ান প্লেণ্টেচন
  149. ডটাৰছ অৱ প'ল' গ'ড
  150. যোগিনী মন্দিৰ
  151. বৰলক্ষ্মী ব্ৰত
  152. কল'বক
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ আশাৰীকান্দিৰ টেৰাকোটাৰ মূৰ্তি
আলোকচিত্ৰ শিল্পী: নয়ন জ্যোতি নাথ
উল্লেখনীয় ৱিকিমিডিয়ান

ৰঞ্জিৎ শৰ্মা: ২০১৩ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এগৰাকী পুৰণি ৱিকিমিডিয়ান। বৰ্তমান তেওঁ‌ সক্ৰিয় নহয় যদিও অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৮। চালুকীয়া অৱস্থাৰ অসমীয়া ৱিকিপিডিয়াক আগুৱাই নিয়াত সহায় কৰাৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
দিব্য দত্ত
সাত শতাধিক প্ৰবন্ধ পদক
দিব্য দত্ত
আয়োজক পদক
প্ৰণামিকা অধিকাৰী,
প্ৰাণজ্যোতি নাথ
বিচাৰক পদক
জোনালী বৰুৱা,
জলি ৰুমী বৰা,
গীতাশ্ৰী গগৈ আপ্তে,
দিব্য দত্ত,
প্ৰণামিকা অধিকাৰী
সমন্বয়ক পদক
ঈশান জ্যোতি বৰা,
নয়ন জ্যোতি নাথ
প্ৰতিভাবান ন-সম্পাদকৰ পদক
মৌচুমী দাস
সৃষ্টিমূলক বিষয়ৰ পদক
চন্দন চিৰিং ফুকন
সজাগতামূলক বিষয়ৰ পদক
ঈশান জ্যোতি বৰা
অনন্য বিষয়ৰ পদক
জোনালী বৰুৱা
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন-২০২৪ৰ শ্ৰেষ্ঠ অৱদানকাৰী পদক
জ্যোতি চিৰিং



বিশেষ অভিলেখ
মাৰ্চ-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,২৫৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯২ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৫৯ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

200Px
200Px

(জুই, ৰোগ আৰু ঋণ অৰ্থাৎ ধাৰ, এই তিনিপ্ৰকাৰ সমূলঞ্চে শেষ কৰিব লাগে কাৰণ, জুই বা ৰোগ বা ধাৰৰ অলপমান থাকিলেও সিয়েই পুনৰ উক দি দুৰ্যোগ ঘটাব পাৰে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ১১৫ - - - ১০৫
চন্দন চিৰিং ফুকন ৩৫২ ৩০ - - ৪৮
ঈশান জ্যোতি বৰা ৪২৯ - - - ৪৩
জোনালী বৰুৱা ১০১ - - -
জ্যোতি চিৰিং - ৩০৫ - - -
প্ৰাণজ্যোতি নাথ - ৭০৬ -
কন্দৰ্পজিৎ কল্লোল ৬৩৮ ১১২ - ১৬১
খিলঞ্জীত ২১৩ - - -
মৌচুমী দাস ৬২০ - - - ১৪
১০ প্ৰণামিকা অধিকাৰী ১০৯৭ - ২৪ - ১০১
১১ ৰুমী বৰা - ২০৫ - -
১২ গীতাশ্ৰী গগৈ আপ্তে ৩৩৫ - - - ২১
১৩ দিব্য দত্ত ১৫৫৫ ৩১ - ১৯১
১৪ নয়ন জ্যোতি নাথ ৮৬ - ৯১ ১৪


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।