ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

ৰ্বপ্ৰথমে অগ্ৰজসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কুলধৰ ৰাভা মামাৰ পৰা 'ৱিকি'ৰ বিষয়ে শুনি কিছুদিন আগত অসমীয়া ৱিকিপিডিয়াত একাউণ্ট এটা খুলিছিলোঁ। 'ৱিকিপিডিয়া' আৰু 'ৱিকিউৎস'ৰ পাৰ্থক্য বুজাই দিয়াৰ পৰা আদি কৰি সম্পাদনা কৰালৈকে তেখেতেই মোক পাৰ্যমানে সহায় কৰি আহিছে। ইয়াৰ পূৰ্বে 'ৱিকি' সম্পৰ্কে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল। এই ক্ষেত্ৰখনৰ সৈতে চিনাকি কৰাই দিয়া বাবে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়াও শিকিবলগীয়া কথা সৰহ। লাহে লাহে শিকি-বুজি যাবলৈ যত্ন কৰিম।

ভৱজিৎ বায়ন প্ৰণীত 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' আৰু ড° ৰমেশ পাঠক প্ৰণীত 'অসমীয়া ভাষাৰ ইতিহাস'ত দাঙি ধৰা তথ্য অনুসৰি খ্ৰীষ্টীয় তৃতীয় শতাব্দী মানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা পাঁচ প্ৰকাৰৰ প্ৰাকৃতৰ ভিতৰত প্ৰধানতঃ মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে। উদ্ভৱ কালৰ পৰা ক্ৰমবিৱৰ্তনৰ মাজেদি আহি অসমীয়া ভাষাই আজিৰ ৰূপ লাভ কৰে। ইতিহাসে ঢুকি নোপোৱা কালৰো বাৰ্তাবাহক কোনো এটা ভাষা প্ৰাণৱন্ত হৈ থাকে ভাষাটোক চৰ্চা কৰা লোকসকলৰ মাজত। বিশ্বায়নৰ যুগত তথ্য-প্ৰযুক্তিয়ে ইন্ধন হিচাপে কাম কৰিছে। এই তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰি 'ৱিকি'ৰ দৰে এক মুক্ত বিশ্বকোষ অসমীয়া ভাষাত সৃষ্টি কৰা সুদূৰপ্ৰসাৰী চিন্তাধাৰাৰ ব্যক্তিসকলক এই চেগতে শলাগিছোঁ। ইয়ে ভাষাটোৰ উন্নতিৰ হকে কাম কৰিবলৈ অনাগত দিনত নৱপ্ৰজন্মৰ বাটকটীয়া হিচাপে কাৰ্য সম্পাদন কৰিব বুলি মই বিশ্বাসী।

বৰ্তমান সময়ত ইংৰাজী ভাষাক অতি মৰ্যাদাপূৰ্ণ উচ্চ ভাষা বুলি গণ্য কৰি প্ৰশাসন, অফিচ-কাছাৰী তথা কাৰিকৰী শিক্ষাৰ মাধ্যম হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। অভিজাত্য প্ৰকাশৰ বাহক ৰূপেও ইংৰাজী ভাষা ব্যৱহাৰ কৰা দেখা যায়। এনে এক স্থলত আইৰ মুখৰ সুৱদী-সুৰীয়া অসমীয়া ভাষাটোৰ হিতাৰ্থে যৎকিঞ্চিৎ কৰিব পাৰিলে তাতেই মই মোৰ জীৱনৰ সাৰ্থকতা বিচাৰি পাম।

শেষত কʼব বিচাৰিম যে, অসম তথা অসমীয়া ভাষা-সংস্কৃতিক অঙ্কীয় পৃথিৱীৰ মানসপটত প্ৰতিষ্ঠাৰ্থে 'অসমীয়া ৱিকিমিডিয়া'ৰ সক্ৰিয় সদস্যসকলৰ দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাত হাত উজান দিবলৈ পাই মই সুখী হৈছোঁ।

ধন্যবাদ।

 চন্দ্ৰিমা ৰাভা (বাৰ্তা) 00:43, 28 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]