ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

হানিফ আলী: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ১,২৭০ টা আৰু অসমীয়া ৱিকিউৎসত মুঠ ৩,০৫০টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিউৎসত তেওঁ একাধিক মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত আৰু অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলাসমূহত অংশগ্ৰহণ কৰি বিশিষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ এই নিৰৱচ্ছিন্ন অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক মুদ্ৰণ-সংশোধন পদক, সহযোগিতা পদক, ৱিকি লাভছ ৱুমেন পদক, ৱিকি শতক পদক, এই মাহৰ ৱিকিমিডিয়ান আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।