ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | ছেপ্টেম্বৰ | ২০২৩ | নৱম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

 হায়দৰাবাদ ৱিকি সন্মিলনত যোগদানৰ বাবে স্কলাৰশ্বিপৰ আবেদন কৰোঁতে প্ৰায় নিশ্চিত হৈ আছিলোঁ যে মই নিৰ্বাচিত হ’ম। ভাৰতৰ এখন ঐতিহ্যমণ্ডিত চহৰ হায়দৰাবাদলৈ মই আগতে গৈ পোৱা নাই। সেয়েহে তালৈ যোৱাৰ বাবে মই অধিক আগ্ৰহী হৈ আছিলোঁ। সময়ত স্কলাৰশ্বিপ অনুমোদন হ’ল। দৈনন্দিন জীৱনৰ তিতা-কেঁহাবোৰ আঁতৰাই থৈ এজাক প্ৰিয় মানুহৰ সৈতে চাৰিটা নিশা হায়দৰাবাদত কটাই আহিলোঁ। লৈ আহিলোঁ, কিছু মধুৰ স্মৃতি। অহা-যোৱা, থকা-খোৱা, হাত-খৰচ আদিকে ধৰি প্ৰতিজন অংশগ্ৰহণকাৰীৰ নামত ৱিকিমিডিয়া ফাউণ্ডেচনে যথেষ্ট ধন খৰচ কৰিছিল। কোনো প্ৰাপ্তিৰ আশা নকৰি ৱিকি স্বেচ্ছাসেৱকসকলে যি বৰঙণি আগবঢ়াই থাকে, এয়া তাৰেই যেন এক সামান্য স্বীকৃতি; এনে দৃষ্টিভংগীৰে আয়োজক কমিটিয়ে ৰাজকীয় আতিথ্য আগবঢ়াইছিল।

 এজন ৱিকিমিডিয়ান হিচাপে মোৰ দক্ষতা বিকাশত আৰু আত্মবিশ্বাসৰ স্তৰটোৰ উত্তৰণ ঘটোৱাত ২০১৯ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিউৎস কৰ্মশালা আৰু ২০২০ চনত মুম্বাইত অনুষ্ঠিত হোৱা ট্ৰেইন দ্য ট্ৰেইনাৰ প্ৰ’গ্ৰামৰ বিশেষ ভূমিকা আছিল। এই দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আগলৈকে মই বহু সৰু-সুৰা কাৰিকৰী বা নীতি সম্পৰ্কীয় কথা জনা নাছিলোঁ, যদিও তেতিয়ালৈ মই এজন জ্যেষ্ঠ সদস্যৰূপে পৰিগণিত হৈছিলোঁ। তাৰ বিপৰীতে হায়দৰাবাদ সন্মিলন আছিল মোৰ বাবে যেন এক অৱসৰ বিনোদন। অৱশ্যে এয়া সন্মিলনহে আছিল, কোনো কৰ্মশালা নাছিল। মানুহৰ মনটোক উদ্দীপিত কৰাৰ বাবে, অনুপ্ৰাণিত কৰাৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰো নিয়মীয়াকৈ আয়োজন কৰাৰ প্ৰয়োজন আছে।

বাবুল বৈশ্য (বাৰ্তা) 03:02, 1 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

য়ামী গৌতম ধৰ (ইংৰাজী: Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে। ২০১২ চনত অভিনয় কৰা কমেডী-ড্ৰামা ভিকি ড'নাৰ হৈছে তেওঁৰ প্ৰথম হিন্দী ছবি, যাৰ ফলত তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।

হিমাচল প্ৰদেশৰ বিলাসপুৰ হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা য়ামী গৌতম ডাঙৰ-দীঘল হৈছিল চণ্ডীগড়ত। তেওঁৰ পিতৃ মুকেশ গৌতম এজন পাঞ্জাবী চলচ্চিত্ৰ পৰিচালক। তেওঁ পিটিচি নেটৱৰ্কৰ উপ-সঞ্চালক। তেওঁৰ মাতৃৰ নাম অঞ্জলি গৌতম। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ চন্দ্ৰযান-৩ৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১২৩

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ব্ৰজ বিহাৰী বৰুৱা
  2. ছাৰ জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছন

অন্যান্য

  1. অপেনহাইমাৰ (চলচ্চিত্ৰ)
  2. বেংক অফ আমেৰিকা
  3. মু'ঙ মাও
  4. ড'মিনিকান প্ৰজাতন্ত্ৰ
  5. ভাৰত আৰু বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ছোহৰাব মোদী
  2. পি জয়ৰাজ
  3. ‎নৌশাদ
  4. এল ভি প্ৰসাদ
  5. ভি শান্তাৰাম
  6. বি নাগী ৰেড্ডী
  7. ৰাজ কাপুৰ
  8. য়ামী গৌতম
  9. ভালজী পেন্ধাৰকৰ
  10. আক্কিনেনি নাগেশ্বৰ ৰাও
  11. হিমাংশু ৰায়
  12. মজৰুহ চুলতানপুৰী
  13. অশোক কুমাৰ
  14. হৃষিকেশ মুখাৰ্জী
  15. শ্যাম বেনেগাল
  16. অভিষেক ধৰ
  17. বিক্ৰমাদিত্য মটৱানে
  18. বালামণি আম্মা

ভাষা বিষয়ক

  1. খোৱাৰ ভাষা
  2. ‎চীনা-তিব্বতীয় ভাষা

চলচ্চিত্ৰ বিষয়ক

  1. কোৰাচ (চলচ্চিত্ৰ)
  2. মৃগয়া (চলচ্চিত্ৰ)
  3. দামুল
  4. জুবিলী
  5. কল্কি ২৮৯৮ এডি
  6. ঊনিশে এপ্ৰিল
  7. আগন্তুক
  8. ঘটশ্ৰাদ্ধ

অন্যান্য

  1. ‎বিশ্ব হিন্দু পৰিষদ
  2. গাৰো জনগোষ্ঠী
  3. সৰস্বতী সন্মান
  4. মহাত্মা গান্ধী স্মৃতি কেন্দ্ৰ, মাটালে

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. উমা চেত্ৰী
  2. মানৱ ডেকা
  3. দেৱেন দত্ত
  4. ৰাধাকান্ত সন্দিকৈ
  5. সুৰজিৎ গিৰি
  6. ললিত কুমাৰ বৰুৱা
  7. অনন্ত কলিতা
  8. বিনীতা বৰগোহাঁই
  9. মাধুৰীমা চৌধুৰী
  10. পূৰ্ণানন্দ দত্ত
  11. উমাকান্ত ৰাজখোৱা
  12. থানেশ্বৰ গগৈ
  13. গোলোক চন্দ্ৰ বৰা
  14. মতিৰাম বৰা
  15. পুষ্পৰাম দাস
  16. তীৰ্থেশ্বৰ হাজৰিকা
  17. মালতী মেম
  18. দাৰিকী দাসী বৰুৱা
  19. তিলেশ্বৰী বৰুৱা
  20. ৰেৱতী লাহন
  21. খহুলী দেৱী
  22. পদুমী গগৈ
  23. গোলাপী চুতীয়ানী
  24. লীলা নেওগনী
  25. থুনুকী দাস
  26. জালুকী কছাৰীয়নী
  27. কন চুতিয়ানী
  28. হেমপ্ৰভা দাস
  29. উষা বৰঠাকুৰ
  30. কন্দৰ্পেশ্বৰ সিংহ
  31. মধু মল্লিক
  32. ফৰ্মুদ আলি
  33. দুতিৰাম বৰুৱা
  34. লীলাধৰ বৰুৱা
  35. মহম্মদ তৈয়বুল্লা
  36. সিদ্ধিনাথ শৰ্মা
  37. মায়াৰাম নাজিৰ
  38. নীলকান্ত চোলাধৰা ফুকন
  39. কান্দুৰা ডেকাফুকন
  40. হেমৰাম পাটৰ
  41. লেৰেলা বড়ো
  42. ৰতন কছাৰী
  43. ঠগী সুত
  44. নিধানু ৰাজবংশী
  45. ৰাউতা বড়ো
  46. মণিৰাম কছাৰী
  47. তিলক ডেকা
  48. তৈয়বউল্লা
  49. ক’লাই কোছ
  50. ফৈজনুৰ আলি
  51. গুণাভি বৰদলৈ
  52. বলো সুত
  53. লক্ষী হাজৰিকা
  54. ছিদ্দিক আলি
  55. আব্দুল মতলিব মজুমদাৰ
  56. মনবৰ নাথ
  57. কামেশ্বৰ দাস

গ্ৰন্থ বিষয়ক

  1. উৰণীয়া হাঁহৰ মাত
  2. লে-লাডাখ (গ্ৰন্থ)
  3. স্বৰ্ণলতা (গ্ৰন্থ)
  4. অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন
  5. অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ
  6. নিবন্ধ ঊনবিংশ (গ্ৰন্থ)
  7. আৱাহন যুগৰ অসমীয়া সাহিত্য
  8. অসমীয়া সাহিত্য: আধুনিক যুগ
  9. অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা

অন্যান্য

  1. অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী
  2. তৰা'ছ হাছবেণ্ড
  3. গৰখীয়া গোসাইৰ থান
  4. অসমৰ জনজাতীয় ধৰ্ম
  5. অনুৰ

সানমিহলি

  1. ইয়াছিন (ছূৰা)
  2. চয়তান
  3. কোৰআনৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা
  4. পাৰা
  5. পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ
  6. গন্ধকচু
  7. বিষমলিংগতাবাদ
  8. কন্‌জাংটিভাইটিছ
  9. অলিম্যান
  10. সাহা
  11. টি-বেগ
  12. উদ্বেগজনক বিকাৰ
  13. নাভিত জমাহোৱা আৱৰ্জনা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
চিত্ৰ ভাগৱত, নৰোৱা বালি সত্ৰ
চিত্ৰ শিল্পী: নীলাঞ্জনা গগৈ
উল্লেখনীয় ৱিকিমিডিয়ান

হানিফ আলী: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ১,২৭০ টা আৰু অসমীয়া ৱিকিউৎসত মুঠ ৩,০৫০টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিউৎসত তেওঁ একাধিক মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত আৰু অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলাসমূহত অংশগ্ৰহণ কৰি বিশিষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ এই নিৰৱচ্ছিন্ন অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক মুদ্ৰণ-সংশোধন পদক, সহযোগিতা পদক, ৱিকি লাভছ ৱুমেন পদক, ৱিকি শতক পদক, এই মাহৰ ৱিকিমিডিয়ান আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
ৱিকি সজাগতা পদক
ভাস্কৰ ভূঞা
স্বাধীনতা সংগ্ৰামী এডিটাথন পদক
জ্যোতি চিৰিং

প্ৰণামিকা অধিকাৰী
ভাস্কৰ ভূঞা
নয়ন জ্যোতি নাথ
চন্দন চিৰিং ফুকন
মেধি জ্যোতি

ৱিকি ঈগল পদক
বাবুল বৈশ্য






বিশেষ অভিলেখ
আগষ্ট-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,০৪৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫১৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫১৩ টালৈ বৃদ্ধি পালে।
  • ভাৰতৰ ৭৭তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আগষ্ট মাহত স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথন অনুষ্ঠিত কৰা হয়। ইয়াত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে প্ৰবন্ধ সৃষ্টি আৰু পোখালি প্ৰবন্ধ বিস্তাৰৰ লক্ষ্য হাতত লোৱা হয়।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(উঠোঁ‌তে বৰ চাং আৰু বহিলেই পীৰাখন সতকাই ভাগিব নোৱাৰে। একেদৰেই বলদ গৰুৱে গাখীৰ দিয়াটো সম্ভৱ নহয়। অৰ্থাৎ নোহোৱা নোপোজা ধৰণৰ ঘটনা সংঘটিত হোৱা।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
Babulbaishya ৫৫৩ - - -
BhuyanBhaskar ৯১ - - - -
Chiring chandan ১৯৮ ৮৮ ২৫ ১৩
Ishanjyotibora ৭২ ৮২ -
Joli Rumi ৪৬ - - - -
JyotiPN ১১৯ ২৫৬ - - -
Jyoti Chiring - ১৩২ - - -
KhiLanTzi ৩২২ - - - -
Kuldhar Rabha ৩১ ৬৫ ১০২ - ২৩
১০ Nayan j Nath ৭৬ ১৪
১১ Pranamikaadhikary ৫৪২ - ১১০ - -
১২ Rumi Borah~aswiki - ১৫০ - -
১৩ Saurabhsaha ১০১ - - -
১৪ দিব্য দত্ত ১৫৭ - ৪১ - -
১৫ যদুমণি গগৈ ৯৭ - - -
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।