ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | সহমৰ্মিতাৰ ভাবনাৰে বাঢ়ি অহা আমাৰ দৃষ্টিবোৰ কেতিয়ানো ধৰ্ষণকামী-মৰ্ষণকামিতালৈ ৰূপান্তৰিত হয়— আমি দেখোন গমেই নাপাওঁ— আত্মতুষ্টিৰ বাবে, নিজকে অলপ ফাঁকি দিবৰ বাবে— মনঃপৃষ্ঠাত সমবেদনাৰ আভৰণ এখন আমি মেৰিয়াই লওঁ আৰু নিৰ্বিকাৰ ভংগীমাৰে চোবাবলৈ ধৰো আমাৰ প্ৰিয় খাদ্য, উমলগা বিচনাত অলস মুদ্ৰাৰে দীঘল দি জাপ খাই অহা তৃপ্তিৰ চকুৰে উপভোগ কৰো মৃত্যু— যৌনতা— জিঘাংসা— এনেদৰেই ৰমানন্দহঁতৰ প্ৰাইভেট এডভেঞ্চাৰবোৰ হৈ পৰেহি নাঙঠভাৱে পাব্লিক! | ” |
— মৌচুমী কন্দলী; গ্ৰন্থ:তৃতীয়ত্বৰ গল্প |
“ | উঠোঁতে ভাগিল বৰ চাং বহোঁতে ভাগিল পীৰা, ন-সম্বন্ধৰ মিতিৰ আহিছে বলদ গৰুটো খীৰা | ” |
— ফকৰা যোজনা |