ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৪/ভাল প্ৰবন্ধ

ৰাণী কি বাৱ ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। সময়ৰ সোঁতত মাটিত পোত যোৱাৰ পিছত ১৯৪০ চনত ইয়াক পুনৰ আৱিষ্কাৰ কৰা হয় আৰু ১৯৮০ চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে পুনৰুদ্ধাৰ কৰে। ২০১৪ চনত ইয়াক ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছে। এই খটখটিযুক্ত কুঁৱাটো পানীৰ পৱিত্ৰতাক সুচাবলৈ ওলোটা মন্দিৰ হিচাপে ডিজাইন কৰা হৈছে। ইয়াক ভাস্কৰ্য্যৰ শাৰীৰ সৈতে সাতটা স্তৰৰ চিৰিত বিভক্ত কৰা হৈছে। এই ভাস্কৰ্যৰ শাৰীসমূহত ৫০০ৰো অধিক প্ৰধান ভাস্কৰ্য্য আৰু ১০০০ৰো অধিক সৰু ভাস্কৰ্য্য আছে। ৰাণী কি বাৱৰ ভাস্কৰ্যসমূহত ধৰ্মীয়, ধৰ্মনিৰপেক্ষ আৰু প্ৰতীকী চিত্ৰকল্পৰ সংমিশ্ৰণ ঘটিছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ যশপ্ৰীত বুমৰাহৰ বিষয়ে ইয়াত পঢ়ক...