ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৪

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | ছেপ্টেম্বৰ | ২০২৪ | নৱম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

২০২৪ বৰ্ষৰ জুলাই মাহৰ পহিলা সপ্তাহত গুৱাহাটীৰ হোটেল গ্ৰেণ্ডিউৰত দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডিক ৱিকিমিডিয়া কমিউনিটিৰ এখন মিনি-হেকাথন হৈ যায়। অসমীয়া ৱিকিসমাজৰ পৰা দিব্য দা (দিব্য দত্ত), নয়ন দা (নয়ন জ্যোতি নাথ) আৰু ম‌ই হেকাথনখনত অংশগ্ৰহণৰ বাবে জলপানি লাভ কৰোঁ। ইয়াৰ আগলৈকে ম‌ই ৱিকিৰ কোনো ৱিকিমীট, হেকাথন আদিত অংশগ্ৰহণ কৰা নাছিলোঁ। মোৰ বাবে এই অভিজ্ঞতা প্ৰথম। ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা কেইবাজনো ৱিকিমিডিয়ানে এই হেকাথনত অংশগ্ৰহণ কৰে। ইয়াৰে অধিকাংশই আছিল কম্পিউটাৰ বিজ্ঞান বেকগ্ৰাউণ্ডৰ। হেকাথনত অংশগ্ৰহণ কৰাসকলে নিজৰ নিজৰ পছন্দৰ ৱিকিমিডিয়া সম্পৰ্কীয় টেকনিকেল কাম একোটা বাচি লৈ সেইসমূহৰ ওপৰত কাম কৰে। কোনোৱে যদি ৱিকিত ব্যৱহাৰৰ বাবে সঁজুলি সাজিছে, আন কোনোৱে আকৌ ৱিকিত সচৰাচৰ পৰিলক্ষিত হোৱা টেকনিকেল সমস্যা কিছুমান সমাধান কৰিছে। কামৰ ভিতৰত ম‌ই তিনিটাকৈ সৰু কাম কৰোঁ। অসমীয়া ৱিকি প্ৰকল্পত ব্যৱহাৰ কৰিব পৰাকৈ দুখনকৈ জাভাস্ক্ৰীপ্ট লিখোঁ আৰু অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতত সামাজিক মাধ্যমৰ লিংক সংযোগ কৰোঁ। মোৰ অৱদান ইমানেই। দুদিনীয়া হেকাথনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোক লগ পাই ম‌ই বাৰুকৈয়ে উৎফুল্ল হৈছোঁ। নিজৰ একাকিত্ব স্বভাৱৰ বাবে ৱিকিৰ কৰ্মশালা, সন্মিলন আদি ম‌ই পৰাপক্ষত পৰিহাৰ কৰা চলি আহিছোঁ। কিন্তু হেকাথনৰ সেই দুটা দিনে মোৰ পলায়নবাদী স্বভাৱক ভাঙি-চিঙি চূড়মাৰ কৰিলে। মনত আত্মবিশ্বাস যোগাই তুলিলে। হেকাথনত প্ৰথম বাৰৰ বাবে অসমীয়া ৱিকিমিডিয়াৰ অন্যতম সক্ৰিয় তথা দক্ষ ৱিকিমিডিয়ান দিব্য দা আৰু নয়ন দাৰ সান্নিধ্য‌‌ইও মোক বাৰুকৈয়ে উৎফুল্ল কৰি তুলিলে। তদুপৰি আয়োজকসকলৰ অন্যতম গোপা বসন্ত‌ৰ লগতে জ্ঞানৰঞ্জন চাহু, সাৰ্থক পৰাশৰ, জয়প্ৰকাশ, আৰ্য্যা জোশীয়ে বিশেষভাৱে সময়ে সময়ে আমাক উৎসাহ যোগালে। ৰং-ধেমালিৰ মাজেৰে পাৰ হোৱা সেই দুটা দিনে মোৰ মনত এক গভীৰ সাঁচ বহাই থৈ গ’ল। অসমৰ বাহিৰৰ ৱিকিমিডিয়ানসকলৰ লগত কথা-বাৰ্তা পাতি এনেকুৱা লাগিছিল যেন আমি সকলোবোৰ একেখন ঘৰৰেই সদস্য, ৱিকিয়ে বন্ধা ঘৰখনৰ সদস্য। অসমৰ সাহিত্য-সংস্কৃতিৰ লগতে সমগ্ৰ অসমৰ প্ৰতি তেওঁলোকৰ যি ভালপোৱা আমি পৰিলক্ষিত কৰিলোঁ সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। আশা কৰোঁ আগলৈও ৱিকিৰ হেকাথন/সন্মিলন আদি অনুষ্ঠিত হৈ থাকক। নিজৰ নিজৰ মাতৃভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কুচকাৱাজ চলি থাকক। তাৰেই কামনা কৰোঁ। — চাণক্য (বাৰ্তা) 09:12, 30 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


যোৱা যোৱা ৬ আৰু ৭ জুলাই, ২০২৪ তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ ৱিকিমিডিয়াৰ এখনি মিনি-হেকাথন অনুষ্ঠিত কৰা হয়। এই হেকাথনত অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ মই, নয়ন আৰু চাণক্যই জলপানি লাভ কৰি যোগদান কৰাৰ সুযোগ লাভ কৰোঁ। অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে আগদিনা সন্ধিয়া মই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ আৰু পাছদিনা ৮ মান বজাত হোটেলত উপস্থিত হওঁ। গুগল আউট ৰিচত কাম কৰা কানাহিয়া কৌশল নামৰ বিহাৰৰ এজন চফ্টৱেৰ বিকাশকৰ সৈতে মোক একেটা কোঠাতে থকাৰ ব্যৱস্থা কৰা হৈছিল। এই হেকাথনতে কানাহিয়াই ৱিকি কমন্স এপটোৰ এটা সমস্যা সমাধান কৰিছিল, যিটো এপটোৰ নতুন আপডেটত দেখা পোৱা যাব। এপটোত সংযোগ হ’বলগীয়া এই নতুন বৈশিষ্ট্যটো হৈছে, এপটোৰ জৰিয়তে ছবি আপলোড কৰোঁতে হোৱা অসম্পূৰ্ণ আপলোডবোৰ পুনৰ আৰম্ভ কৰিব পাৰিব আৰু একেলগে একাধিক ছবি আপলোড কৰিব পাৰিব।

ইয়াৰ পিছত হোটেলৰ কোঠাত যাত্ৰাৰ ভাগৰ মাৰি সতেজ হৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহোঁ। ইতিমধ্যে নয়ন আৰু চাণক্যকো লগ পাওঁ। ইমানদিনে চাণক্যক অনলাইনতহে পাই আহিছিলোঁ, সেই দিনা প্ৰথম দেখাদেখি হওঁ। ৱিকিত চাণক্যই কৰা কাৰিকৰী কামবোৰ দেখি মোৰ মনে যিজন চাণক্যৰ ছবি আঁকিছিল, বাস্তৱত কিন্তু তুলনামূলকভাবে এটা সৰু ল’ৰাকহে দেখা পালোঁগৈ। ইমান সৰুতেই ইমান পৈণত কাম কিছুমানৰ জৰিয়তে অসমীয়া ৱিকিক চাণক্যই সমৃদ্ধ কৰিছে, এই চেগতে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

হেকাথনত অংশগ্ৰহণ কৰা প্ৰায়ভাগ সদস্যই চফ্টৱেৰ বিকাশক, চফ্টৱেৰ অভিযন্তা আছিল যদিও আমাৰ দৰে কম কাৰিকৰী জ্ঞানৰ সদস্যও কেইবাজনো আছিল। প্ৰথমতে সকলোকে ৱিকিত সন্মুখীন হোৱা কাৰিকৰী সমস্যাবোৰ লিপিবদ্ধ কৰিবলৈ অনুৰোধ জনায় আৰু তাৰ পাছত সেই সমস্যাবোৰ যিসকলে সমাধান কৰিবলৈ সক্ষম তেওঁলোকক সমাধান কৰিবলৈ কয়। অন্য সদস্যসকলৰ সৈতে আমিও আমাৰ অসমীয়া ৱিকিত সন্মুখীন হোৱা কেইবাটাও সমস্যাৰ কথা লিখোঁ। ইয়াৰ পিছত সকলোৱে নিজৰ নিজৰ বিষয় নিৰ্বাচন কৰে আৰু সমস্যাসমূহ সমাধান কৰিবলৈ হেকিং আৰম্ভ কৰে।

পাছদিনাখনো আগবেলালৈকে হেকিং চলি থাকে আৰু পাছবেলা সমস্যাৰ সমাধানসমূহ প্ৰদৰ্শন কৰা হয়। আমি আনৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলোঁ যদিও আমি নিজাকৈ নিৰ্মাণ কৰা আমাৰ ৱিকিৰ এটা পুৰণা সঁজুলিকে অলপ সজাই পৰাই ন-ৰূপ দি প্ৰদৰ্শন কৰোঁ।

এই মিনি-হেকাথনত অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে অতি সৌভাগ্যৰ কথা আছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰায় দেৰকুৰি চফ্টৱেৰ বিকাশকৰ সৈতে একেলগে বহি, জনাই নজনাই ইংৰাজীত কথা পাতি দুটা দিন পাৰ কৰাটো মোৰ বাবে আছিল এক অনন্য অভিজ্ঞতা। ভাৰতৰ বিভিন্ন ৱিকিৰ সৈতে জড়িত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ এইসকল ৱিকিমিডিয়ানক লগ পাই প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল আমাৰ অসমীয়া ৱিকিমিডিয়াৰ প্ৰকৃত স্থিতি। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা কাৰিকৰী ডিগ্ৰী লাভ কৰা সেইসকল ৱিকিমিডিয়ানে টকা, আত্মপ্ৰতিষ্ঠাৰ পিছত নদৌৰি, নিজ নিজ ভাষাৰ প্ৰতি দায়বদ্ধ হৈ নীৰবে কৰ্ম কৰি গৈছে। নিজৰ লগতে আন আন ৱিকি পৰিয়ালকো সহায় কৰিছে। আমাৰ অসমীয়া ৱিকিত তেওঁলোকৰ দৰে ৱিকিমিডিয়ানৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ। আশাকৰোঁ অনাগত দিনবোৰত অসমীয়া চফ্টৱেৰ অভিযন্তা, বিকাশককো ৱিকিমিডিয়ান হিচাপে দেখা পোৱাৰ সৌভাগ্য হয়। — দিব্য দত্ত (বাৰ্তা) 12:42, 30 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ৰাণী কি বাৱ ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। সময়ৰ সোঁতত মাটিত পোত যোৱাৰ পিছত ১৯৪০ চনত ইয়াক পুনৰ আৱিষ্কাৰ কৰা হয় আৰু ১৯৮০ চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে পুনৰুদ্ধাৰ কৰে। ২০১৪ চনত ইয়াক ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছে। এই খটখটিযুক্ত কুঁৱাটো পানীৰ পৱিত্ৰতাক সুচাবলৈ ওলোটা মন্দিৰ হিচাপে ডিজাইন কৰা হৈছে। ইয়াক ভাস্কৰ্য্যৰ শাৰীৰ সৈতে সাতটা স্তৰৰ চিৰিত বিভক্ত কৰা হৈছে। এই ভাস্কৰ্যৰ শাৰীসমূহত ৫০০ৰো অধিক প্ৰধান ভাস্কৰ্য্য আৰু ১০০০ৰো অধিক সৰু ভাস্কৰ্য্য আছে। ৰাণী কি বাৱৰ ভাস্কৰ্যসমূহত ধৰ্মীয়, ধৰ্মনিৰপেক্ষ আৰু প্ৰতীকী চিত্ৰকল্পৰ সংমিশ্ৰণ ঘটিছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ যশপ্ৰীত বুমৰাহৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৭৪

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. নাহিদ ইছলাম

নাট্য বিষয়ক

  1. কমেডী অৱ এৰ'ৰচ

অন্যান্য

  1. নাইৰোবি
  2. য়ুন্নান
  3. মেকং নৈ
  4. ছৌদি আৰবত ধৰ্ষণ
  5. ইজিপ্তত ধৰ্ষণ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. সৰবজ্যোত সিং
  2. স্বপ্নীল কুছালে
  3. ৰাঘৱন
  4. লক্ষ্মণ আচাৰ্য
  5. বৰুণ ধৱন
  6. টাইগাৰ শ্ৰফ
  7. ৰণবীৰ কাপুৰ
  8. অমন শেৰাৱত
  9. নানী (অভিনেতা)
  10. ঋতিকা হুডা
  11. ৰাজকুমাৰ ৰাও
  12. কাৰ্তিক আৰিয়ান
  13. নিশান্ত দেৱ
  14. নীৰদ চি. চৌধুৰী
  15. বিজয় দেৱৰকোণ্ডা
  16. আনন্দ দেৱৰকোণ্ডা
  17. ৰাম মনোহৰ লোহিয়া
  18. গোবিন্দৰাজন পদ্মনাভন
  19. নীতি টেইলৰ
  20. মোনা আগৰৱাল
  21. প্ৰীতি পাল

চলচ্চিত্ৰ বিষয়ক

  1. চিটাডেল: হানি বানি
  2. পিৰাভি
  3. চৰাচৰ
  4. তবাৰানা কাথে
  5. মিষ্টাৰ এণ্ড মিচেছ মাহী

অন্যান্য

  1. ২০২৪ ৱায়ানাড ভূমিস্খলন
  2. ভাৰত ৰত্ন অসমীয়াৰ তালিকা
  3. গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ত ভাৰত
  4. ভাৰতীয় পৰিষদ আইন, ১৯০৯
  5. ৰাণী কি বাৱ
  6. দক্ষিণ ৰে 'লৱে অঞ্চল
  7. ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ
  8. ২০২৪ কলকাতা ধৰ্ষণ আৰু হত্যাৰ ঘটনা
  9. নালন্দা মহাবিহাৰ
  10. অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ
  11. বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়
  12. ৰাষ্ট্ৰীয় মহাকাশ দিৱস
  13. কিষাণ মজদুৰ প্ৰজা পাৰ্টি
  14. বিজ্ঞান ৰত্ন বঁটা
  15. উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. পূৰবী শইকীয়া
  2. হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা
  3. মনজিত কুমাৰ শ্বাহ
  4. ৰবীন্দ্ৰ বৰা
  5. ৰোহিনী কুমাৰ চৌধুৰী
  6. জেমছ জয় মোহন নিকোল্ছ ৰায়

চলচ্চিত্ৰ বিষয়ক

  1. বিদুৰভাই (চলচ্চিত্ৰ)
  2. স্বৰ্গৰথ (চলচ্চিত্ৰ)
  3. জিয়া (চলচ্চিত্ৰ)
  4. ৱাইড এংগল (চলচ্চিত্ৰ)

অন্যান্য

  1. পাঁচালী সাহিত্য
  2. নলবাৰীয়া উপভাষা
  3. অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (১৯৬১-১৯৬৯)
  4. ২০২৪ চনৰ অসহযোগ আন্দোলন
  5. দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়
  6. চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
  7. মিচিং আগম কেবাং

সানমিহলি

  1. ভেলু গছ
  2. উড়ল গছ
  3. মৰশাল গছ
  4. লালি পমা গছ
  5. বান্দৰডিমা গছ
  6. চেলেং গছ
  7. মধুৰিআম
  8. ইথ’লজী
  9. জন্তুৰ যৌন আচৰণ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
তাঁত-বাতি কৰা দৃশ্য।
আলোকচিত্ৰ শিল্পী: ভাস্কৰ ভূঞা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
আঠ শতাধিক প্ৰবন্ধ পদক
ঈশান জ্যোতি বৰা
সাত শতাধিক প্ৰবন্ধ পদক
বাবুল বৈশ্য
সম্ভাৱনাপূৰ্ণ ন-সম্পাদক পদক
হিমাশ্ৰী বৰা
১০,০০০+ সম্পাদনা পদক
নয়ন জ্যোতি নাথ






উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৬২৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬০৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৪১ টালৈ বৃদ্ধি পালে।
  • যোৱা ৭, ৮, ৯ আৰু ১০ আগষ্ট তাৰিখে পোলেণ্ডৰ কাট’ৱিজত অনুষ্ঠিত "ৱিকিমেনিয়া ২০২৪"-ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ নয়ন জ্যোতি নাথে আংশগ্ৰহণ কৰে।
  • ৱিকিউৎসত আগষ্ট মাহত সম্পূৰ্ণহোৱা গ্ৰন্থ:
  1. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  চান (কবিতা পুথি) (লেখক: খগেশ্বৰ দত্ত বৰুৱা, ১৯৩৮)
  2. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  আত্মানন্দৰ আত্মকাহিনী (লেখক: দণ্ডিনাথ কলিতা, ১৯৩৫)
  3. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  বৈদেহী-বিচ্ছেদ (নাট্যকাৰ-দেৱনাথ বৰদলৈ,১৯০৪)
  4. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  ৰাইনা আৰু শিয়ালৰ সাধু (লেখক:সুৰেন গোস্বামী, ২০২০)
  5. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  চিকাৰ কাহিনী (তৰুণৰাম ফুকন) (লেখক: তৰুণৰাম ফুকন)
  6. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  বহল ব্যাকৰণ (লেখক: সত্যনাথ বৰা, ১৯২৬)
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ১২৩ - - ৯১ ২০
ঈশান জ্যোতি বৰা ৮৪ ৩৩ - ২৬ -
খিলঞ্জীত ১৫৭ - - -
গীতাৰ্থ বৰদলৈ ৪১ ৪৭ - ২৭ ২২
চাণক্য দাস ১৫৮ - - ১৫ ‌
জ্যোতি চিৰিং - ১৬০ - - -
দিব্য দত্ত ৩৫০ ১০৮ - ১২ ২৮
নয়ন জ্যোতি নাথ ৮০ - - ৯৬
প্ৰণামিকা অধিকাৰী ২৬৪ ৩২৫ ৭২ - -
১০ বাবুল বৈশ্য ১৯৫ ৪৯ ৬১
১১ ভাস্কৰ ভূঞা ৪৪ - - - -
১২ ৰুমী বৰা - ১৯১ - - -
১৩ হিমাশ্ৰী বৰা - ১৪৪ - -


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।