ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

মৃদুল কুমাৰ শৰ্মা: ২০১৪ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। ৰঙিয়াৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৪,৯৮০টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২১। অসমীয়া ৱিকিউৎসলৈ বিশেষ বৰঙণি আগবঢ়োৱাৰ লগতে তেওঁ ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিউৎস: সাংস্কৃতিক পদক”, “কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “আয়োজক পদক”, “প্ৰচাৰ সম্পাদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।