ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৩

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | জানুৱাৰী | ২০২৩ | প্ৰথম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁলোকৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
 অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় হৈ থকা আমাৰ মাজৰ সৰহসংখ্যক সদস্যৰ বাবেই, অসমীয়া ভাষাত তথ্য লাভ কৰা, মই যিমান দূৰ বুজোঁ, বৰ প্ৰয়োজনীয় নহয়। ময়ো আৰম্ভণিৰে পৰা ইংৰাজী মাধ্যমতেই শিক্ষা লাভ কৰিছোঁ। ইংৰাজীত উপলব্ধ তথ্য বুজিবলৈ কোনো সমস্যা আমি অনুভৱ নকৰোঁ। আমাৰ বাবে ভাষা এক আৱেগ: ই আমাৰ পৰিচয়, আমাৰ গৰ্ব। সেয়েহে “চিৰ চেনেহী মোৰ ভাষা জননী” বুলিয়েই আমি অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াওঁ। কিন্তু সকলোৰে বাবে ই মাথোঁ আৱেগ নহয়, হ’বও নোৱাৰে। চল্লিশ হাজাৰ চৰকাৰী স্কুলত পঢ়া লক্ষ লক্ষ শিক্ষাৰ্থীৰ বাবে অন্ততঃ, অথবা গাঁৱত ভালকৈ ইংৰাজী শিকিবলৈ নোপোৱা ল’ৰা-ছোৱালীৰ বাবে অন্ততঃ, অসমীয়া এক আৱেগো আৰু এক বাধ্যবাধকতাও। এনে লাখ লাখ লোকৰ বাবে অসমীয়া ভাষাত উপলব্ধ জ্ঞানেই হ’ল সকলো জ্ঞানৰ সীমা। অন্ততঃ যি জ্ঞান ভালকৈ বুজিব পাৰে, অন্তৰত স্থান দিব পাৰে, সেই জ্ঞানৰ সীমা। -ঈশান কাশ্যপ হাজৰিকা

 প্ৰাৰম্ভিক কালত বহুদিনলৈ মই ৱিকিউৎসতে কাম কৰিলোঁ। নাজানিছিলোঁ একোৱেই। ইণ্টাৰনেটৰ বিভিন্ন সঁজুলি আৰু কম্পিউটাৰৰ জ্ঞান একেবাৰে সীমাৱদ্ধ আছিল। কিন্তু আমাৰ ৱাট্চআপ গোটটোৰ জৰিয়তে প্ৰবীণ সদস্য সকলোৱে আগুৱাই যোৱাত সহায় কৰিলে। ইয়াত ’প্ৰবীণ’ শব্দই বয়োজ্যেষ্ঠজনক নুবুজায়, যিয়ে আগৰে পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত, সিয়েই প্ৰবীণ।

 বহুতে ৱিকিপিডিয়াৰ বিষয়ে জানে, কিন্তু ৱিকিউৎসৰ বিষয়ে জ্ঞাত নহয়। ৱিকিপিডিয়াত নিৰ্ভৰযোগ্য তথ্যক ভিত্তি কৰি নানা বিষয়ত প্ৰবন্ধ লিখা হয়। ৱিকিউৎসত কপিৰাইট উকলা কিতাপ-পত্ৰ, বিভিন্ন নথি, আৰু স্বইচ্ছাৰে দান দিয়া কিতাপৰ মুদ্ৰণ সংশোধন কৰি text format-অত সংৰক্ষণ কৰা হয়। ইয়াৰ বাবে কিছুমান ’বিশেষ কৌশল’ প্ৰয়োগ কৰা হয়। কৌশলসমূহ জ্যেষ্ঠ ৱিকিপিডিয়ানে অনলাইন বা অফলাইন কৰ্মশালাৰ জৰিয়তে সময়ে সময়ে শিকাই দিয়ে, অথবা কিবা জানিবলগীয়া থাকিলে গোটত সমস্যাটোৰ কথা উল্লেখ কৰিলে, প্ৰায় লগে লগেই কোনোবা নহয় কোনোবা এগৰাকীয়ে সমাধানৰ পথ দেখুৱাই দিয়ে। এই ক্ষেত্ৰত সকলোৱেই নতুন সদস্যৰ ক্ষেত্ৰত অধিক তৎপৰ। -প্ৰণামিকা অধিকাৰী

 অসমীয়া হিচাপে আমি নিজৰ ভাষাটো ভালদৰে শিকাত, নিজৰ ভাষাক লৈ গৌৰৱ কৰাটো আমাৰ দায়িত্ব নহয়নে? যিসময়ত কেন্দ্ৰীয় চৰকাৰ আৰু বৰমূৰীয়াসকলৰ হঠকাৰী সিদ্ধান্তই প্ৰতিক্ষণে ভাষাটোৰ প্ৰতি অশনি সংকট কঢ়িয়াই আনিব খোজে, তেনেসময়ত প্ৰতিগৰাকী অসমীয়াই নিজ মাতৃভাষাৰ প্ৰতি দায়িত্বশীল হোৱাটো, ভাষাটো শুদ্ধভাৱে জীয়াই ৰখাত গুৰুত্ব দিয়াটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য হ'ব নোৱাৰেনে? অসমীয়া ৱিকিপ্ৰকল্পসমূহত অৱদান আগবঢ়োৱাও হ'ব পাৰে তেনে দায়িত্ববোধৰেই এক নীৰৱ প্ৰকাশ। -প্ৰিয়াংকুশ ডেকা

 ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত মই প্ৰথমবাৰ অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰিছিলোঁ। কিন্তু মই তেতিয়ালৈকে অসমীয়া ভাষা বুজি পোৱা নাছিলোঁ বাবে অসমীয়া ৱিকিপিডিয়া পঢ়ি অসমীয়া শিকিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় এবছৰৰ ভিতৰত, মই মোটামুটিকৈ ভাষাটো আয়ত্ত কৰিব পাৰোঁ‌। ২০২১ চনৰ ৫ মে তাৰিখে মই অসমীয়া ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধটো সৃষ্টি কৰিছিলোঁ (মটক স্বায়ত্তশাসিত পৰিষদ)। তাৰ পিছত ১১ মে'ৰ পৰা মই প্ৰায়ে অসমীয়া ৱিকিত সম্পাদনা কৰি আহিছোঁ। - মো. সাদমান ছাকিব
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

অসমৰ স্বৰ্ণ শিল্পই আহোম যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ অসমত পুৰুষ মহিলা উভয়ৰে পৰিধেয় অলংকাৰৰ উপৰি মূৰ্তি আৰু আন আন সামগ্ৰী সোণেৰে তৈয়াৰ কৰা এক উদ্যোগ গঢ়ি উঠিছিল৷ এই শিল্পৰ ইতিহাস অতি পুৰণি৷ গ্ৰীক গ্ৰন্থ “পেৰিপ্লাছ অৱ দ্যা এৰিথ্ৰিয়ান ছি’’ৰ বৰ্ণনা অনুসৰি সেইসময়ৰ অসমৰ ভূখণ্ডৰ পৰা নিষ্কাশিত সোণ ত্ৰিপুৰা হৈ গংগা অৱবাহিকাৰ আশেপাশে থকা বিভিন্ন ব্যৱসায়িক কেন্দ্ৰলৈ গৈছিল৷ পালবংশী ৰজা জয়পালৰ সময়ৰ এখন শিলালিপি অনুসৰি ৰজাই নিজৰ দেহৰ সমান ওজনৰ স্বৰ্ণমুদ্ৰা ব্ৰাহ্মণক দান কৰাৰ কথা জনা যায়৷ ১৩শ শতিকাৰ পাৰ্ছীয়ান ইতিহাসবিদ মিনহাজ আল ছিৰাজ জুজজানিৰ “তাবাকাৎ ই নাছিৰি’’ নামৰ কিতাপমতে সেইসময়ৰ কামৰূপ ৰাজ্যৰ এটা মন্দিৰত সোণ আৰু ৰূপৰ বহুকেইটা মূৰ্তি পোৱা গৈছিল৷ কৌটিল্যৰ অৰ্থশাস্ত্ৰত প্ৰাচীন কামৰূপত হিমালয়ৰ পৰা বৈ অহা নদীৰ বালিৰ পৰা প্ৰচুৰ পৰিমাণে সোণ আহৰণ কৰাৰ কথাৰ উল্লেখ আছে৷ বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ কাইথেলী অংকৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৪২

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. কেৰোলিন গাৰ্চিয়া
  2. ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
  3. সুশোভন সনু ৰয়
  4. কিলিয়ান এমবাপে

অন্যান্য

  1. ইউ এছ অ'পেন
  2. ‎ইউ এছ অ'পেন (টেনিছ)
  3. ২০২২ ফিফা বিশ্বকাপ
  4. ভিয়েনটিয়েন
  5. টিণ্ডাৰ
  6. চীনা ভূত বিবাহ

ভাৰতীয় পটভূমি

অন্যান্য

  1. ‎আম্বেদকাৰৰ বাইশটা প্ৰতিশ্ৰুতি
  2. বাৰাণসী-কাশী
  3. শ্ৰী ভেংকটেশ ফিল্মছ্
  4. বালাচাহেবাঞ্চী শিৱসেনা
  5. ঈশ্বৰ মানৱ (ভাৰত)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎কিৰণময়ী তামূলী
  2. লীলাৱতী শইকীয়া বৰা

চলচ্চিত্ৰ বিষয়ক

  1. ‎পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
  2. পিতা-পুত্ৰ (চলচ্চিত্ৰ)
  3. ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)
  4. ‎বিশেষ এৰাতি

অন্যান্য

  1. ৰাজখোৱা হত্যাকাণ্ড
  2. কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
  3. জিএছপি
  4. ‎গাৰামদেউ
  5. শান্তিজান বজাৰ
  6. কলিয়াবৰ মহাবিদ্যালয়
  7. অসমৰ পিতল শিল্প
  8. অসমত সোণৰ উৎপাদন
  9. ‎অসমৰ স্বৰ্ণ শিল্প
  10. পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়
  11. আগুৰণ

সানমিহলি

  1. ‎ষ্টকহ'ম চিনড্ৰ’ম
  2. হিষ্টেৰেকটমী
  3. অপৰাধী মনোবিজ্ঞান
  4. ৰাজনৈতিক মনোবিজ্ঞান
  5. বান্দৰ টুপী
  6. সংগীত মনোবিজ্ঞান
  7. লুডু
  8. ছেণ্ডব্লাষ্টিং
  9. পেঞ্চিল
  10. তৃতীয় লিংগ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
(আলোকচিত্ৰ শিল্পী: অভিজিৎ শৰ্মা)
(আলোকচিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা)
(আলোকচিত্ৰ শিল্পী: মহেশ বৰুৱা)
(আলোকচিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতি)
উল্লেখনীয় ৱিকিমিডিয়ান

মৃদুল কুমাৰ শৰ্মা: ২০১৪ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। ৰঙিয়াৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৪,৯৮০টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২১। অসমীয়া ৱিকিউৎসলৈ বিশেষ বৰঙণি আগবঢ়োৱাৰ লগতে তেওঁ ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিউৎস: সাংস্কৃতিক পদক”, “কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “আয়োজক পদক”, “প্ৰচাৰ সম্পাদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য‎
অমূল্য অৱদান পদক
ঈশান জ্যোতি বৰা,
চন্দন চিৰিং ফুকন,
জোনালী বৰুৱা,
দিব্য দত্ত
অনুপ্ৰাণিত ৱিকিপিডিয়ান পদক
কুলধৰ ৰাভা,
চাণক্য কুমাৰ দাস
শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক
প্ৰণামিকা অধিকাৰী
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক
ঈশান কাশ্যপ হাজৰিকা
ৱিকি শতক পদক
প্ৰণামিকা অধিকাৰী





বিশেষ অভিলেখ
ডিচেম্বৰ-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

ডিচেম্বৰ মাহত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰীয়ে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ১০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৮৭৫ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৩৩ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৮৪ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(একে সময়তে বহু কাম কৰিম বুলি ভবাজনে কেতিয়াও কোনো কাম সময়মতে শেষ কৰিব নোৱাৰে৷ যিয়ে লাহে ধীৰে কামবোৰ পৰিপাটীকৈ কৰি যায়, তেনে মানুহৰ কাম যুগমীয়া হয়৷)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বড়া ১১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ইংকীমনি হাজৰিকা ১৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৩৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৫৮ ৩৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ - ২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৬৮ - ৩৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ৪৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জোনালী বৰুৱা ১০৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
তুষাৰ্য ২২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ দীপাংকৰ ১৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ দিব্য দত্ত ২৮১ - ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ দীপকজ্যোতি মহন্ত ১৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ নয়ন জ্যোতি নাথ ১০৪ - ১০০ ১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ প্ৰণামিকা অধিকাৰী ১৩২ ৬৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ বাবুল বৈশ্য ৩০৭ - - ১৪৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ মৃদুল সিংহ ফুকন ২০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ মৃণাল ৰয় ২৬ - ৫৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ মো. সাদমান ছাকিব ৭৫ - - ১৫৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ ৰাজদ্বীপ ৰাজবংশী - ১০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ হানিফ আলী - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ জি. এছ. বৰা ৩১৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: প্ৰিয়াংকুশ ডেকা , ভাস্কৰজ্যোতি ভূঞা, মৃদুল কুমাৰ শৰ্মা, ৰূপম দাস

ইনকুবেটৰ (Wq/as): কুলধৰ ৰাভা (৩০), চন্দন চিৰিং ফুকন (২১), দিব্য দত্ত (১৪), প্ৰিয়াংকুশ ডেকা (১৩)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।