ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪/নিৰ্বাচিত উদ্ধৃতি
“ | যি মানুহে কাম কৰি ভাল নাপায় বা কৰিবলৈ একো কাম বিচাৰি নাপায়, তেওঁতকৈ দুৰ্ভগীয়া মানুহ আন কোনো নাই। কাম নকৰি শুই বহি বা কেৱল আমোদ-প্ৰমোদ কৰি অলস জীৱন কটোৱা মানুহে জীয়াই থকাৰ আনন্দ কেতিয়াও অনুভব কৰিব নোৱাৰে। মই জীৱনটোক খুব ভাল পাওঁ। কিন্তু জীয়াই থকাৰ আনন্দ মই কেৱল তেতিয়াহে অতি তীব্ৰ ভাবে অনুভব কৰোঁ, যেতিয়া মই কিবা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকো। | ” |
— হোমেন বৰগোহাঞি |
“ | সাত পুৰুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: | ” |
— ফকৰা যোজনা |
(সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙৰ কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা। )