ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | জানুৱাৰী | ২০২৪ | প্ৰথম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
আজিৰপৰা (২০২৩) প্ৰায় ১৩/১৪ বছৰমানৰ আগৰ কথা। হঠাতে মোক চিজু এলেক্স নামৰ মালায়ালী ৱিকিপিডিয়ানজনে ফোন কৰিলে।

তেতিয়া মই ৱিকিপিডিয়াৰ সোৱাদ পোৱা প্ৰায় ৩/৪ বছৰ হৈছেহে। “পৰীক্ষামূলক”ভাৱে নিজে লিখা বুলি ইংৰাজী ৱিকিপিডিয়াত চালুকীয়া ভাষাৰে “লাচিত বৰফুকন” প্ৰবন্ধটো আৰম্ভ কৰি চাইছোঁ। তাৰে সম্পাদনা সম্পৰ্কত কিংবদন্তীস্বৰূপ ৰহস্যময় চাইপাও বৰুৱা ডাঙৰীয়াৰ লগত চিনাকি হৈছোঁ।

একে সময়তে লাহে লাহে অসমীয়া ৱিকিপিডিয়াতো কাম কৰা আৰম্ভ কৰোঁ। তেতিয়া অসমীয়া ৱিকিপিডিয়াৰ তেনেই চালুকীয়া অৱস্থা, ভগ্নপ্ৰায় বেটুপাত, মাত্ৰ ৩০০ নে ৪০০ প্ৰবন্ধ। তাতে অঞ্জল বৰা আৰু প্ৰিয়াংকু শৰ্মাৰ লগতো চেগা-চোৰোকাকৈ চিনাকি হওঁ। সংগীতা আৰু সমুজ্জ্বল চৌধুৰী বুলি আৰু দুজন সদস্য দেখিছিলোঁ যদিও চিনাকিহে হোৱা নহ’ল। জ'চ নামৰ এজন অনা অসমীয়া সক্ৰিয় ৱিকিপিডিয়ানো আছিল। এৰা ধৰাকৈ কিবা-কিবি কাম কৰি থাকোঁ।

চিজু আৰু তেওঁৰ বন্ধুসকলে ৱিকিপিডিয়াৰ বাবে নাৰায়ম নামৰ এক মাল্টিলেংগুৱেল কী-বৰ্ড সঁজুলিৰ ওপৰত কাম কৰি আছিল। তেওঁলোকৰ অসমীয়া আৰু বাঙালী লিপি সম্পৰ্কীয় দুই এটা কথাৰ বিষয়ে খু-দুৱনি আছিল, সেই সূত্ৰেই চিজুৰ লগত চিনাকি। তেওঁলোকে অসমীয়া লিপিৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক সোধে, ময়ো যথাসাধ্য উত্তৰ দিওঁ। চিজু পুৰণি ৱিকিপিডিয়ান, ইণ্ডিক ৱিকি সংগঠনৰো সদস্য।

ফোনত চিজুৱে অসমীয়া ৱিকিৰ তেতিয়াৰ অৱস্থাৰ বিষয়ে চিন্তা প্ৰকাশ কৰিলে। মোক ক’লে, কিছুবছৰ আগলৈকে মালায়ালম ভাষাৰ ৱিকিপিডিয়াৰো একে অৱস্থা আছিল। কিন্তু তেওঁলোকে অফলাইন সংগঠন কৰি দুই-তিনিবছৰৰ ভিতৰতে টনকিয়াল কৰি তুলিলে। তেওঁ মোক অসমীয়া ৱিকিপিডিয়াৰ বাবেও একে মডেলকে অনুসৰণ কৰাৰ পৰামৰ্শ দিলে। তেওঁ মোক মাত্ৰ কেইজনমান উৎসাহী মানুহ গোটাই গুৱাহাটীতে এখন প্ৰীতিমেল আয়োজন কৰাৰ কথা ক’লে। তেওঁ নিজেও আহিম বুলি কথা দিলে।

মই থাকোঁ শিলচৰত। তাৰেপৰাই মই ফোন কৰি মোৰ চিনাকি যিমান লিখা মেলা কৰা মানুহ আছিল যোগাযোগ কৰিলোঁ। পিচে প্ৰায়ভাগৰে উৎসাহ কম, থকাসকলৰো সময় সুবিধা নিমিলে। চিজুৰ লগত আকৌ কথা পাতিলোঁ। চিজুৱে গুগল গ্ৰুপত মেইলিং লিষ্ট এখন খোলাৰ পৰামৰ্শ দিলে। সেই সময়ত অসমত আকৌ ফেচবুক জনপ্ৰিয় হোৱা আৰম্ভ হৈছে। সেয়ে মই এটা ফেচবুক গ্ৰুপহে খোলাৰ কথা ক’লোঁ। চিজু ফেচবুক লৈ বৰ আশাবাদী নাছিল যদিও শেষত ফেচবুক গ্ৰুপ খোলাৰ কথাই থিৰাং হ’ল।

কথামতে কাম। মই ফেচবুকত “অসমীয়া ৱিকিপিডিয়া সমাজ” বুলি গ্ৰুপটো আৰম্ভ কৰিলোঁ। দুজন এডমিন থাকিলে সুবিধা হয়। সেয়ে বুলজিৎ বুঢ়াগোহাঁইলৈ ফোন কৰিলোঁ। তেওঁ প্ৰথমতে ব্যস্ততাৰ দোহাই দি অস্বীকাৰ কৰিছিল যদিও মই “তুমি একো কৰিব নালাগে, নিয়ম বুলি থাকিবাঁ, যি কৰিব লাগে ময়ে কৰিম, মাত্ৰ মোৰ কিবা হ’লে আৰু এজন উৎসাহী মানুহক দায়িত্ব দি গ্ৰুপটো চলাই ৰাখিলেই হ’ল” বুলি কোৱাত মান্তি হ’ল।

সেই “অসমীয়া ৱিকিপিডিয়া সমাজ” গ্ৰুপৰ জৰিয়তেই অসমীয়া ৱিকিপিডিয়াত এক নতুন যুগৰ সূচনা হ’ল। এজন দুজনকৈ নতুন নতুন সদস্য গোট খাই আগৰণুৱা হোৱা আৰম্ভ কৰিলে।

প্ৰবন্ধ সংখ্যা অলপ বৃদ্ধি পোৱাৰ পাছত আগৰ ভগা-ছিগা বেটুপাত আঁতৰাই নতুন বেটুপাতৰ, ইংৰাজী ৱিকিপিডিয়াৰ পৰা আমদানি কৰা টেমপ্লেটবোৰ ভগা-ছিগা হ’লে ঠিক ঠাক কৰিবলৈ বা দৰকাৰ হ’লে মেডিয়াৱিকিৰ বাগজিলাত বাগ ৰিপ’ৰ্ট দি ঠিক কৰিবলৈ, ইণ্টাৰফেচ অনুবাদৰ বাবে কাৰিকৰী প্ৰস্তুতি আৰম্ভ কৰিবৰ বাবে মানুহৰ প্ৰয়োজন হ’ল। সেয়ে প্ৰিয়াংকু শৰ্মা আৰু চাইপাও বৰুৱাৰ উদ্যোগত মোৰ নাম ৱিকি এডমিনৰ বাবে প্ৰস্তাৱ কৰা হ’ল, বাকীসকলে ভোট দিলে আৰু মই অসমীয়া ৱিকিপিডিয়াৰ এডমিন (ৱিকিৰ ভাষাত চীচ অপ) হ’লোঁ। ভালেদিন থাকিলোঁ। অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ “পৰিচিতি” দফাটো প্ৰথম বেটুপাত তৈয়াৰ কৰোঁতে এই অভাজনেই লিখা, শেহতীয়াকৈ মাত্ৰ শেষৰ শাৰীটোত অসমীয়া ৱিকিমিডিয়াৰ বাকীকেইটা প্ৰকল্পৰ নাম যোগ কৰা হৈছে।

ৱিকিপিডিয়াত মোক প্ৰথম পদকটো দিছিল জ'চে, তেওঁক প্ৰকৃত যীশু গীৰ্জা নামৰ প্ৰবন্ধটো অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰি দিয়া কাৰণে। উৎসাহ পাইছিলোঁ। সেয়ে ৱিকিপিডিয়া আগবঢ়াৰ লগে লগে সদস্যসকলক তেওঁলোকৰ কামৰ শলাগ লৈ নিয়মীয়াকৈ ইজনে সিজনক পদক দিয়া প্ৰথাৰ প্ৰৱৰ্তনত জোৰ দিলোঁ। প্ৰথমতে কোনো কোনোৱে এঙাইছিল, কিন্তু মই ভাবোঁ যে সদস্যৰ উৎসাহ বঢ়োৱাত ইয়াৰ যথেষ্ট অৱদান আছে। প্ৰথাটো এতিয়াও জনপ্ৰিয়তাৰে চলি থকাটোৱেই তাৰ প্ৰমাণ।

“অসমীয়া ৱিকিপিডিয়া সমাজ” বা ইংৰাজীত “Assamese Wikipedia Community” গ্ৰুপটো এতিয়াও আছে, বৰ্তমান “অসমীয়া ৱিকিমিডিয়া সমাজ” বা “Assamese Wikimedia Community” নামত। অৱশ্যে মই ৱিকিপিডিয়াৰ এডমিন হোৱাৰ পাছত এগৰাকীয়ে একেজন মানুহে দুটা এডমিন বাবত থাকিব নালাগে বুলি আপত্তি কৰাত মই গ্ৰুপৰ এডমিন বাবটো এৰি দিলোঁ। বৰ্তমান অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচ’ৰ্ছৰ সুস্বাস্থ্যৰ কাৰণে এই ফেচবুক গ্ৰুপটোৰ অৱদান অসীম।

চিজু এলেক্সৰ গুৱাহাটীলৈ অহাৰ সপোন বাস্তৱ হ’ল ২৯ জানুৱাৰী ২০১২ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম ৱিকি-মীটআপ পাতোঁতে।

চাইপাও বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ কথা লিখোঁতে চাইপাও বৰুৱাৰ বিষয়ে বিশেষকৈ একলম নিলিখিলে কামটো আধৰুৱা হৈ ৰ’ব। তেওঁ প্ৰতিজন পুৰণি অসমীয়া ৱিকিমিডিয়ানৰ বাবে এক কিংবদন্তিস্বৰূপ ছদ্মনাম। মোৰ বাবে ৱিকিপিডিয়াৰ আদৰ্শ তথা পথ-প্ৰদৰ্শক স্বৰূপ।

চাইপাও, তেওঁ নিজে কোৱা মতে। চাই মানে চাহ, পাও মানে পাওৰুটি। এই নামটো তেওঁ চালাম বম্বে নামৰ চিনেমাখনৰ নায়কৰ পৰা লোৱা। নায়কজনে এখন চাহ দোকানত কাম কৰিছিল বাবে চাইপাও নামেৰে পৰিচিত হৈছিল।

মই কেইবাবাৰো তেওঁৰ আচল পৰিচয় প্ৰকট কৰিবলৈ অনুৰোধ জনাইছিলোঁ। কিন্তু তেওঁ প্ৰতিবাৰেই সময় হ’লে ক’ম, বুলি ফালৰি কাটি গৈছিল। অসমীয়া আৰু ইংৰাজী এই দুয়োখন ৱিকিতে তেওঁৰ অৱদান অনেক।

তেওঁক বন্ধু হিচাপে পাইছিলোঁ বুলি ক’বলৈ পাই গৰ্ব হয়। শেষৰবাৰ কথা পাতোঁতে (ফেচবুক চাট) আমি মাঘ মাহৰ ঠাণ্ডাত জুহালৰ কাষত বহি এটা অন্তৰংগ আড্ডাৰ দৰে এখন ৱিকিমেলৰ কল্পনা কৰিছিলোঁ। আশাকৰোঁ ভৱিষ্যতে এনে এখন ৱিকিমেলৰ আয়োজন কৰি আমি তেখেতক মাতি চিনা-পৰিচয় হৈ উপযুক্ত সন্মান দিব পাৰিম।

Psneog (বাৰ্তা) 14:29, 3 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

মনোজ বাজপেয়ী (ইংৰাজী: Manoj Bajpayee) এগৰাকী ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেখেতে তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে। হিন্দী চিনেমা বা বলিউডৰ এগৰাকী উল্লেখযোগ্য অভিনেতা হিচাপে গণ্য হোৱা মনোজ বাজপেয়ীয়ে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা ফিল্মফেয়াৰ বঁটা, আৰু দুটা এছিয়া পেচিফিক পৰ্দা বঁটা লাভ কৰিছে। ২০১৯ চনত শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে তেখেত সন্মানিত হয়।

পশ্চিম চম্পাৰণ জিলা বিহাৰৰ বেটিয়া চহৰৰ সমীপৰ এখন সৰু গাঁও বেলৱাত জন্মগ্ৰহণ কৰা বাজপেয়ীয়ে সৰুৰে পৰা অভিনেতা হোৱাৰ সপোন দেখিছিল। সোতৰ বছৰ বয়সত তেওঁ দিল্লীলৈ স্থানান্তৰিত হয়, আৰু নেচনেল স্কুল অৱ ড্ৰামাত আবেদন কৰে। তেওঁক পিছে চাৰিবাৰ প্ৰত্যাখ্যান কৰা হৈছিল। অৱশ্যে কলেজত পঢ়ি থকা অৱস্থাত তেওঁ থিয়েটাৰ কৰি থাকিল। ১৯৯৪ চনত তেখেতে দ্ৰোহকাল ছবিখনত এক মিনিটৰ চৰিত্ৰ এটাত আৰু একেটা বছৰতে শেখৰ কাপুৰৰ বেণ্ডিট কুইন ছবিত ডকাইতৰ সৰু চৰিত্ৰ এটা ৰূপায়ণ কৰে। কেইটামান অলক্ষিত চৰিত্ৰৰ অন্তত তেখেতে ১৯৯৮ চনত ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক নাটক সত্যত গেংষ্টাৰ ভিকু মহাত্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ জৰিয়ত তেওঁ চলচ্চিত্ৰ উদ্যোগটোত এক অগ্ৰগতি লাভ কৰে। বাজপেয়ীয়ে ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কৌন? (১৯৯৯) আৰু শূল (১৯৯৯) ছবিত অভিনয় কৰিছিল। পিছৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ দ্বিতীয়টো ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ভূটানী শিল্পকলাৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৩৩

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. হাজৰা মাছৰুৰ
  2. মিয়া খলিফা
  3. সুকৰ্ণ
  4. পেনেলোপে ক্ৰুজ
  5. বৰ্ষা শিৱাকোটী
  6. স্বস্তিমা খড়কা
  7. মাইকেল মধুসূদন দত্ত

চলচ্চিত্ৰ বিষয়ক

  1. টাইটানিক (চলচ্চিত্ৰ)

অন্যান্য

  1. ২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০
  2. ২০২৪ আইচিচি পুৰুষ টি২০ বিশ্বকাপ
  3. ভূটানৰ পৰ্যটন
  4. ভূটানৰ সামৰিক ব্যৱস্থা
  5. ভূটানত নৃগোষ্ঠীয় সংশোধন
  6. পোলেণ্ডত খ্ৰীষ্টমাচ
  7. ডি এছ চি পুৰস্কাৰ
  8. বাংলাদেশৰ টেলিভিছন চেনেলৰ তালিকা
  9. বাংলা ভাষাৰ ভাৰতীয় টেলিভিছন চেনেলৰ তালিকা
  10. হিন্দী ভাষাৰ টেলিভিছন চেনেলৰ তালিকা
  11. কিয়োমিজু-ডেৰা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. চাহিৰ লুধিয়ানবী
  2. লক্ষ্মীকান্ত-প্যাৰেলাল
  3. সুভাষ ঘাই
  4. শমচুৰ ৰহমান ফাৰুকী
  5. মনোজ বাজপেয়ী
  6. ৰেণুকা সিং (ক্ৰিকেটাৰ)
  7. মনুভাই পাঞ্চলি
  8. বেগা বেগম
  9. ইন্দিৰা পাৰ্থসাৰথি
  10. মনোজ দাস
  11. ফকিৰ মোহন সেনাপতি
  12. দলিপ কৌৰ তিৱানা
  13. মহেশ এলকুঞ্চৱাৰ
  14. ভি পি সিং
  15. ৰাহুল গান্ধী
  16. ভজন লাল শৰ্মা
  17. গোৱিন্দ চন্দ্ৰ পাণ্ডে
  18. অৰ্চিতা সাহু
  19. অনুভৱ মহান্তি
  20. সুনীল গংগোপাধ্যায়
  21. হংসা যোগেন্দ্ৰ
  22. কে আয়াপ্পা পানিকাৰ
  23. নাইয়াৰ মাছুদ
  24. সুৰজিৎ পাটৰ
  25. এচ এল ভৈৰপ্পা
  26. সুগতা কুমাৰী
  27. গোৱিন্দ মিশ্ৰ
  28. পদ্মা সচদেৱ
  29. কে শিৱ ৰেড্ডী
  30. মহাবালেশ্বৰ চৈল
  31. শিৱাজী গণেশন
  32. সীতাংশু য়শচন্দ্ৰ
  33. চৰণকুমাৰ লিম্বালে
  34. বাসদেৱ মহী
  35. তপন সিনহা
  36. অশ্বিনী বৈষ্ণৱ
  37. আলি চৰ্দাৰ জাফ্ৰি
  38. সীতাকান্ত মহাপাত্ৰ
  39. কবি প্ৰদীপ

চলচ্চিত্ৰ বিষয়ক

  1. নিৰ্মল্যম
  2. ডাংকী (চলচ্চিত্ৰ)
  3. ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ

অন্যান্য

  1. উত্তৰ চেণ্টিনেল দ্বীপ
  2. চেণ্টিনেলী জনগোষ্ঠী
  3. প্ৰয়াগৰাজ
  4. মুৰ্শিদাবাদ
  5. বালেশ্বৰ
  6. বালেশ্বৰ মন্দিৰ
  7. ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা
  8. পৌৰ নিগম (ভাৰত)
  9. বিদৰ্ভ
  10. মাৰাঠা সাম্ৰাজ্য
  11. আনন্দবাজাৰ পত্ৰিকা
  12. ভাৰতৰ প্ৰশাসনিক বিভাগসমূহ
  13. ভাৰতীয় সাহিত্য
  14. স্বাদেশ তালিকা
  15. উত্তৰ কামাখ্যাগুৰি
  16. কুইলতা
  17. গংগাধৰ ৰাষ্ট্ৰীয় বঁটা
  18. ভাৰতীয় ন্যায় সংহিতা
  19. গোৱাৰ প্ৰতীক

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. জয়ন্ত দাস
  2. যোগেন্দ্ৰনাৰায়ণ ভূঞা
  3. নবীন বুঢ়াগোহাঁই
  4. মুনিন্দ্ৰ হাজং
  5. ইলু দেৱী বৰুৱা
  6. বিৰিঞ্চি কুমাৰ দাস

গ্ৰন্থ বিষয়ক

  1. সীতাহৰণ কাব্য

অন্যান্য

  1. ৰঙিয়া পৌৰসভা
  2. ৰৌটা
  3. ৰঙিয়া মহকুমা

সানমিহলি

  1. জুৱা খেল
  2. বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন
  3. যৌন সংগম
  4. স্তন সংগম
  5. হাংগামা টিভি
  6. ছক পাপেট একাউণ্ট
  7. শগুনী লতা
  8. যৌন প্ৰৱেশক্ৰিয়া
  9. অনাভেদী যৌনক্ৰিয়া
  10. যোনি
  11. ম'য়াম'য়া ৰোগ
  12. −১
  13. পাৰ্থেনিয়াম
  14. পায়ু সংগম
  15. আঙুলি সঞ্চালন
  16. ঊৰুমৈথুন
  17. মুখমৈথুন
  18. পশুকামিতা
  19. দেৱনাগৰী লিপি
  20. নেৱা প্ৰচলিত লিপি
  21. সৌৰাষ্ট্ৰ লিপি
  22. কৈথী লিপি
  23. শাৰদা লিপি
  24. চাকমা লিপি
  25. লেটিন লিপি
  26. বাসন্তী ফুল
  27. পৌৰসভা
  28. তিব্বতী লিপি
  29. মৈথিলী সাহিত্য
  30. ককবৰক ভাষা
  31. জুজু
  32. পাম তেল
  33. ডোমাৰী ভাষা
  34. গাণিতিক ধ্ৰুৱকৰ তালিকা
  35. এছ.পি.এছ.এছ.
  36. হাঁপানি
  37. পৰিশেষিকা (শৰীৰস্থান)
  38. পাৰ্লে-জি
  39. পাল্‌ছ মৰ্টন
  40. পেনৰ'জ ত্ৰিভুজ
  41. অভ্যাস
  42. জৰথুষ্ট্ৰবাদ
  43. বহনক্ষম ভূমি ব্যৱস্থাপনা
  44. হাৰাম
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ নীলাচল উৰণ সেতুৰ এক পেনোৰামিক দৃশ্য। মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যা মন্দিৰ পথৰ তিনিআলি সংযোগী ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণ সেতুখন অসমৰ আটাইতকৈ দীঘলীয়া উৰণ সেতু।
চিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতী
উল্লেখনীয় ৱিকিমিডিয়ান

উদ্দীপ তালুকদাৰ: ২০১১ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ২,৩৩৭টা সম্পাদনা কৰাৰ লগতে ১৬৩টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। তেওঁ অসমীয়া ৱিকিউৎস আৰু ৱিকিমিডিয়া কমন্সলৈয়ো বৰঙণি আগবঢ়াইছে। তেওঁৰ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক অক্লান্ত কৰ্মী পদক", " The Working Wikipedian's Barnstar", "The Teamwork Barnstar", "The Good Article Medal of Merit", "সম্পাদকৰ পদক" আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ৰাজেন দাস
বিশেষ পদক
যদুমণি গগৈ
ৱিকি অভিযন্তা পদক
চাণক্য কুমাৰ দাস
তিনি শতাধিক প্ৰবন্ধ পদক
প্ৰাণজ্যোতি নাথ
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২৩)
প্ৰণামিকা অধিকাৰী
বাবুল বৈশ্য






বিশেষ অভিলেখ
ডিচেম্বৰ-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৫০৪ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৪১ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক
(সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙৰ কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা। )


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ২০৬ - - ৪৭
ভাস্কৰ ভূঞা ১২৯ - ২০ -
চাণক্য কুমাৰ দাস ৬৬ ২০ ১৩ -
গীতাৰ্থ বৰদলৈ ৬২ - -
প্ৰাণজ্যোতি নাথ ২৮৮ - - - ৩৫
ঈশান জ্যোতি বৰা ৫৭ - -
খিলঞ্জীত ৭৫ - - -
কন্দৰ্পজিৎ কল্লোল ৭৯১ - - - ৩৪৪
নয়ন জ্যোতি নাথ ১৬৪ - - - -
১০ কুলধৰ ৰাভা ২৮ ১৭০ - -
১১ প্ৰণামিকা অধিকাৰী ৩১৯ ১০৬ ৩৮ ৪৫ ৩৭
১২ ৰুমী বৰা - ১৩০ - - -
১৩ দিব্য দত্ত ৪২৯ ২৪ ৫৮
১৪ যদুমণি গগৈ ২৭৫ ১০২ ৪৭ - -
১৫ ৰাজেন দাস ৮৬৪ - - - -
১৬ দিপাংকৰ দাস - - - ১৩২
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।