ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

Geetasree Gogoi Apte

মই কানাডাৰ ‘ৰকি পৰ্ব্বত’ উপত্যকাৰ কেলগেৰী নামৰ চহৰখনৰ বাসিন্দা। মা-দেউতাৰ ঘৰ আছিল যোৰহাটত। অসমৰ পৰা বাহিৰত থকা ৩১ বছৰমান হ’ল। এতিয়া কানাডাত থকা ২০ বছৰৰো ওপৰ হ’ল। মোৰ ৱিকিপিডিয়াত একাউণ্ট এটা খুলি থোৱা বহুত দিন হ’ল। কিন্তু এই অসমীয়া ৱিকি জগতখনৰ লগত চিনাকি হোৱা এবছৰ মানহে হৈছে। মন গ’লেও কেনেদৰে ক’ত লিখিব পাৰি একো আঁতি-গুৰি পোৱা নাছিলোঁ। যোৱা বছৰ অতিমাৰী ন’ভেল ক’ৰোনাৰ বাবে সমগ্ৰ পৃথিৱী হঠাৎ বন্ধ হৈ পৰাত সেই চেগতে মই পি জি আই স্কুল বুলি এখন ভাৰচুয়েল বিদ্যালয় আৰম্ভ কৰিলোঁ, য’ত সমগ্ৰ পৃথিৱীৰ পৰা অসমীয়া ভাষাটো বয়সৰ সীমা নোহোৱাকৈ শিকিব পাৰি। এই বিদ্যালয়ৰ কাম কাজ কৰি থাকোঁতে অসমীয়া টাইপিঙৰ দৰকাৰ হ’ল আৰু সেই সূত্ৰে |‘লাচিত কীবোৰ্ড’ বিকাশ কৰা মৃদুল কুমাৰ শৰ্মাৰ লগত কথা পাতিলোঁ। তেখেতে অতি আগ্ৰহেৰে খুঁটি-নাটি মাৰি বৰ সুন্দৰকৈ অসমীয়া ভাষাটো টাইপ কিদৰে কৰিব পাৰি শিকাই দিলে। একে সময়তে বিদ্যালয়ৰ লগতে ‘অসমীয়া শিকোঁ আহা’ বুলি ফেচবুকত এটা গোটো খোলা হ’ল বাবে, তাতে অসংখ্য অসমীয়া ভাষা ভাল পোৱা মানুহো লগ পোৱা গ’ল। সেই সূত্ৰত ডাঃ গীতাৰ্থ বৰদলৈৰ লগত চিনাকি হ’লোঁ। এওঁ অন্য ৱিকিপিডিয়ানৰ লগত বহুকেইখন অনলাইন কৰ্মশালাৰে বহুতো মানুহক জ্ঞান দিছে। তাৰ উপৰিও কেইগৰাকীমান ৱিকিৰ সদস্যই অসমীয়া ৱিকিৰ ইউটিউব চেনেলত ভিডিঅ’ কিছুমানো আপলোড কৰি থৈছে। ইয়াৰ উপৰি ৱিকিৰ স্বেছাসেৱকসকলে এটা গোট বনাই লৈ তাৰ যোগেৰে ইজনে সিজনক সহায় কৰি থাকে। প্ৰথমে বৰ কঠিন হয় যদিও সকলোৱে সহায় কৰি দিয়াৰ বাবে পাছলৈ সহজ হৈ পৰে। দিব্য দত্ত নামৰ স্বেচ্ছাসেৱকজনকো মাজে মধ্যে প্ৰশ্ন সুধি আমনি কৰোঁ।

মই লাহে লাহে ফেচবুকৰ ‘অসমীয়া ৱিকিমিডিয়া সমাজ’ বুলি গোটটোত সক্ৰিয় হ'লোঁ। তাত নতুনকৈ কি হৈ আছে তাৰ বিষয়ে বুজ ল’লোঁ। ‘ৱিকিপত্ৰিকা’ বুলি এখন মাহেকীয়া পত্ৰিকাও ৱিকিত প্ৰকাশ কৰা হয়। মই এইখন পঢ়ি কোনে ৱিকিত কি লিখিছে তাৰ বিষয়ে গম পাওঁ। মই প্ৰথমে ৱিকিউৎসত বহুতো কিতাপ ডিজিটাইজ্ নকৰাকৈ পৰি থকা দেখি ভাবিলোঁ যে তাৰে কিছুমান সৰু ল’ৰা ছোৱালীৰ কিতাপ আমাৰ স্কুলৰ লৰা-ছোৱালীকে ডিজিটাইজ্ কৰিবলৈ শিকাম। সেইবাবে পি জি আই স্কুলৰ কিছুমান ছাত্ৰ-ছাত্ৰীকো এনে কামৰ অংশীদাৰ কৰিলোঁ।এইদৰে কেইখন মান কিতাপৰো সম্পাদনা কৰিবলৈ সক্ষম হলোঁ । ফ্ৰেব্ৰুৱাৰী মাহত 'নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন- ২০২১' বুলি এটি প্ৰতিযোগিতা হৈছিল। আমাৰ অসমীয়া ৱিকিত লিখা ২৪ জনে ভাগ ল'লে। ময়ো নিজকে পৰীক্ষা কৰি চাবৰ বাবে তাত ভাগ ল'লোঁ। নিজেই আচৰিত হোৱাকৈ এমাহৰ ভিতৰতে নটা প্ৰবন্ধ লিখি জমা দিলোঁ। তাৰে কেইটামান হৈছে 'স্বাতি মোহন', 'আং-চান-চ্যু-কি', 'কিৰা মুৰাট'ভা', ’মণ্ডল’, ’মকৰ সংক্ৰান্তি’, ’লিপুতা’, ’কংগো দেশৰ ৰন্ধনশৈলী’ আৰু ‘কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকল’।

ৱিকিত লিখাটো বৰ্তমান মোৰ নিচা লগাৰ দৰেই হৈছেগৈ। আজি ভাষাৰ যোগেদি হয়তো মই মোৰ হেৰুৱা শৈশৱ আৰু এৰি থৈ অহা শুৱনি অসমখনক বিচাৰি পাইছোঁ। হয়তো বহুতো নজনা কথাও জানিব পাৰিছোঁ সেইবাবেই। আন ভাষা সমূহতকৈ অসমীয়া ভাষাৰ ৱিকিৰ স্বেচ্ছাসেৱকৰ সংখ্যা অতি নগণ্য। যিসকলে ভালদৰে অসমীয়া লিখা-পঢ়া কৰিব পাৰে সেইসকল আগবাঢ়ি আহক সহায় কৰিবলৈ। অসংখ্য কিতাপ ডিজিটাইজ্ কৰিবলৈ বাকী আছে। সকলোৱে মিলি কিতাপ আৰু ভাষা দুয়োটাকে ৰক্ষা কৰিলে ভাষাটোক জীয়াই ৰাখিব পৰা যাব। বহুতো ন-প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে ৰাতিয়ে দিনে ৱিকিত কাম কৰি থকা দেখি নথৈ আনন্দ পাইছোঁ। এই সকলো স্বেচ্ছাসেৱকে ৱিকিত প্ৰবন্ধ, কিতাপ ইত্যাদিত সকলো সময়তে চকু দি থাকিবলগীয়া হয়। শেষত সকলো স্বেছাসেৱকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 16:02, 30 মে' 2021 (ইউ.টি.চি.)