ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ৱিকিৰ ঊনবিংশ বৰ্ষপূৰ্তি বিশেষ
দশম বৰ্ষ | জুন | ২০২১ | ষষ্ঠ সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক
আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা প্ৰতিগৰাকী গণ্যমান্য ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰি এই সংখ্যাটি স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি দেৱৰ নামত আগবঢ়োৱা হ'ল।

প্ৰজ্ঞাৰ সাধনাৰে আত্মানুসন্ধানৰ বাট কাটি অসমীয়া সমাজত যিজন সাহিত্যিকে নিজস্ব গদ্যশৈলীৰে এক সুকীয়া ধাৰাৰে সমাজলৈ কিতাপ পঢ়াৰ আনন্দ বোৱাই আনিলে, অসমীয়াক মানুহ হোৱাৰ গৌৰৱ ন কৈ শিকালে, কেৱল কলম-কিতাপতে সীমাবদ্ধ নাথাকি কৰুণাধাৰাৰে সিঁচি দিলে মানৱতাৰ বীজ, যি শিপাই গ'ল অসম, ভাৰত পাৰ হৈ সুদূৰ বিদেশলৈ, নৱসৃষ্টিৰ জোৱাৰত নতুন প্ৰজন্মক উৎসাহ-পৰামৰ্শেৰে নিৰন্তৰ দেখুৱালে প্ৰগতিৰ বাট, মুখামুখি অথবা কথা-বাৰ্তাৰে চিনাকি কৰালে সমাজৰ বহু সত্তাক, দিলে মঞ্চ, দিলে পৰিচয়, দিলে সাহস, দিলে সময়, সেইজনেই অসমৰ অন্যতম যুগদ্ৰষ্টা হোমেন বৰগোহাঞি। এইজনা মহীৰূহলৈ অসমীয়া ৱিকিমিডিয়া সমাজে আগবঢ়াইছে সশ্ৰদ্ধ প্ৰণিপাত। তাৰেই এক প্ৰতিফলনৰূপে এই মাহৰ ৱিকিপত্ৰিকা।

তেখেতৰ তিনিটি বাণী আত্ম দীপো ভৱৰ পৰা
  • “মানুহে যেতিয়া কেৱল জ্ঞানলাভৰ আনন্দৰ কাৰণেই জ্ঞান বিচাৰে আৰু তাৰ বিনিময়ত একো পাৰ্থিৱ প্ৰতিদান নিবিচাৰে, তেতিয়া মানুহে জ্ঞানৰ অন্বেষণৰ পথত কেতিয়াও থমকি ৰ’বলগা নহয়।”
  • “মানুহে সকলো সময়তে কিবা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকিব লাগে- কাৰণ একমাত্ৰ কামেইহে মানুহৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি ৰাখিব পাৰে।”
  • “নৈৰ সোঁতে যেনেকৈ তাৰ বুকুত পৰি থকা শিলবোৰক অকণ অকণকৈ মিহি কৰে বা সেইবোৰক নতুন ৰূপ দিয়ে, সেইদৰে চামে চামে মানুহে অবিৰাম ব্যৱহাৰৰ দ্বাৰা তেওঁলোকৰ ভাষাৰ শব্দবোৰক মিহি কৰে বা সেইবোৰক ন ন ৰূপ দিয়ে।”
অসমীয়া ৱিকিপিডিয়াৰ ঊনবিংশ বৰ্ষপূৰ্তি উপলক্ষে, স্বনামধন্য অসমীয়া সাংবাদিক,সাহিত্যিক,কথাশিল্পী হোমেন বৰগোহাঞি বিশেষ জুন মাহৰ ৱিকিপত্ৰিকা।
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
Geetasree Gogoi Apte

মই কানাডাৰ ‘ৰকি পৰ্ব্বত’ উপত্যকাৰ কেলগেৰী নামৰ চহৰখনৰ বাসিন্দা। মা-দেউতাৰ ঘৰ আছিল যোৰহাটত। অসমৰ পৰা বাহিৰত থকা ৩১ বছৰমান হ’ল। এতিয়া কানাডাত থকা ২০ বছৰৰো ওপৰ হ’ল। মোৰ ৱিকিপিডিয়াত একাউণ্ট এটা খুলি থোৱা বহুত দিন হ’ল। কিন্তু এই অসমীয়া ৱিকি জগতখনৰ লগত চিনাকি হোৱা এবছৰ মানহে হৈছে। মন গ’লেও কেনেদৰে ক’ত লিখিব পাৰি একো আঁতি-গুৰি পোৱা নাছিলোঁ। যোৱা বছৰ অতিমাৰী ন’ভেল ক’ৰোনাৰ বাবে সমগ্ৰ পৃথিৱী হঠাৎ বন্ধ হৈ পৰাত সেই চেগতে মই পি জি আই স্কুল বুলি এখন ভাৰচুয়েল বিদ্যালয় আৰম্ভ কৰিলোঁ, য’ত সমগ্ৰ পৃথিৱীৰ পৰা অসমীয়া ভাষাটো বয়সৰ সীমা নোহোৱাকৈ শিকিব পাৰি। এই বিদ্যালয়ৰ কাম কাজ কৰি থাকোঁতে অসমীয়া টাইপিঙৰ দৰকাৰ হ’ল আৰু সেই সূত্ৰে |‘লাচিত কীবোৰ্ড’ বিকাশ কৰা মৃদুল কুমাৰ শৰ্মাৰ লগত কথা পাতিলোঁ। তেখেতে অতি আগ্ৰহেৰে খুঁটি-নাটি মাৰি বৰ সুন্দৰকৈ অসমীয়া ভাষাটো টাইপ কিদৰে কৰিব পাৰি শিকাই দিলে। একে সময়তে বিদ্যালয়ৰ লগতে ‘অসমীয়া শিকোঁ আহা’ বুলি ফেচবুকত এটা গোটো খোলা হ’ল বাবে, তাতে অসংখ্য অসমীয়া ভাষা ভাল পোৱা মানুহো লগ পোৱা গ’ল। সেই সূত্ৰত ডাঃ গীতাৰ্থ বৰদলৈৰ লগত চিনাকি হ’লোঁ। এওঁ অন্য ৱিকিপিডিয়ানৰ লগত বহুকেইখন অনলাইন কৰ্মশালাৰে বহুতো মানুহক জ্ঞান দিছে। তাৰ উপৰিও কেইগৰাকীমান ৱিকিৰ সদস্যই অসমীয়া ৱিকিৰ ইউটিউব চেনেলত ভিডিঅ’ কিছুমানো আপলোড কৰি থৈছে। ইয়াৰ উপৰি ৱিকিৰ স্বেছাসেৱকসকলে এটা গোট বনাই লৈ তাৰ যোগেৰে ইজনে সিজনক সহায় কৰি থাকে। প্ৰথমে বৰ কঠিন হয় যদিও সকলোৱে সহায় কৰি দিয়াৰ বাবে পাছলৈ সহজ হৈ পৰে। দিব্য দত্ত নামৰ স্বেচ্ছাসেৱকজনকো মাজে মধ্যে প্ৰশ্ন সুধি আমনি কৰোঁ।

মই লাহে লাহে ফেচবুকৰ ‘অসমীয়া ৱিকিমিডিয়া সমাজ’ বুলি গোটটোত সক্ৰিয় হ'লোঁ। তাত নতুনকৈ কি হৈ আছে তাৰ বিষয়ে বুজ ল’লোঁ। ‘ৱিকিপত্ৰিকা’ বুলি এখন মাহেকীয়া পত্ৰিকাও ৱিকিত প্ৰকাশ কৰা হয়। মই এইখন পঢ়ি কোনে ৱিকিত কি লিখিছে তাৰ বিষয়ে গম পাওঁ। মই প্ৰথমে ৱিকিউৎসত বহুতো কিতাপ ডিজিটাইজ্ নকৰাকৈ পৰি থকা দেখি ভাবিলোঁ যে তাৰে কিছুমান সৰু ল’ৰা ছোৱালীৰ কিতাপ আমাৰ স্কুলৰ লৰা-ছোৱালীকে ডিজিটাইজ্ কৰিবলৈ শিকাম। সেইবাবে পি জি আই স্কুলৰ কিছুমান ছাত্ৰ-ছাত্ৰীকো এনে কামৰ অংশীদাৰ কৰিলোঁ।এইদৰে কেইখন মান কিতাপৰো সম্পাদনা কৰিবলৈ সক্ষম হলোঁ । ফ্ৰেব্ৰুৱাৰী মাহত 'নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন- ২০২১' বুলি এটি প্ৰতিযোগিতা হৈছিল। আমাৰ অসমীয়া ৱিকিত লিখা ২৪ জনে ভাগ ল'লে। ময়ো নিজকে পৰীক্ষা কৰি চাবৰ বাবে তাত ভাগ ল'লোঁ। নিজেই আচৰিত হোৱাকৈ এমাহৰ ভিতৰতে নটা প্ৰবন্ধ লিখি জমা দিলোঁ। তাৰে কেইটামান হৈছে 'স্বাতি মোহন', 'আং-চান-চ্যু-কি', 'কিৰা মুৰাট'ভা', ’মণ্ডল’, ’মকৰ সংক্ৰান্তি’, ’লিপুতা’, ’কংগো দেশৰ ৰন্ধনশৈলী’ আৰু ‘কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকল’।

ৱিকিত লিখাটো বৰ্তমান মোৰ নিচা লগাৰ দৰেই হৈছেগৈ। আজি ভাষাৰ যোগেদি হয়তো মই মোৰ হেৰুৱা শৈশৱ আৰু এৰি থৈ অহা শুৱনি অসমখনক বিচাৰি পাইছোঁ। হয়তো বহুতো নজনা কথাও জানিব পাৰিছোঁ সেইবাবেই। আন ভাষা সমূহতকৈ অসমীয়া ভাষাৰ ৱিকিৰ স্বেচ্ছাসেৱকৰ সংখ্যা অতি নগণ্য। যিসকলে ভালদৰে অসমীয়া লিখা-পঢ়া কৰিব পাৰে সেইসকল আগবাঢ়ি আহক সহায় কৰিবলৈ। অসংখ্য কিতাপ ডিজিটাইজ্ কৰিবলৈ বাকী আছে। সকলোৱে মিলি কিতাপ আৰু ভাষা দুয়োটাকে ৰক্ষা কৰিলে ভাষাটোক জীয়াই ৰাখিব পৰা যাব। বহুতো ন-প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে ৰাতিয়ে দিনে ৱিকিত কাম কৰি থকা দেখি নথৈ আনন্দ পাইছোঁ। এই সকলো স্বেচ্ছাসেৱকে ৱিকিত প্ৰবন্ধ, কিতাপ ইত্যাদিত সকলো সময়তে চকু দি থাকিবলগীয়া হয়। শেষত সকলো স্বেছাসেৱকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 16:02, 30 মে' 2021 (ইউ.টি.চি.)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ৰ'জাৰ ফেডেৰাৰ হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে অষ্টম। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডালৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে।

সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়। ১৯৯৮ চনত চনত উইম্বলডনৰ জুনিয়ৰ শাখাত বিজয়ী হোৱা ফেডেৰাৰে ২০০৩ চনত একৈছ বছৰ বয়সত উইম্বলডনৰ প্ৰথমটো খিতাপ জয় কৰে। ২০০৪ চনত একক শাখাৰ চাৰিটাৰ ভিতৰত তিনিটা প্ৰধান খিতাপ জয় কৰাৰ লগতে এটিপিৰ ফাইনেল খেলসমূহত জয়লাভ কৰি পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰূপে আত্মপ্ৰকাশ কৰে। ২০০৬ আৰু ২০০৭ চনতো ফেডেৰাৰে এই ধাৰা অক্ষুণ্ণ ৰাখে। ২০০৫-২০১০ চনলৈকে তেওঁ ১৯খন প্ৰধান একক শাখাৰ ফাইনেলৰ ভিতৰত ১৮ খনতেই অৱতীৰ্ণ হ'বলৈ সক্ষম হয় আএউ এই সময়ছোৱাৰ ভিতৰতেই উইম্বলডন আৰু ইউ এচ অপেন উভয়তে একেলেথাৰিয়ে ৫টাকৈ খিতাপ জয় কৰে। ২০০৯ চনত ৰাফেল নাডালক পৰাজিত কৰি ফ্ৰেন্স অপেনৰ (ৰোলা গেঁ‌ৰো) খিতাপ জয়েৰে ফেডেৰাৰে গ্ৰেণ্ড শ্লামৰ খিতাপৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। একে বছৰতে ইউম্বলডনত জয়লাভ কৰি ২৭ বছৰ বয়সত তেওঁ পূৰ্বসূৰী পিট ছাম্প্ৰাচৰ ১৪টা উইম্বলডন খিতাপৰ অভিলেখ অতিক্ৰম কৰে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ গুৰুতৰ অৱসাদজনিত ব্যাধিৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২৮৫

হোমেন বৰগোহাঞি বিশেষ শিতান

  1. নীলাচল (বাতৰি কাকত)
  2. সূত্ৰধাৰ (আলোচনী)
  3. নিঃসঙ্গতা (গ্ৰন্থ)
  4. বিভিন্ন নৰক
  5. মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প
  6. প্ৰজ্ঞাৰ সাধনা
  7. আমাক কিতাপ লাগে
  8. কিতাপ পঢ়াৰ আনন্দ
  9. কাম কৰাৰ আনন্দ
  10. জীৱনৰ মধুৰতম সময়
  11. সুখ-দুখ
  12. স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (কিতাপ)
  13. আত্ম দীপো ভৱ
  14. অন্তহীন প্ৰেৰণা
  15. আনন্দ আৰু বেদনাৰ সন্ধানত
  16. বিপদৰ বন্ধু
  17. জীৱনৰ সাধনা
  18. মানুহ হোৱাৰ গৌৰৱ
  19. সুস্থ দেহত সুস্থ মন
  20. সাৰাংশ
  21. মই যেতিয়া ক্লান্ত হওঁ
  22. ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা
  23. আধুনিক যুগৰ জন্ম কাহিনী
  24. মোৰ জীৱনত ঈশ্বৰ
  25. মোৰ টোকাবহীৰ পৰা
  26. আশীৰ দশকৰ দস্তাবেজ
  27. বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি
  28. শৰীৰ আৰু হৃদয়
  29. গদ্যৰ সাধনা
  30. পাঠকৰ টোকাবহী
  31. জিজ্ঞাসা
  32. স্বৰ্গ আৰু নৰক
  33. হৃদয়ৰ মানচিত্ৰ
  34. বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)
  35. ডাৰউইন (গ্ৰন্থ)
  36. পোহৰৰ সাধনা
  37. মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
  38. মোৰ যৌৱনৰ ৰামধেনু
  39. জীৱন সুন্দৰ আৰু ভয়ংকৰ

নিয়মীয়া শিতান

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. হাৰ্বাৰ্ট ছাইমন
  2. এলবাৰ্ট বান্দুৰা
  3. ৰ'জাৰ ফেডেৰাৰ
  4. বেনেডিক্ট কাম্বাৰবেটছ্
  5. ৰাফেল নাডাল

পৌৰাণিক আখ্যান

  1. ‎ইৰ'চ
  2. ‎এফ্ৰোডাইটি
  3. হাৰ্মিচ
  4. পাৰ্চিফোনি
  5. হেফেইষ্টাচ
  6. ডিমিটাৰ
  7. আলেকজেণ্ডাৰ

অন্যান্য

  1. আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস
  2. কয়লা খনিৰ শ্ৰমিকসকলৰ দিৱস
  3. বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস
  4. ‎নেটফ্লিক্স
  5. পুৰকুইল
  6. ‎মেহাৰী ইউনিয়ন
  7. তিহাৰ
  8. কচবা উপজিলা
  9. নেপালী জনগোষ্ঠী
  10. এংকৰ ৱাট
  11. বিশ্ব মৌমাখি দিৱস
  12. গোলকীয় হাতধোৱা দিৱস
  13. গ্ৰেণ্ড শ্লাম (টেনিছ)

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. অক্কিতম অচ্যুতম নম্বুথিৰী
  2. ৰঘুবীৰ চৌধাৰী
  3. কেদাৰনাথ সিং
  4. চন্দ্ৰশেখৰ কম্বাৰ
  5. বিক্ৰমজিৎ কঁৱৰপাল
  6. টিপু চুলতান
  7. কৃষণ মহাৰাজ
  8. শ্ৰীলাল শুক্লা
  9. অমৰকান্ত
  10. জয়কান্তন
  11. অজিত কুমাৰ ডোভাল
  12. ৰবীন্দ্ৰ কেলকৰ
  13. কে সচিদানন্দন
  14. শম্ভু গুপ্তা
  15. চৈতন্য টামহানে
  16. সুন্দৰলাল বহুগুণা
  17. এম. এছ. নৰসিংহন
  18. জুবিলী পুৰকায়স্থ
  19. দাৰা আহমেদ
  20. পাৰ্ৱতী থিৰুভথু
  21. সত্যব্ৰত শাস্ত্ৰী
  22. কুমাৰ চানু

সংস্কৃতি বিষয়ক

  1. নংক্ৰেম
  2. তাল পিঠা
  3. ভোজন মন্ত্ৰ
  4. মাঙোন
  5. দঁশেই উৎসৱ
  6. জন্মাষ্টমীৰ কৃত‍্য
  7. নাগালেণ্ডৰ সংস্কৃতি
  8. নৰমুণ্ড চিকাৰ
  9. চুঙা
  10. পয়লেং
  11. খাৰ্‌চী উৎসৱ
  12. চলুং

পৌৰাণিক আখ্যান

  1. গন্ধৰ্ব
  2. যক্ষ
  3. অপ্সৰা
  4. অসুৰ
  5. দেৱতা (হিন্দু ধৰ্ম)
  6. অগ্নি (দেৱতা)
  7. বৰুণ
  8. সমুদ্ৰ মন্থন
  9. বাসুকী
  10. ক্ষীৰ সাগৰ
  11. সূৰ্য (দেৱতা)
  12. বায়ু (দেৱতা)
  13. নৱদুৰ্গা
  14. যম
  15. শনি (দেৱতা)
  16. নৱগ্ৰহ

অন্যান্য

  1. ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, কাশ্মীৰ
  2. সেনা ডাক সেৱা (ভাৰত)
  3. পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
  4. যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)
  5. ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী
  6. গুলমাৰ্গ
  7. দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়
  8. সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
  9. ‎ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)
  10. সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
  11. কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
  12. ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ
  13. ‎ফ্লাইবিগ
  14. মোগল সম্ৰাজ্য
  15. পূব খাছী পাৰ্বত্য জিলা
  16. গ্ৰীণ পাৰ্ক ষ্টেডিয়াম
  17. ভাৰতীয় টকাৰ চিহ্ন
  18. ৰি-ভৈ জিলা
  19. পূব জয়ন্তীয়া পাৰ্বত্য জিলা
  20. খিলেৰিহাট
  21. পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
  22. পশ্চিম গাৰো পাৰ্বত্য জিলা
  23. দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা
  24. ব্ৰিটিছ ভাৰতৰ মুদ্ৰা
  25. কলিকতাৰ কৃষ্ণ কূপ
  26. জৱাহৰলাল নেহৰু ষ্টেডিয়াম (নতুন দিল্লী)
  27. ১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  28. ১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  29. জনতা পাৰ্টি
  30. ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
  31. ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজিত দলসমূহ
  32. ১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  33. ২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  34. ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
  35. ইডেন গাৰ্ডেন ষ্টেডিয়াম
  36. ভাৰতীয় ক্ৰান্তি দল
  37. সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
  38. ভাৰতীয় লোক দল
  39. ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া
  40. ভাৰতীয় জন সংঘ
  41. স্বতন্ত্ৰ পাৰ্টি
  42. জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম (কোচি)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ৰঞ্জিত বৰপূজাৰী
  2. যুগল দাস
  3. ‎তুলসী নাৰায়ণ শৰ্মা
  4. মনজ্যোৎস্না মহন্ত
  5. শংকুৰাজ কোঁৱৰ
  6. ৰঙাই আলধৰা
  7. মুকুল চক্ৰৱৰ্তী
  8. ইলোৰা ৰায়চৌধুৰী
  9. কেশৱৰাম বৰা
  10. দিলীপ বৰুৱা
  11. মৃণাল কলিতা
  12. সমীৰণ বৰদলৈ

গ্ৰন্থ বিষয়ক

  1. পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (গ্ৰন্থ)
  2. চিত্ৰ-ভাগৱত
  3. ‎ৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)
  4. এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স

সংস্কৃতি বিষয়ক

  1. মৃতকক দিয়া
  2. দৰ পূজা
  3. লোকাপাৰ
  4. জেং বিহু
  5. টোপোলা ভাত
  6. তুলাপাত
  7. নগাভাও
  8. পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি
  9. ‎শিঙৰীঘৰত উঠা
  10. বাঘধেনু
  11. হগ্ৰা নাচ
  12. আহোম যুগৰ ধাতু শিল্প
  13. টুকুৰীয়া পূজা
  14. সোণাৰায় পূজা
  15. নাঙেলী গীত
  16. জাতনাম
  17. অসমৰ জনগোষ্ঠীসমূহৰ মৃতদেহ সৎকাৰ পদ্ধতি
  18. ৰাতি সেৱা
  19. শ্বপৌং য়ৌংমান পয়
  20. শংকৰী সংস্কৃতি
  21. আগালমাকা
  22. আঠমঙলা
  23. ঢেপা-ঢুলীয়া
  24. মাইকুচুমফাই
  25. ধুৰা নাট
  26. ভেটুলুকা নৃত্য
  27. লাখৰ গীত
  28. দবুৰ পূজা
  29. অসমীয়া পাগুৰি
  30. বদন বৰফুকনৰ গীত
  31. সত্ৰীয়া চিত্ৰকলা
  32. কনাই
  33. মথনী
  34. চিক পুই ৰুই
  35. বাহা পৰৱ
  36. অগ্নিগড় (ভাওনা)
  37. অসমীয়া প্ৰসাধন সামগ্ৰী
  38. ফুৰালুং
  39. নাটুৱা
  40. ছংখং পূজা
  41. জহং
  42. জিৰকেদাম
  43. পাঁচালী গীত
  44. প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্য
  45. মাদল খেদা
  46. লেছেৰি নাচ
  47. সুঁৱৰি
  48. খোক্‌চি পূজা
  49. মগৰদানা
  50. দিহানাম

অন্যান্য

  1. ২০২১ৰ অসম বিধানসভা নিৰ্বাচন
  2. অসম বাৰ্তা
  3. মটক স্বায়ত্বশাসিত পৰিষদ
  4. মৰাণ স্বায়ত্বশাসিত পৰিষদ
  5. বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ
  6. ডিজু চাহ বাগিচা
  7. আজলি আই (বা-ভগা) থান সত্ৰ
  8. বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
  9. অসমীয়া সংস্কৃতি আৰু মুছলমানসকল
  10. ১৯৯১ৰ অসম বিধানসভা নিৰ্বাচন
  11. ভূমিদান প্ৰথা
  12. শিলপুখুৰী
  13. ১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন
  14. ঘুগুহা দৌল
  15. ২০০১ৰ অসম বিধানসভা নিৰ্বাচন
  16. মণিপুৰী আই গোসাঁনী থান
  17. অনন্ত থান (আশ্ৰম)
  18. কাৰবি লোকসাহিত্য
  19. ২০০৬ৰ অসম বিধানসভা নিৰ্বাচন
  20. শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ
  21. বেঙেনাআটী সত্ৰ
  22. ভোগপুৰ সত্ৰ
  23. ট্ৰাঞ্চলেটৰছ আছাম
  24. গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত মহাবিদ্যালয়সমূহৰ তালিকা
  25. ডিগবৈ তেল শোধনাগাৰ
  26. গুৱাহাটী তেল শোধনাগাৰ
  27. চিৰিং ফুকন
  28. দৈনিক বাতৰি
  29. দৈনিক জনসাধাৰণ
  30. এদিনৰ সংবাদ
  31. বঙাইগাঁও তেল শোধনাগাৰ
  32. নুমলীগড় তেল শোধনাগাৰ
  33. সাতঘৰীয়া আহোম

সানমিহলি

  1. জন্ম নিয়ন্ত্ৰণ
  2. ক্ষমতা অনুসৰি ষ্টেডিয়ামৰ তালিকা
  3. কৈশোৰ গৰ্ভাৱস্থা
  4. সমধ্বনি
  5. ঐতিহাসিক ভৌগোলিক পদ্ধতি
  6. ‎হেতা
  7. জনপ্ৰিয় সংস্কৃতি
  8. ‎সংস্কৃতিৰ বিকিৰণ
  9. নৃত্য উৎসৱ আৰু যৌন সম্পৰ্ক
  10. পাঠ প্ৰসংগ প্ৰণালী
  11. ভৌতিক সংস্কৃতি
  12. সংস্কৃতি গ্ৰহণ
  13. ছাইলেণ্ট হাইপ'ক্সিয়া
  14. হাৰ্ছান্যিৰ উপযোগিতাবাদী উপপাদ্য
  15. বৰ্তনী ছেদক
  16. লোকবিশ্বাস
  17. সংস্কৃতি
  18. আঙঠি
  19. বাজু
  20. মাণ্ডেল- ফ্লেমিং আৰ্হি
  21. ছাঁয়াহীন দিন
  22. চন্দ্ৰ গ্ৰহণ
  23. অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা
  24. অৰ্কিড
  25. কা (আহোম বৰ্ণমালা)
  26. খা
  27. গা
  28. ঙা
  29. না
  30. টা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বাৰিষাৰ বতৰত ধান খেতিৰ বাবে পৰম্পৰাগত পদ্ধতিৰে বোকামাটি মৈয়াই থকা এটি শিশু।
আলোকচিত্ৰ শিল্পী: ইন্দ্ৰনীল গায়ন
উল্লেখনীয় ৱিকিমিডিয়ান

দিব্য দত্ত: ২০১৪ চনৰ পৰা ৱিকিপিডিয়াৰ লগত জড়িত এগৰাকী প্ৰবীণ আৰু পাৰদৰ্শী ৱিকিপিডিয়ান। তেখেত ৱিকিপিডিয়াৰ এগৰাকী ইণ্টাৰফেচ প্ৰশাসক। ৱিকিমিডিয়ানগৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৯,৫৯৬টা আৰু অসমীয়া ৱিকিউৎসত তেওঁ ৮,১৩২টা সম্পাদনাৰে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ইয়াৰোপৰি তেখেতে ৱিকিপিডিয়াত ৫৩৬টা প্ৰবন্ধ সংযোজন কৰিছে। অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎসকে ধৰি ৱিকিপত্ৰিকা আদিত বিভিন্ন সাঁচৰ উদ্ভাৱন-সংযোজন ঘটাই দিব্য দত্তই এক অনন্য মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ বহুমূলীয়া অৱদান আৰু প্ৰশাসনিক তথা কাৰিকৰী সহযোগিতাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেখেতক “জীৱবিজ্ঞানৰ ভোটাতৰা পদক”, “ফুলকোঁ‌ৱৰ পদক”, “বিশিষ্ট লেখক পদক”, “অক্লান্ত কৰ্মী পদক”, “এই মাহৰ ৱিকিপিডিয়ান”, “অনুপ্ৰাণিত ৱিকিপিডিয়ান”, “অমূল্য অৱদান পদক", "দ্য ভিন্সি বঁ‌টা", "কাৰিকৰী বিশেষজ্ঞ পদক", "পঞ্চশতক তাৰকা পদক", "ফটোগ্ৰাফাৰ পদক", "নিকাকৰণ পদক" আদিৰে সন্মানিত কৰিছে। ৱিকিৰ নিয়মীয়া দায়িত্ব পালনৰ মাজতো তেখেতে বিভিন্ন সম্পাদনা-মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। "The Asian Month Barnstar", "টাইগাৰ প্ৰবন্ধকাৰ পদক", "ৱিকি লাভছ ৱমেন পদক", "Wiki Loves Women South Asia Barnstar" আদি সন্মান তাৰেই পৰিচায়ক। অসমীয়া ৱিকিৰ ঊনবিংশ বৰ্ষপূৰ্তিৰ শুভক্ষণত বহুমুখী ৱিকিমিডিয়ানগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ! ~অসমীয়া ৱিকিপিডিয়া সমাজ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
চন্দন চিৰিং ফুকন
নৱাগত সম্পাদক পদক
দেৱাশিস বুঢ়াগোহাঁই (লখিমপুৰ)
নিকাকৰণ পদক
দিব্য দত্ত
অমূল্য আলোকচিত্ৰকাৰ পদক
দেৱাশিস বুঢ়াগোহাঁই (শিৱসাগৰ)
ৰঙা লিংক অপসাৰণ পদক
অনামিকা(চুমু) বড়া
মতভেদ নিৰ্বাপন পদক
অম্লান বসুমতাৰী
শেহতীয়া সালসলনি পদক
কুলধৰ ৰাভা
গতিশীল অনুবাদক পদক
ৰাজদ্বীপ ৰাজবংশী
গ্ৰীক কিংবদন্তি পদক
চন্দন চিৰিং ফুকন
মানৱ যৌনতা পদক
নয়ন জ্যোতি নাথ
নিৰ্বাচন পদক
বাবুল বৈশ্য
সহযোগিতা পদক
ৰুমী বৰা
জীৱনীকাৰ পদক
ঈশান জ্যোতি বৰা
ৱিকি শতক+ পদক
প্ৰাণজ্যোতি নাথ, কুলধৰ ৰাভা, ভাস্কৰজ্যোতি ভূঞা
বিশেষ অভিলেখ
মে’-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

প্ৰাণজ্যোতি নাথ, কুলধৰ ৰাভা আৰু ভাস্কৰজ্যোতি ভূঞাই নতুন প্ৰবন্ধৰ সৃষ্টিত শতক, চন্দন চিৰিং ফুকনে দ্বিশতক আৰু ঈশান জ্যোতি বৰাই ত্ৰিশতক সম্পূৰ্ণ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,৬৮৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
বাবুল বৈশ্য ৫২০ - - ৩৪৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৭৬৩ - ২৮ ৫০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ১৭৪ ৬১৪ ৩৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৪৫৭ - - ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা - ৪১৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ৩৪৯ - ১৮ ১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ২৭৬ - ১৩ ৬৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ২৮৯ ২৩ - ৩১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ২৫৪ ৬৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ প্ৰণামিকা অধিকাৰী - ২৪৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ কন্দৰ্পজিৎ কল্লোল ২৩৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ দেৱাশিস বুঢ়াগোহাঁই ১৪৭ - ৩৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ হানিফ আলী ১১৬ - ২৯ ২৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ জলী ৰুমী বৰা - ১৬৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ ঈশান জ্যোতি বৰা ১০৪ ১২৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ আজিজুৰ ৰহমান ১১৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ KhiLanTzi ১১৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ মৃদুল সিংহ ফুকন ১১১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ নিশামণি মহন্ত ১০৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ জোনালী বৰুৱা ৮৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ অজয় দাস ৫২ - - ২৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২২ চন্দ্ৰনা দাস ৮০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৩ ভাস্কৰজ্যোতি ভূঞা ৫৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল প্ৰিয়াংকুশ ডেকা, বৰ্ষা বৈশ্য, সান্ত্বনা বড়া, ভাস্কৰজ্যোতি, দেৱাশিস বুঢ়াগোহাঁই, গীতাশ্ৰী গগৈ আপ্তে, ৰাজদ্বীপ ৰাজবংশী

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।