ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

নয়ন জ্যোতি নাথ: ২০১৬ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। শোণিতপুৰৰ এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত ৬,২৮৬টা আৰু অসমীয়া ৱিকিউৎসত ৯৪৭টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৪১৫। তেওঁ ৱিকিমিডিয়া কমন্স আৰু ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিলৈয়ো নিয়মীয়া বৰঙণি আগবঢ়াই অহাৰ লগতে সময়ে সময়ে অনুষ্ঠিত এডিটাথন আৰু প্ৰুফৰিডাথনসমূহতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “উদীয়মান সম্পাদক পদক”, “অক্লান্ত কৰ্মী পদক”, "অমূল্য অৱদান পদক", "যৌনশিক্ষা পদক", "টাইগাৰ প্ৰবন্ধকাৰ পদক", "ৱিকি লাভছ ৱুমেন পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।