ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২২/উল্লেখনীয় কাম

  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৩৮০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৩ খনলৈ বৃদ্ধি পালে।
  • ২০ জুন পৰা অসমীয়া ৱিকিপিডিয়াত কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ নামেৰে এক সম্পাদনা মেলা অনুষ্ঠিত হৈছে। ৯ জুলাইলৈকে চলিবলগীয়া এই সম্পাদনা মেলাত গৰীয়সী আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকাত থকা অসমীয়া ব্যক্তিসকলৰ বিষয়ে প্ৰবন্ধসমূহ উন্নীত কৰি ভাল/নিৰ্বাচিত প্ৰবন্ধৰ স্তৰলৈ নিয়াৰ বাবে ৱিকিপিডিয়ানসকলে বৰঙণি আগবঢ়ায়।
  • যোৱা ১১ আৰু ১২জুন তাৰিখে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নীপ্ৰকল্প ৱিকিউৎসৰ (Digital library) এখন উচ্চপৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাপে CIS-A2kৰ ফালৰ পৰা জয়ন্ত নাথ ডাঙৰীয়াৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন সক্ৰিয় সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে।
অসমীয়া ৱিকিউৎসৰ দক্ষতা বিকাশ কৰ্মশালাৰ এটি মুহূৰ্ত
অংশগ্ৰহণকাৰীসকলৰ একাংশ
অংশগ্ৰহণকাৰীসকলৰ একাংশ
প্ৰশিক্ষণৰত অংশগ্ৰহণকাৰীসকল