গৰীয়সী
গৰীয়সী অসমীয়া ভাষাৰ এখন সাহিত্য আলোচনী৷ ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া[1] তেখেতৰ পাছৰ সম্পাদক হ'ল হৰেকৃষ্ণ ডেকা[2] আৰু ২০০৯ চনৰ পৰা ২০২১ চনৰ জুন মাহলৈ সম্পাদকৰ দয়িত্বত থাকে ড॰ লক্ষ্মীনন্দন বৰা।[3] ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এইখন এখন অসমীয়া মাহেকীয়া আলোচনী।
![]() গৰীয়সীৰ ল’গ’ | |
সম্পাদক | ড° ধ্ৰুৱজ্যোতি বৰা |
---|---|
পূৰ্বৰ সম্পাদক | চন্দ্ৰপ্ৰসাদ শইকীয়া। (প্ৰতিষ্ঠাপক সম্পাদক), হৰেকৃষ্ণ ডেকা, লক্ষ্মীনন্দন বৰা |
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | সাহিত্য প্ৰকাশ, ট্ৰীবুন বিল্ডিঙ, গুৱাহাটী-৭৮১০০৩ |
প্ৰথম সংখ্যা | ১ অক্টোবৰ ১৯৯৩ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
সাহিত্য বিষয়ক গৱেষণামূলক প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক আদি প্ৰকাশ কৰাৰ উপৰিও আলোচনীখনত ছেগাচোৰোকাকৈ বিশ্বসাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কীয় প্ৰবন্ধ লগতে বিজ্ঞান সংক্ৰান্তিয় দুই-এটা বিশষ প্ৰবন্ধও প্ৰকাশ হয়।
আলোচনীখনে ইতিমধ্যে তিনিবাৰ সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিছে।
গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত বিখ্যাত গ্ৰন্থসম্পাদনা কৰক
- যাকেৰি নাহিকে উপাম - লক্ষ্মীনন্দন বৰা
- কালান্তৰৰ গদ্য - ডাঃ ধ্ৰুৱজ্যোতি বৰা
- ছিন্নমস্তাৰ মানুহটো - মামণি ৰয়ছম গোস্বামী
- ফাগুনত আজাৰৰ ফুল - মেদিনী চৌধুৰী
- এটা আলিবাটৰ ইতিকথা - পূৰবী বৰমুদৈ
- মহাভাৰত বিশ্বাস আৰু বিস্ময় - চন্দ্ৰপ্ৰসাদ শইকীয়া[4]
বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়াসম্পাদনা কৰক
একবিংশ শতাব্দীত প্ৰবেশৰ প্ৰাক মুহূৰ্তত গৰীয়সীয়ে বিংশ শতাব্দীৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ আৰু কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ নাম প্ৰকাশ কৰিছিল। সমীক্ষকসকলৰ সৰ্বসন্মতিক্ৰমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হৈছে বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। সেই তালিকা অনুসৰি কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়া হ'ল:[5]
- কৃষ্ণকান্ত সন্দিকৈ
- জ্যোতিপ্ৰসাদ আগৰৱালা
- গোপীনাথ বৰদলৈ
- বিষ্ণুপ্ৰসাদ ৰাভা
- ড॰ বাণীকান্ত কাকতি
- অম্বিকাগিৰি ৰায়চৌধুৰী
- ৰাধাগোবিন্দ বৰুৱা
- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
- ড॰ মহেশ্বৰ নেওগ
- ড॰ ভূপেন হাজৰিকা
- ড॰ সূৰ্য কুমাৰ ভূঞা
- চৈয়দ আব্দুল মালিক
- বিৰিঞ্চি কুমাৰ বৰুৱা
- হেম বৰুৱা
- চন্দ্ৰপ্ৰভা শইকীয়ানী
- পদ্মনাথ গোহাঞিবৰুৱা
- তৰুণৰাম ফুকন
- নৱকান্ত বৰুৱা
- হোমেন বৰগোহাঞি
- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Gariyoshi - Chandra Prasad Saikia short story competition awards presented". Assam Times. 9 August 2009. http://www.assamtimes.org/social/3284.html। আহৰণ কৰা হৈছে: 05 December 2009.
- ↑ "Awards ceremony". The Assam Tribune. 7 August 2007. http://www.assamtribune.com/scripts/details.asp?id=aug0707/at09। আহৰণ কৰা হৈছে: 05 December 2009.
- ↑ "Dr LN Bora new Gariyoshi Editor". The Assam Tribune. 2 April 2009. http://www.assamtribune.com/scripts/details.asp?id=apr0209/at05। আহৰণ কৰা হৈছে: 05 December 2009.
- ↑ গৰীয়সী, Kitap.co.in
- ↑ [গৰীয়সী, সপ্তম বছৰ, চতুৰ্থ সংখ্যা, ২০০০]