ৱিকিপিডিয়া:ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১

(ৱিকিমিডিয়া ফাউণ্ডেচনৰ নিৰ্বাচন প্ৰক্ৰিয়া শেষ নোহোৱালৈকে এই পৃষ্ঠাটোত ব্যপক সালসলনি হৈ থাকিব।)
এখন বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ দ্বাৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ (WMF) প্ৰশাসন পৰিচালিত হয়। WMF-ৰ কৰ্মসূচী আৰু বিশেষজ্ঞতাৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি হোৱাত পূৰ্বৰ ১০জন সদস্যৰ সলনি বৰ্তমান সদস্য সংখ্যা ১৬জনলৈ বৃদ্ধি কৰা হৈছে। চলিত বৰ্ষত তিনি বছৰীয়া কাৰ্যকালৰ বাবে ৪খন 'সম্প্ৰদায়-আৰু-অধিভূক্ত' আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ৩খন পুনঃনবীকৰণ কৰিবলগীয়া আসন আৰু এখন ন-কৈ সৃষ্টি কৰা আসন। ২০২১ৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ১৮ আগষ্টৰ পৰা ৩১ আগষ্টলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল ২৯ জুন ২০২১-ত সমাপ্ত হৈছে। বিশদ বিৱৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক। এখন অধিক বিবিধতা-সম্পন্ন আৰু অধিক দক্ষতাৰে কাৰ্য সম্পাদন কৰিব পৰা 'বোৰ্ড অফ ষ্ট্ৰাষ্টীজ' গঠন কৰাত, সক্ৰিয় অংশগ্ৰহণেৰে অসমীয়া ৱিকিমিডিয়া সমাজেও সহায়ৰ হাত আগবঢ়াব পাৰে।

সময়ৰেখা সম্পাদনা কৰক

  • ১৫-৪-২০২১ː আগন্তুক নিৰ্বাচন সম্পৰ্কে বোৰ্ডৰ প্ৰস্তাৱ গ্ৰহণ
  • ২৯-৪-২০২১ː নিৰ্বাচনী স্বেচ্ছাসেৱকৰ বাবে আবেদন আহ্বান
  • ৯-৬-২০২১ː প্ৰাৰ্থিত্বৰ বাবে মনোনয়ন দাখিল আৰম্ভ
  • ২৯-৬-২০২১ː মনোনয়ন প্ৰক্ৰিয়াৰ সামৰণি
  • ৩০-৬-২০২১ː নিশ্চিত প্ৰাৰ্থীসকলৰ সম্পৰ্কে ঘোষণা
  • ৭-৭-২০২১ৰ পৰা ৩-৮-২০২১লৈː প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান
  • ১৮-৮-২০২১ː ভোটদান আৰম্ভ
  • ৩১-৮-২০২১ː ভোটদান সমাপ্ত
  • ১-৯-২০২১ৰ পৰা ৭-৯-২০২১লৈ ভোট গণনা প্ৰক্ৰিয়া
  • ৭-৯-২০২১ː নিৰ্বাচনৰ ফলাফল ঘোষণা
  • ছেপ্তেম্বৰ ২০২১ː বোৰ্ডৰ দ্বাৰা নিৰ্বাচিত সদস্যসকলৰ নিযুক্তি।

ভোটদান কৰিবলৈ প্ৰযোজনীয় যোগ্যতা সম্পাদনা কৰক

ৱিকিমিডিয়া ৱিকিত যিকোনো এটা পঞ্জীভুক্ত একাউণ্ট থাকিলে আপুনি ভোট দিয়াৰ অধিকাৰ লাভ কৰিব, যদিহে একাউণ্টটোৱে তলত দিয়া চৰ্তবোৰ পূৰণ কৰে। আপোনাৰ যিমানে একাউণ্ট নাথাকক কিয়, আপুনি মাত্ৰ এবাৰহে ভোটদান কৰিব পাৰিব।

  • এটাতকৈ অধিক প্ৰকল্পত ব্লক হৈ থাকিব নোৱাৰিব;
  • ব'ট হ’ব নোৱাৰিব;
  • ৫ জুলাই ২০২১-ৰ পূৰ্বে ৱিকিমিডিয়া ৱিকিত কমপক্ষেও ৩০০টা সম্পাদনা কৰিব লাগিব;
  • ৫ জানুৱাৰী ২০২১ আৰু ৫ জুলাই ২০২১-ৰ ভিতৰত কমপক্ষেও ২০টা সম্পাদনা কৰিব লাগিব।

এই সঁজুলি ব্যৱহাৰ কৰি আপোনাৰ ভোটদানসম্পৰ্কীয় যোগ্যতা পৰীক্ষা কৰি চাব পাৰিব।

প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে আহ্বান সম্পাদনা কৰক

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১ৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া ৯ জুন ২০২১ৰ ০০-০০ বজাৰ (UTC) পৰা আৰম্ভ হৈ ২৯ জুন ২০২১ৰ ২৩-৫৯ বজালৈ (UTC) শেষ হয়। এজন প্ৰাৰ্থীৰ প্ৰয়োজনীয়তা অৰ্হতা, নিৰ্বাচিত হোৱাৰ পিছত এজন ট্ৰাষ্টী হিচাপে তেওঁৰ ভূমিকা আৰু দায়িত্ব কি হ’ব, তাৰ বিশদ বিৱৰণ তলৰ লিংকত পাব।

প্ৰাৰ্থীসকলৰ তালিকা সম্পাদনা কৰক

প্ৰাৰ্থীসকলৰ সৈতে মুখামুখি অনুষ্ঠান সম্পাদনা কৰক

ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড নিৰ্বাচন ২০২১-ৰ প্ৰাৰ্থীসকল ৩১ জুলাই ২০২১ তাৰিখে দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে নিম্নোক্ত সময়সূচী অনুসৰি মুখামুখী হ’ব। নিৰ্বাচন আৰু প্ৰাৰ্থীসকলৰ বিষয়ে চমু বক্তব্যৰে অনুষ্ঠান আৰম্ভ হ’ব। প্ৰতিজন প্ৰাৰ্থীয়ে কথা কোৱাৰ বাবে ৬-৮ মিনিট সময় পাব। এই সময়খিনিৰ ভিতৰতে তেওঁলোকে এটা দুটা প্ৰশ্নৰো উত্তৰ দিব। এই প্ৰশ্ন পূৰ্বে কৰা প্ৰশ্নও হ’ব পাৰে বা অনুষ্ঠানৰ সময়ত সোধা প্ৰশ্নও হ’ব পাৰে। বিশদ বিৱৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।

কেনেকৈ ভোটদান কৰিব সম্পাদনা কৰক

আপোনাৰ ভোটদানৰ অভিজ্ঞতা যাতে মসৃণ হয়, তাৰবাবে তলত কিছুমান সহায়ক তথ্য দিয়া হ'ল। অনুগ্ৰহ কৰি ভোটদান কৰাৰ পূৰ্বে অনুচ্ছেদটো মনযোগ সহকাৰে পঢ়ক।

  • এই নিৰ্বাচনত একক হস্তান্তৰযোগ্য ভোটদান পদ্ধতি ব্যৱহাৰ কৰা হৈছে। গণনা প্ৰক্ৰিয়াৰ এটা বাখ্যা ইয়াত পাব পাৰে।
  • ভোটদান পৃষ্ঠাত ভোটাৰসকলে 'ড্ৰপডাউন বক্স'ৰ এটা ক্ৰম দেখা পাব। ভোটাৰসকলে প্ৰাৰ্থীসকলক "পছন্দ ১"ৰ পৰা (আটাইতকৈ পছন্দ কৰাজন) "পছন্দ ২০"লৈকে (আটাইতকৈ কম পছন্দ কৰাজন) বাচনি কৰিব।
  • ভোটাৰসকলে প্ৰাৰ্থীসকলক শীৰ্ষৰ পৰা বাচনি আৰম্ভ কৰিব। যাক তেওঁলোকে নিৰ্বাচিত হোৱাৰ বাবে আটাইতকৈ উপযুক্ত বুলি ভাবে, তেওঁলোকক শীৰ্ষত ৰাখিব। যিসকল প্ৰাৰ্থীক ভোটাৰসকলে কম উপযুক্ত বুলি ভাবে, তেওঁলোকক তালিকাৰ তলৰ ফালে চিহ্নিত কৰা উচিত।
  • এগৰাকী ভোটাৰে ভোটদান প্ৰক্ৰিয়াৰ যিকোনো স্থানতে ভোটদান বন্ধ কৰিব পাৰে। উদাহৰণ স্বৰূপে ২০জন প্ৰাৰ্থীৰ মাত্ৰ ৬জনকহে বাচনি কৰি বাকী ১৪জনক নকৰিবও পাৰে।
  • প্ৰাৰ্থীসকলক মাজত স্থান এৰাই নোযোৱাকৈ বাচনি কৰা প্ৰযোজন। স্থান এৰাই গ'লে ক্ৰটি দেখুৱাব। উদাহৰণ স্বৰূপে:
প্ৰথম পচন্দ: সুচান
দ্বিতীয় পচন্দ: (খালী)
তৃতীয় পচন্দ: যোছেফ
ইয়াক অনুমোদন কৰা নহ'ব। দ্বিতীয় পছন্দ বাচনি নকৰাকৈ তৃতীয় পছন্দ যোগ কৰিব পৰা নাযাব।
  • এগৰাকী ভোটাৰে একে প্ৰাৰ্থীকে একাধিকবাৰ বাচনি কৰিব নোৱাৰিব। একে প্ৰাৰ্থীক একাধিকবাৰ বাচনি কৰিলে ত্ৰুটি দেখুৱাব। উদাহৰণ স্বৰূপে:
প্ৰথম পছন্দ: সুচান
দ্বিতীয় পছন্দ: সুচান
তৃতীয় পছন্দ: যোছেফ
ইয়াক অনুমোদন কৰা নহ'ব। প্ৰাৰ্থী সুচানক দুবাৰ বাচনি কৰা হৈছিল।
  • ভোটাৰসকলে নিৰ্বাচনত পুনঃপুনঃ ভোট দিব পাৰিব। এনে কৰিলে পূৰ্বে দিয়া ভোট মচ খাই, শেহতীয়াকৈ দিয়া ভোট লিপিবদ্ধ হ'ব। তেওঁলোকে যিমান বাৰ বিচাৰে, এনে কৰিব পাৰিব।
(টোকা: ভোটদান পূৰ্বে ৪ আগষ্টৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও চিকিওৰপোলৰ কিছু প্ৰযুক্তিগত সমস্যাৰ বাবে ইয়াক ১৮ আগষ্টলৈকে পিছুৱাই দিয়া হয়।)

নিৰ্বাচনৰ ফলাফল সম্পাদনা কৰক

২১৪টা প্ৰকল্পৰ মুঠ ৬,৮৭৩ জন ব্যক্তিয়ে এই নিৰ্বাচনত ভোটদান কৰিছিল। সৰ্বাধিক সংখ্যক ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকল হ'লː

  1. Rosie Stephenson-Goodknight, আমেৰিকা যুক্তৰাষ্ট্ৰ
  2. Victoria Doronina, যুক্তৰাজ্য
  3. Dariusz Jemielniak, পোলেণ্ড
  4. Lorenzo Losa, ইটালী
ট্ৰাষ্টী বোৰ্ডৰ আন ৪খন আসনৰ বাবে পৰৱৰ্তী নিৰ্বাচন ২০২২ চনত পতাৰ কথা ভবা হৈছে।