কোকৰাঝাৰ সংঘৰ্ষ ২০১২

(2012 Assam violenceৰ পৰা পুনঃনিৰ্দেশিত)

২০১২ চনৰ জুলাই মাহত অসমকোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল।[2][3][4][5][6][7][8][9] প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা।[10] ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল।[11] ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।[12][13][13] ১১ জন লোক নিৰুদ্দেশ হৈছিল।[14][15]

২০১২ চনৰ কোকৰাঝাৰ সংঘৰ্ষ

সংঘৰ্ষ সংঘটিত জিলাসমূহ (কোকৰাঝাৰ, ধুবুৰী আৰু চিৰাং) ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে
স্থান অসম, ভাৰত
তাৰিখ ২০ জুলাই ২০১২ (2012-07-20) – ১৫ ছেপ্টেম্বৰ ২০১২ (2012-09-15)
আক্ৰমণৰ প্ৰকাৰ বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ
নিহত ৭৭ (৮ আগষ্ট ২০১২ৰ তথ্য)[1]

আঁৰৰ কথা সম্পাদনা কৰক

বড়ো আৰু মুছলমানসকলৰ মাজত ২০১২ চনৰ আগৰে পৰাই ভিতৰুৱা সংঘৰ্ষ চলি আছিল। মুছলমানসকলে নিজকে ব্ৰিটিছে পূৰ্ববংগৰ পৰা বনুৱা হিচাপে অনা মুছলমানৰ বংশধৰ বুলি দাবী কৰিছিল যদিও জনজাতীয় লোকসকলে মুছলমানসকল ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত শৰণাৰ্থী হিচাপে[16] আৰু বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে প্ৰৱেশ কৰা বুলি অভিযোগ কৰি আহিছিল।[17][18]

কোকৰাঝাৰত সংঘৰ্ষ সম্পাদনা কৰক

২০১২ চনৰ ২০ জুলাইৰ দিনা অচিনাক্ত দুৰ্বৃত্তই জয়পুৰত চাৰিজন বড়ো যুৱকক হত্যা কৰাৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত হয়।[19] ইয়াৰ পিছদিনাই মানে ২১ জুলাইৰ দিনা হোৱা আক্ৰমণত দুজন মুছলমানৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।[19] প্ৰায় আশীজন মানুহৰ মৃত্যু হয় য’ত অধিকাংই আছিল মুছলমান আৰু কেইজনমান বড়ো। চাৰি লাখতকৈয়ো অধিক লোকে ঘৰ-বাৰী এৰি শিবিৰত আশ্ৰয় লব লগা হয়। তাৰেও বেছিসংখ্যক আছিল মুছলমান।[20][21] ভাৰতীয় সেনাক দেখা মাত্ৰেই গুলীওৱাৰ আদেশ দি নিয়োগ কৰা হ’ল।[22]

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পাদনা কৰক

কোকৰাঝাৰৰ সাংসদ চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰীৰ অনুৰোধত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে অসমৰ মূখ্যমন্ত্ৰী তৰুণ গগৈক মাতি নি শান্তি স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।[23] ৰাজ্যিক আইনৰক্ষী বাহিনীৰ প্ৰচেষ্টাসত্ত্বেও সংঘৰ্ষ অব্যাহত থকাত ২৪ জুলাইৰ দিনা কেন্দ্ৰীয় চৰকাৰে পেৰামিলিটাৰী দল আৰু ভাৰতীয় সেনাৰ ১৩ টা দল প্ৰেৰণ কৰে। সেইদিনাই দেখামাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়া হয় আৰু কোকৰাঝাৰত অনিৰ্দিষ্টকালীন সান্ধ্য আইন বলৱৎ কৰা হয়। তদুপৰি সেইদিনাই কোকৰাঝাৰৰ ৰামপুৰ আৰু চাপৰকাটাত চাৰিজন যুৱকৰ পুলিচৰ গুলীত মৃত্যু হয়।[24] ২৫ জুলাই ২০১২-ৰ পৰা কেন্দ্ৰীয় বাহিনীৰ সুৰক্ষাৰে ৰেল চলাচল পুনৰ আৰম্ভ হয়।

২৬ জুলাই ২০১২-ত কোকৰাঝাৰত অনিৰ্দিষ্টকালীন সান্ধ্য আইন আৰু চিৰাং আৰু ধুবুৰীত নিশা সান্ধ্য আইন ঘোষণা কৰা হয়[14]।২৬জুলাইৰ দিনা য়ে মৃতকৰ আত্মীয়লৈ ৬লাখকৈ টকা আৰু গৃহহাৰা লোকসকলক চৰকাৰী খৰচত নতুন ঘৰ দিয়াৰ কথা ঘোষণা কৰে।২৮জুলাই,২০১২ৰ দিনাখন হ’ম ছেক্ৰেটাৰী আৰ কে সিঙে কোকৰাঝাৰ জিলা ভ্ৰমণ কৰে[13][25]

চিবিআই তদন্ত সম্পাদনা কৰক

৭ আগষ্ট ২০১২-ত ভাৰত চৰকাৰে ঘটনাটো অনুসন্ধান কৰাৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে।[26] ১৯ ছেপ্তেম্বৰত চিবিআইয়ে ২০ জুলাইৰ দিনা চাৰিজন বড়ো যুৱকক হত্যা কৰাৰ অপৰাধত চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল মহম্মদ আদম আলী, মহম্মদ হাছেম আলী, মহম্মদ কোৰবাণ আলী শ্বেইখ আৰু মহম্মদ ইমৰাণ হুছেইন। লগতে বিপিপিএফৰ বিধায়ক প্ৰদীপ ব্ৰহ্মকো গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকে ঘটনাৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।[27] পিছলৈ চিবিআইয়ে ঘটনাটোৰ মূল দোষী অসম আৰক্ষীৰ কনিষ্টবল মহিবুৰ ইছলামক গ্ৰেপ্তাৰ কৰে।[28]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Assam: 5 killed in fresh violence; toll rises to 61". Zeenews.india.com. 2012-08-05. http://zeenews.india.com/news/assam/assam-5-killed-in-fresh-violence-toll-rises-to-61_791887.html। আহৰণ কৰা হৈছে: 9 August 2012. 
  2. "Assam violence due to Bodo-Muslim feud". The Indian Express. 17 August 2012. Retrieved 2 July 2013
  3. "Media fueling the myth of Muslim infiltrators" Archived 2019-04-16 at the Wayback Machine. The Shillong Times. 13 August 2012. Retrieved 2 July 2013
  4. "How to share Assam". Indian Express. 28 July 2012. http://www.indianexpress.com/news/how-to-share-assam/980438/0। আহৰণ কৰা হৈছে: 9 August 2012. 
  5. "As Tensions in India Turn Deadly, Some Say Officials Ignored Warning Signs. Asia Pacific. 28 July 2012. Retrieved 2 July 2013
  6. Key facts about Assam violence Archived 27 July 2012 at the Wayback Machine. hindustantimes.com. 26 July 2012. Retrieved 2 July 2013
  7. 'External elements' behind Assam violence: Govt. Zeenews.com, 6 August 2012. Retrieved 2 July 2013
  8. Demographic change and Assam violence Archived 2013-11-03 at the Wayback Machine. The Pioneer.
  9. "Assam violence: Home Minister [Sushil kumar Shinde to visit state on Monday – Top 10 developments"]. NDTV. 28 July 2012. http://www.ndtv.com/article/cheat-sheet/assam-violence-a-blot-on-the-face-of-our-country-says-pm-announces-rs-300-cr-relief-top-10-developme-248509?pfrom=home-otherstories। আহৰণ কৰা হৈছে: 28 July 2012. 
  10. "9 killed, curfew clamped in Kokrajhar". The Assam Tribune. 21 July 2012. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103112348/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul2212%2Fat05। আহৰণ কৰা হৈছে: 26 August 2012. 
  11. "Assam violence: Four more bodies found, toll rises to 77". IBN. 8 August 2012. Archived from the original on 26 January 2013. https://archive.ph/20130126114936/http://ibnlive.in.com/generalnewsfeed/news/assam-violence-four-more-bodies-found-toll-rises-to-77/1038364.html। আহৰণ কৰা হৈছে: 9 August 2012. 
  12. Sandeep Joshi; K. Balchand; Sushanta Talukdar (25 July 2012). "Crack down on ring leaders, Centre tells Assam". The Hindu (Chennai, India). http://www.thehindu.com/news/national/article3683459.ece। আহৰণ কৰা হৈছে: 25 July 2012. 
  13. 13.0 13.1 13.2 "India's PM promises help to riot victims". Al Jazeera. 28 July 2012. http://www.aljazeera.com/news/asia/2012/07/2012728152819365333.html। আহৰণ কৰা হৈছে: 28 July 2012. 
  14. 14.0 14.1 "Assam Violence: Death Toll Rises to 44". Press Trust of India. Outlook. 26 July 2012. Archived from the original on 27 July 2012. https://web.archive.org/web/20120727085202/http://news.outlookindia.com/items.aspx?artid=770014। আহৰণ কৰা হৈছে: 27 July 2012. 
  15. "Assam violence continues for fifth day, toll now 44". First Post. 27 July 2012. http://www.firstpost.com/india/assam-violence-continues-for-fifth-day-toll-now-44-393004.html। আহৰণ কৰা হৈছে: 27 July 2012. 
  16. "Key facts about Assam violence". Hindustan Times. 26 July 2012. Archived from the original on 28 July 2012. https://web.archive.org/web/20120728054338/http://www.hindustantimes.com/India-news/Assam/Key-facts-about-Assam-violence/Article1-895836.aspx। আহৰণ কৰা হৈছে: 27 July 2012. 
  17. Bhaumik, Subir (26 July 2012). "What lies behind Assam violence?". BBC News. https://www.bbc.co.uk/news/world-asia-india-18993905। আহৰণ কৰা হৈছে: 27 July 2012. 
  18. "Assam violence: A history of conflict rooted in land". NDTV. 27 July 2012. http://www.ndtv.com/article/india/assam-violence-a-history-of-conflict-rooted-in-land-248039. 
  19. 19.0 19.1 "9 killed, curfew clamped in Kokrajhar". Assam Tribune. 21 July 2012. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103112348/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul2212%2Fat05। আহৰণ কৰা হৈছে: 2 July 2013. 
  20. Bhaumik, Subir. "Assam violence reverberates across India". www.aljazeera.com. http://www.aljazeera.com/indepth/features/2012/08/201281572950685537.html। আহৰণ কৰা হৈছে: 2016-04-19. 
  21. "Killing for a homeland". The Economist. ISSN 0013-0613. https://www.economist.com/blogs/banyan/2012/08/ethnic-fissures-assam. 
  22. Bhaumik, Subir (2012-07-26). "What lies behind Assam violence? - BBC News" (en-GB ভাষাত). https://www.bbc.com/news/world-asia-india-18993905. 
  23. "Assam violence: MHA officials to speak to warring factions". IBN Live. 25 July 2012. Archived from the original on 20 October 2013. https://web.archive.org/web/20131020233547/http://ibnlive.in.com/news/assam-mha-officials-to-speak-to-warring-factions/274455-3-251.html। আহৰণ কৰা হৈছে: 27 July 2012. 
  24. "Assam violence: 4 killed in police firing; toll reaches 25". Business Standard. 24 July 2012. http://www.business-standard.com/generalnews/news/assam-violence-4-killed-in-police-firing-toll-reaches-25/36136/. 
  25. "Assam riots live: Tarun Gogoi attacks national media for negative role". FirstPost. 26 July 2012. http://www.firstpost.com/india/assam-riots-live-tarun-gogoi-attacks-national-media-for-negative-role-391441.html। আহৰণ কৰা হৈছে: 26 July 2012. 
  26. "Kokrajhar erupts again, Centre orders CBI probe". 8 August 2012. Archived from the original on 8 August 2012. https://web.archive.org/web/20120808223709/http://www.hindustantimes.com/India-news/Assam/Kokrajhar-erupts-again-Centre-orders-CBI-probe/Article1-909690.aspx। আহৰণ কৰা হৈছে: 9 February 2019. 
  27. "CBI Makes First Arrests in Assam Violence Case". The Outlook India. 19 September 2012. Archived from the original on 20 September 2012. https://web.archive.org/web/20120920042556/http://news.outlookindia.com/items.aspx?artid=775661। আহৰণ কৰা হৈছে: 19 September 2012. 
  28. "Assam cop triggered Bodoland riots: CBI - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/Assam-cop-triggered-Bodoland-riots-CBI/articleshow/45377734.cms.