ইউক্লিড

গ্ৰীক গণিতজ্ঞ
(Euclidৰ পৰা পুনঃনিৰ্দেশিত)

ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ। তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয়।[1]

ইউক্লিড
Euclid

শিল্পী ৰাফেলৰ স্কুল অফ এথেঞ্চত ইউক্লিড
জন্ম ৩২৫
মৃত্যু ২৬৫
বাসস্থান আলেকজেণ্ড্ৰিয়া, ইজিপ্ট
ক্ষেত্ৰ গণিত
জনা যায় ইউক্লিডীয় জ্যামিতি
এলিমেণ্টছ

ইউক্লিডৰ জীৱন সম্পৰ্কে অতি কম কথা জনা যায়। গ্ৰীক দাৰ্শনিক (প্ৰক্লাছ) আৰু (পেপ্পাছ)ৰ ৰচনাত ইউক্লিডৰ উল্লেখ আছে। ধাৰণা কৰা হয় যে আলেকজেন্দ্ৰিয়াত ইউক্লিডে ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল। জীৱন সম্পৰ্কে নহ’লেও তেওঁৰ কৰ্মৰাজীৰ বিষয়ে বিশদভাৱে জনা যায়। বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ তেওঁৰ জীৱনকালৰ ২৩টা শতিকাৰ পিছতো স্মৰণ কৰা হয়। জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলোকবিজ্ঞান, সংখ্যাবিজ্ঞান আদিৰো চিন্তা-চৰ্চা কৰিছিল।

এলিমেণ্ট‍ছ

সম্পাদনা কৰক

এলিমেণ্ট‍ছ’(Elements) তেওঁৰ জ্যামিতিৰ এখন বিখ্যাত গ্ৰন্থ।[2] ছপাৰ পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছত এই গ্ৰন্থখনৰ কমেও এহেজাৰ সংস্কৰণ ছপা হৈছে। জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল, কিন্তু তেওঁ জ্যামিতিৰ যুক্তিবোৰ যথাযথভাৱে সজাই ইয়াক এক ক্ৰমবদ্ধ বিষয় হিছাপে প্ৰতিষ্ঠা কৰিলে। তেওঁ সৰলৰেখা,বিন্দু,ত্ৰিভুজ আদিৰ স্পষ্ট সূত্ৰ দিছিল আৰু এইবোৰৰ আলমত অনেক প্ৰতিজ্ঞা বা উপপাদ্যৰ যুক্তিসিদ্ধ প্ৰমাণ দাঙি ধৰিছিল। এই গ্ৰন্থত ‘সংখ্যাতত্ত্ব’ও সন্নিবিষ্ট কৰা হৈছে। তেওঁ 'এলিমেন্টচ' খন তেৰটা খণ্ডত বিভক্ত কৰি প্রতিটো খণ্ডকে একোখন পুথি হিচাপে নামাকৰণ কৰিছিলমে

অন্যান্য অৱদান

সম্পাদনা কৰক

ইউক্লিডৰ নষ্ট নোহোৱাকৈ থকা আন আন গ্ৰন্থসমূহ হ’ল- Data, On Divisions of Figures, Catoptrics, Phaenomena আৰু Optics। ওঠৰ শতিকাতহে জাৰ্মান গণিতজ্ঞ কাৰ্ল গাউছ(Karl Gauss)-এ এক অনা-ইউক্লিডীয় জ্যামিতিৰ উদ্ভাৱন কৰে যাক পাছলৈ ৰুছ গণিতজ্ঞ লবাছেভস্কি(Lobachevsky) আৰু হাংগেৰীয়ান গণিতজ্ঞ বলাই(Bolyai)-এ প্ৰকাশ কৰে। ই এতিয়া ইউক্লিডীয় জ্যামিতিৰ পৰা এক পৃথক ঠাল।


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Bruno, Leonard C. (2003) [1999]. Math and Mathematicians: The History of Math Discoveries Around the World. Baker, Lawrence W.. প্ৰকাশক Detroit, Mich.: U X L. পৃষ্ঠা. 125. ISBN 978-0-7876-3813-9. OCLC 41497065. https://archive.org/details/mathmathematicia00brun/page/125. 
  2. Ball, pp. 50–62.