গ্লুক'জ
(Glucoseৰ পৰা পুনঃনিৰ্দেশিত)
গ্লুক'জ (ইংৰাজী: Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে। এই গ্লুক'জ অণুসমূহ সেউজীয়া উদ্ভিদত সংশ্লেষণ হয় আৰু বেছিভাগ জীৱৰ বাবে এইবোৰ খাদ্য অণু(food molecule) হিচাপে ব্যৱহৃত হয়। গ্লুক'জ অণুবোৰে জীৱদেহত বিভিন্নধৰণৰ কাৰ্য কৰে[1]।
জীৱদেহত গ্লুক'জৰ প্ৰয়োজনীয়তা
সম্পাদনা কৰক- গ্লুক'জৰ অনুপস্থিতিত মস্তিষ্কৰ কোষসমূহে কাম কৰিব নোৱাৰে[1]।
- গ্লুক'জ অণুৰ শৃংখলে চেলুল'জ গঠন কৰে যি উদ্ভিদদেহৰ মুখ্য উপাদান।
- গ্লুক'জ হ'ল সালোক সংশ্লেষণৰ উপজাত দ্ৰৱ্য। গ্লুক'জ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত যথাক্ৰমে শ্বেতসাৰ আৰু গ্লাইক'জেনলৈ পৰিৱৰ্তিত হয়।
- গ্লক'জ হ'ল কোষৰ প্ৰধান শ্বসন বস্তু,যি জাৰিত হৈ শক্তি উৎপন্ন কৰে।
- দেহৰ স্বাভাৱিক কাৰ্য চলি থাকিবৰ বাবে তেজত গ্লুক'জৰ নিয়মিত পৰিমাণ বজাই ৰখাটো অতি প্ৰয়োজনীয়[1]।