দিভেহি ভাষা

মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা
(Maldivian languageৰ পৰা পুনঃনিৰ্দেশিত)

দিভেহি ভাষা হ'ল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা।[2] বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ। মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়।

Dhivehi
Maldivian
ދިވެހި, dhivehi

"Dhivehi" written in the Thaana script
উচ্চাৰণ [d̪iʋehi]
থলুৱা অঞ্চল Maldives
Minicoy Island (Maliku)
জাতীয়তা Maldivians
স্থানীয় ভাষিক
340,000 (2012)e18
ভাষা পৰিয়াল
লিখন প্ৰণালী Thaana
Dhives Akuru until the 19th century
সংকেতিক ৰূপ
Dhivehi Sign Language
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 মালদ্বীপ
নিয়মাধীন হয়
Dhivehi Academy
ভাষা সংকেত
ISO 639-1 dv
ISO 639-2 div
ISO 639-3 div
গ্লোটোলগ dhiv1236[1]
IETF dv-MV
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

সম্প্ৰসাৰণ

সম্পাদনা কৰক

সাধাৰণতে মালদ্বীপত দিভেহি ভাষীৰ সংখ্যা ৩ লাখ ৫০ হাজাৰতকৈ অধিক বুলি অনুমান কৰা হৈছে। দিভেহি ভাষাত মালদ্বীপৰ প্ৰায় সকলো লোকে কথা পাতে আৰু ই মালদ্বীপৰ একমাত্ৰ জাতীয় ভাষা। মালদ্বীপৰ বাহিৰেও ভাৰতৰ লক্ষদ্বীপ অঞ্চলৰ মিনিকোই দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়৷ অনুমান কৰা হৈছে যে এই অঞ্চলত দিভেহি ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় দহ হাজাৰ।

আন ভাষাৰ সৈতে সম্পৰ্ক

সম্পাদনা কৰক

মালদ্বীপৰ দিভেহি ভাষা শ্ৰীলংকাৰ সিংহল ভাষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰত-আৰ্য্য ভাষা৷ মালদ্বীপ ভাষাই ইউৰোপীয় উপনিবেশিকৰণৰ পূৰ্বৰ দক্ষিণৰ ভাৰত-আৰ্য ভাষাৰ লগতে দক্ষিণৰ ভাৰত-ইউৰোপীয় ভাষাকো প্ৰতিনিধিত্ব কৰে। মালদ্বীপ আৰু সিংহলী একেলগে আধুনিক ভাৰত-আৰ্য ভাষাৰ ভিতৰত এটা উপগোট গঠন কৰে, যাক দ্বীপীয় ভাৰত-আৰ্য বোলা হয়। অৱশ্যে ইহঁত পাৰস্পৰিকভাৱে বুজিব পৰা বিধৰ নহয়।[3]

দিভেহি আৰু সিংহল ভাষা প্ৰাচীন আৰু মধ্যযুগীয় শ্ৰীলংকাৰ এলু প্ৰাকৃতৰ বংশধৰ। এই প্ৰাকৃতসমূহ প্ৰথমে বৈদিক সংস্কৃতৰ সৈতে জড়িত পুৰণি ভাৰত-আৰ্য স্থানীয়ভাষাৰ পৰা উদ্ভৱ হৈছিল।

পূৰ্বতে মালদ্বীপ ভাষাক সিংহল ভাষাৰ বংশধৰ বুলি ভবা হৈছিল যদিও ১৯৬৯ চনত সিংহলী ভাষাবিজ্ঞানী এম ডব্লিউ এছ ডি চিলভাই প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ দিছিল যে মালদ্বীপৰ দিভেহি ভাষা আৰু সিংহল ভাষা এটা সাধাৰণ মাতৃভাষাৰ পৰা শাখা-প্ৰশাখা বিচ্ছিন্ন হৈছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Dhivehi". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/dhiv1236. 
  2. B. D, Cain (2000). Introduction (Thesis). Cornell Univ. [Ithaca]. pp. 1. https://pure.mpg.de/pubman/faces/ViewItemFullPage.jsp?itemId=item_407629_4&view=EXPORT. 
  3. Gair, James W. (2007). "The Dhivehi Language: A Descriptive and Historical Grammar of Dhivehi and Its Dialects. 2 vols". The Journal of the American Oriental Society. http://findarticles.com/p/articles/mi_go2081/is_3_127/ai_n31523541/.