মিজো ভাষা
ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা
(Mizo languageৰ পৰা পুনঃনিৰ্দেশিত)
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস কৰে। ই মূলতঃ লুচেই উপভাষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যদিও ইয়াৰ আশে-পাশে থকা মিজো বংশৰ পৰাও বহু শব্দৰ উৎপত্তি হৈছে। [1] মিজো ভাষাৰ বিভিন্ন উপভাষাত ৭ লাখতকৈও বেছি মানুহে কথা পাতে। ভাষাটো লুচাই ভাষা নামেৰেও পৰিচিত।
মিজো | |
---|---|
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ, ম্যানমাৰ |
অঞ্চল | মিজোৰাম, ত্ৰিপুৰা, অসম, মণিপুৰ |
স্থানীয় ভাষিক |
৭ লাখৰ বেছি |
ভাষা পৰিয়াল |
Sino-Tibetan
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
মিজোৰাম (ভাৰত) |
ভাষা সংকেত | |
ISO 639-2 | lus |
ISO 639-3 | lus |
লিখন পদ্ধতি
সম্পাদনা কৰকএই ভাষাৰ বৰ্ণবিলাক হ'ল: a, â, á, à, aw, b, ch, d, e, ê, é, è, f, g, ng, h, i, ì, í, j, k, l, m, n, o, p, r, s, t, u, û, v, আৰু z। মিজো এটা সুৰপ্ৰধান ভাষা; অৰ্থাৎ একেই শব্দ কোৱাৰ সুৰৰ ওপৰত ভিত্তি কৰি অৰ্থ পৰিৱৰ্তন হ'ব পাৰে।
অধিক জানিবলৈ চাওক
সম্পাদনা কৰক- হিন্দী-ইংৰাজী-মিজো শব্দকোষ
- Dictionary of Lushai Language Archived 2020-08-13 at the Wayback Machine
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ mzuir.inflibnet.ac.in (PDF)