শ্ৰীনিবাস ৰামানুজন

ভাৰতীয় গণিতজ্ঞ
(Srinivasa Ramanujanৰ পৰা পুনঃনিৰ্দেশিত)

শ্ৰীনিবাস ৰামানুজন এই শব্দটোৰ বিষয়ে pronunciation (তামিল: சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।[1][2][3]

শ্ৰীনিবাস ৰামানুজন

জন্ম ২২ ডিচেম্বৰ, ১৮৮৭
ইৰোড, মাদ্ৰাছ প্ৰেছিদেন্সি
মৃত্যু ২৬ এপ্ৰিল, ১৯২০ (৩২ বছৰ)
চেটপুত, মাদ্ৰাছ, মাদ্ৰাছ প্ৰেছিদেন্সি
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ গণিত
শিক্ষানুষ্ঠান চৰকাৰী কলা মহাবিদ্যালয়, কুম্বাকানম
পাচাইআপাৰ মহাবিদ্যালয়
কেমব্ৰিজ বিশ্ববিদ্যালয়
শৈক্ষিক পৰামৰ্শদাতা জি, এইচ, হাৰ্ডি
জন এডেনছৰ লিটিলউদ
জনা যায় লাণ্ডাউ ৰামানুজন ধ্ৰুবক
মক থিতা ফাংছনs
ৰামানুজন কনজেকছাৰ
ৰামানুজন প্ৰাইম
ৰামানুজন ছোল্ডনাৰ ধ্ৰুবক
ৰামানুজন থিতা ফাংছন
ৰামানুজনৰ সমষ্টি
ৰামানুজন আইডেনটিটি
প্ৰভাৱ জি. এইচ. হাৰ্ডি

জন্ম, প্ৰাথমিক শিক্ষা আৰু বাল্যকাল

সম্পাদনা কৰক

শ্ৰীনিবাস ৰামানুজনৰ জন্ম হয় ১৮৮৭ চনৰ ২২ ডিচেম্বৰত[1][2] দক্ষিণ ভাৰতৰ তাঞ্জোৰ জিলাৰ আৰোপ চহৰৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত।[2] তেওঁৰ ককাক আৰু দেউতাক কুম্ভকোনামৰ এজন কাপোৰ ব্যৱসায়ী সদাগৰৰ হিচাপ ৰক্ষক আছিল।[2][1] মাকৰ ফালৰ ককা-দেউতাকে ইৰোদৰ মুঞ্চিফ আদালতত সৰু চাকৰি এটা কৰিছিল।[2]ৰামানুজনৰ সম্পূৰ্ণ নাম শ্ৰী নিবাস ৰামানুজন আয়‍্যাংগাৰ আছিল।

১৮৯২ চনত পাঁচ বছৰ বয়সত স্থানীয় প্ৰাইমাৰী বিদ্যালয়ত ভৰ্তি হৈ ৰামানুজনে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল। ১৮৯৪ চনত তেওঁ সেই পঢ়াশালিৰ পৰা গৈ কুম্ভকোনামৰ টাউন হাইস্কুলত নামভৰ্তি কৰে। ১৮৯৭ চনত তেওঁ প্ৰাইমাৰী স্কুলৰ পৰীক্ষাত তাঞ্জোৰ জিলাৰ ভিতৰত কৃতী ছাত্ৰ আৰু ছাত্ৰীৰ মাজত সৰ্বোচ্চ স্থান অধিকাৰ কৰে।[2] পৰীক্ষাৰ ভাল ফলাফলৰ বাবে স্কুল কৰ্তৃপক্ষই তেখেতৰ বিদ্যালয়ৰ মাছুল আধা কৰি দিয়ে।[2]

সৰুৰে পৰাই ৰামানুজন শান্ত আৰু চিন্তাশীল আছিল।[2] গণিত আৰু সংস্কৃত এই দুটা বিষয়ৰ প্ৰতি ৰামানুজনৰ যথেষ্ট আগ্ৰহ আছিল। অংকৰ প্ৰতি তেওঁৰ ধাউতি ক্ৰমান্বয়ে বাঢ়ি আহিছিল আৰু ওপৰৰ শ্ৰেণীৰ লʼৰা আৰু নিজৰ শিক্ষকক ভালেমান কথা সুধিছিল।[2]

আমোদজনক ক্ষণ

সম্পাদনা কৰক

এদিনাখন শিক্ষকে ৰামানুজনৰ শ্ৰেণীৰ ল'ৰাবিলাকক হৰণ অঙ্ক বুজাই আছিল। তেতিয়া শিক্ষকজনে এটা মন্তব্য কৰিছিল যে যিকোনো সংখ্যাক একে সংখ্যাৰে হৰণ কৰিলে ভাগফল এক হয়। ৰামানুজনে শিক্ষকৰ মন্তব্যত সুখী নহৈ ঘপহকৈ উঠি প্ৰশ্ন কৰিলে যে শূন্যক শূন্যৰে হৰণ কৰিলেও ভাগফল এক হ'ব নেকি?[2] ৰামানুজনৰ এনেধৰণৰ প্ৰশ্নই শিক্ষকক তবধ মনাইছিল।[2]

উচ্চমাধ্যমিক শিক্ষা

সম্পাদনা কৰক

১৯০৩ চনত ষোল্ল বছৰ বয়সত তেওঁ কুম্ভকোনাম চৰকাৰী কলেজত পঢ়িবলৈ লয় আৰু সুবাহ্মন্যম বৃত্তি লাভ কৰে। কিন্তু তেওঁৰ অঙ্কৰ প্ৰতি ধাউতি বাঢ়ি যায় আৰু কেৱল গণিতৰ চৰ্চাতেই সময় কটাবলৈ ধৰে। ইংৰাজী বা বুৰঞ্জীৰ শ্ৰেণীত সোমাই শিক্ষকৰ পঢ়ুওৱাত মন-কাণ নিদি নিজৰ ভাবত বিভোৰ হৈ থাকে। ফলস্বৰূপে বাকী বিষয় সমূহত আশানুৰূপ ফল লাভ নকৰে। প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত কেৱল গণিতৰ বাহিৰে আন প্ৰায়বোৰ বিষয়তে তেওঁ অকৃতকাৰ্য্য হয় আৰু দ্বিতীয় বাৰ্ষিকলৈ উন্নীত হ’ব নোৱাৰাৰ বাবে তেওঁ জলপানি হেৰুৱাব লগা হয় আৰু ইয়াৰ লগে লগে অৰ্থৰ অভাৱত কলেজীয়া শিক্ষা বাদ দিব লগা হয়।[2]

ইয়াৰ পিছত চাকৰিৰ অনুসন্ধানত ভিজিগাপট্টম, মাদ্ৰাজ আদি ঠাই ঘূৰি ফুৰি ৰামানুজন ১৯০৬ চনত পুনৰ কুম্ভাকোনামত উপস্থিত হয়।[2] ১৯০৭ চনত কলেজত ভৰ্তি নোহোৱাকৈ এফ এ পৰীক্ষাত বহে যদিও অকৃতকাৰ্য্য হয়। তাৰ পিছত তেওঁ পৰীক্ষা দিয়াৰ আশা প্ৰত্যাহাৰ কৰিলে কিন্তু অঙ্কশাস্ত্ৰৰ প্ৰতি ধাউতি তেওঁৰ অলপো নকমিল।[2]জেপত থকা নোটবহীতে সকলো কথা টুকি লয় আৰু চাকৰীৰ অনুসন্ধানত ঘূৰি ফুৰে।[2]গভীৰ অৰ্থ সংকটত পৰি পেটৰ ভোকত বহু নিশালৈ তেওঁ উজাগৰে কটাবলগীয়া হোৱা সময়তো তেওঁৰ মনে বিচাৰি ফুৰে গণিতৰ একোটা সূত্ৰৰ সমাধান। সেই আৰ্থিক অনাটন আৰু তাৰ পৰা উদ্ভৱ হ’ব পৰা সকলো সমস্যাৰ মাজতো তেওঁ নিজৰ অধ্যয়ন অব্যাহত ৰাখে।

বিবাহ আৰু কৰ্মজীৱন

সম্পাদনা কৰক

১৯০৯ চনৰ জুলাই মাহত ৰামানুজনে জানকী অম্মলক বিয়া কৰায় আৰু পুনৰবাৰ চাকৰিৰ বাবে চেষ্টা কৰে।[2] সেই সময়তে তেওঁ ভাৰতীয় গণিত সমাজৰ প্ৰতিষ্ঠাতা ভি.ৰামস্বামী আয়াৰৰ সংস্পৰ্শলৈ আহে। ৰামানুজনে নিজৰ আশা-আকাঙ্ক্ষাৰ কথা সকলো বিৱৰি কৈ এটা কেৰাণীৰ চাকৰিৰ বাবে আবেদন কৰে। ৰামস্বামী আয়াৰে ৰামানুজনৰ কথা-বতৰা শুনি, তেওঁৰ টোকাবহী চাই তেওঁৰ প্ৰতিভাৰ আভাস পালে। সেয়ে তেওঁ কুম্ভকোনম গৰ্ভমেণ্ট কলেজৰ প্ৰিন্সিপাল পি ভি চেণ্ড আয়াৰ আৰু নেলোৰৰ জিলা প্ৰশাসক দেৱান বাহাদুৰ ৰামচন্দ্ৰৰ ৰাওৰ ওচৰলৈ ৰামানুজনক পঠাই দিয়ে। তেওঁলোক দুজনে লগ লাগি ৰামানুজনক মাদ্ৰাজলৈ পঢ়িবলৈ পঠাই আৰু বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ ধৰে যদিও বৃত্তি নোপোৱালৈকে মাদ্ৰাজত থকা-খোৱাৰ খৰচ দেৱান ৰায়বাহাদুৰে বহন কৰি থাকিল।[2]কিন্তু বৃত্তিটো হৈ নুঠিলত ৰামানুজনে বাহাদুৰৰ ওপৰত নিজে বোজা হ’বলৈ নিবিচাৰি সেই সাহায্য প্ৰত্যাখান কৰে আৰু নিজে চাকৰি বিচাৰিবলৈ ধৰে। অৱশেষত ১৯১২ চনৰ ৯ ফেব্ৰুৱাৰীত মাদ্ৰাছ পৰ্ট ট্ৰাষ্টৰ অফিচত মাহে ত্ৰিশ টকা দৰমহাৰ এটা চাকৰি লাভ কৰে।[2]১৯১২ চনত সেই‌ আলোচনীতে ৰামানুজনৰ আৰু দুটা প্ৰবন্ধ প্ৰকাশ হয়।[2]


ৰামানুজন আৰু জি এইচ হাৰ্ডি

সম্পাদনা কৰক

১৯১৩ চনৰ জানুৱাৰী মাহত চেণ্ড আয়াৰ দেৱ আৰু অইন কেইজনমানৰ সহায়ত বিলাতৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক প্ৰফেচৰ জি. এইচ. হাৰ্ডিৰ লগত চিঠি-পত্ৰৰ যোগাযোগ আৰম্ভ কৰে। প্ৰফেচৰ হাৰ্ডিলৈ লিখা প্ৰথমখন চিঠিত ৰামানুজনে এশতকৈও অধিক নিজে গঢ়া অঙ্কশাস্ত্ৰৰ সূত্ৰৰ আভাস দিয়ে আৰু ভৱিষ্যতে পঢ়া-শুনা কৰিবলৈ আৰ্থিক অনাটনৰ বাবে ব্ৰিটিছ গৰ্ভমেণ্ট বা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।[2]প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনৰ বুদ্ধি-বৃত্তিৰ উমান পাই ভাৰতত থকাতকৈ কেমব্ৰিজলৈ আনি পঢ়োৱাৰ কথা চিন্তা কৰে আৰু তাকে পৰামৰ্শ দিয়ে। ৰামানুজন আছিল দক্ষিণ ভাৰতীয় সাত্বিক আৰু গোড়া ব্ৰাহ্মণ[2], সমুদ্ৰ যাত্ৰা তেওঁৰ শাস্ত্ৰবিৰুদ্ধ। জাত যোৱাৰ ভয়ত ৰামানুজনে হাৰ্ডিৰ পৰামৰ্শ আৰু সাহায্য মানি ল'বলৈ অমান্তি হয়।[2]কিন্তু প্ৰফেচৰ হাৰ্ডিয়ে চেষ্টা এৰি নিদিলে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মুৰব্বী ডা০ জি টি ওৱালকাৰ,এফ্‌ আৰ্‌ এচ্‌ আৰু মাদ্ৰাছ পৰ্ট ট্ৰাষ্ট অফিচৰ চেয়াৰমেন ফ্ৰেন্সিচ স্পিঙ্‌,এই দুজনে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা মাহে ৭৫ টকাকৈ বৃত্তি এটা দুবছৰৰ বাবে দিয়াৰ ব্যৱস্থা কৰে। ১৯১৩ চনৰ ১ মাৰ্চত ৰামানুজনে কেৰাণী চাকৰি এৰি মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষণা আৰম্ভ কৰে।[2]

প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনক কেমব্ৰিজলৈ নিবলৈ চেষ্টা এৰা নাছিল। ১৯১৪ চনৰ আগভাগত মাদ্ৰাছ বিশ্ববিদ্যালয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষণাকাৰীক অঙ্কশাস্ত্ৰত বক্তৃতা প্ৰদান কৰিবলৈ আহ্বান কৰিছিল আৰু মিঃ নেভিলে তাত সন্মতি জনাইছিল। প্ৰফেচৰ হাৰ্ডিয়ে নেভিল মাদ্ৰাছলৈ যাব বুলি জানিব পাৰি ৰামানুজনক বুজাই-বঢ়াই কেমব্ৰিজলৈ আনিবলৈ অনুৰোধ জনায় আৰু নেভিলে ৰামানুজনক যাবলৈ মান্তি কৰোৱায়। তেতিয়াও আৰ্থিক অভাৱে দেখা দিয়াত মাদ্ৰাছ প্ৰেছিডেন্সী কলেজৰ অঙ্কশাস্ত্ৰৰ অধ্যাপক মিঃ লিটলহেলচ্‌ আৰু মিঃ নেভিলে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা বছৰি ২৫০ পাউণ্ড পোৱাকৈ ৰামানুজনক বৃত্তি এটা দিয়ায়। লগতে বিলাতলৈ জাহাজত বিনা খৰচত যোৱাৰো ব্যৱস্থা কৰে।[2]

ৰামানুজনৰ বিলাত যাত্ৰা

সম্পাদনা কৰক

১৯১৪ চনৰ মাৰ্চ মাহত ৰামানুজনে বিলাত অভিমুখে যাত্ৰা কৰে। তাত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত ভৰি দিয়ে। থকা-খোৱাৰ চিন্তাৰ পৰা মুক্ত হৈ ৰামানুজনে পূৰ্ণোদ্যমে গৱেষণাত বহে। তেওঁৰ লগত প্ৰফেচৰ হাৰ্ডি আৰু প্ৰফেচৰ লিটলউদ আছিল। তেওঁলোকে ৰামানুজনৰ প্ৰবন্ধসমূহ ইংৰাজী আলোচনীৰ যোগেদি প্ৰকাশ কৰিবলৈ ধৰে। সকলোফালে ৰামানুজনে কামৰ প্ৰশংসা লাভ কৰে।[2] পৰিশ্ৰমৰ ফল পালেও ৰামানুজনৰ শৰীৰ দুৰ্বল হৈ আহিছিল আৰু ১৯১৭ চনত কিছুদিন তেওঁ কেমব্ৰিজৰ নাৰ্ছিংহোমত থাকিবলগীয়া হয়। ১৯১৮ চনৰ শৰৎকালত তেওঁৰ শৰীৰ ভাললৈ আহিবলৈ ধৰে আৰু তেওঁ পুনৰ গৱেষণাৰ কামত নিয়োজিত হয়।[2]

ভাৰতলৈ প্ৰত্যাবৰ্তন

সম্পাদনা কৰক

১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰামানুজন ভাৰত অভিমুখে ৰাওনা হয় আৰু এপ্ৰিলৰ দুই তাৰিখে মাদ্ৰাছ পায়হি। সমুদ্ৰ যাত্ৰাই আৰু ভাৰতৰ জলবায়ুয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি সাধিব বুলি ভাবিলেও হিতে বিপৰীত হ'ল। ক্ৰমে ক্ৰমে তেওঁৰ স্বাস্থ্য পৰি আহে।[2]

৩১ বছৰ বয়সত ১৯১৮ চনৰ ফেব্ৰুৱাৰীত ৰামানুজনক ৰয়েল চছাইটিৰ ফেলোশ্বিপ(Fellow of Royal Society,F.R.S) প্ৰদান কৰা হয়। সেই সন্মানেৰে সন্মানিত ৰামানুজনেই প্ৰথম ভাৰতীয়।[2] সেই একে বছৰতে, গণিতশাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক কেমব্ৰিজত্ৰিনিটি কলেজৰ ফেলো হিচাপে সন্মানিত কৰা হয়।[2]

ভাৰতলৈ উভতি অহাৰ পাছত ৰামানুজনৰ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু অনেক চিকিৎসাৰ অন্তত ১৯২০ চনৰ ২৬ এপ্ৰিল তাৰিখে মাদ্ৰাছৰ উপকণ্ঠ ছেঠপুৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত গণিতজ্ঞ গৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ।[2][1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ড০ ভূপতি চন্দ্ৰ ডেকা (১৯৬৮). গণিতৰ কথা. পৃষ্ঠা. ১১৩,১১৪,১১৫,১১৬. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 2.19 2.20 2.21 2.22 2.23 2.24 2.25 2.26 2.27 2.28 2.29 ড০ ভূপতি চন্দ্ৰ ডেকা (২০১৮). গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. পৃষ্ঠা. ৫৬,৫৭,৫৮,৫৯,৬০,৬১,৬২. 
  3. ড০ ভূপতি চন্দ্ৰ ডেকা (২০১৮). গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. পৃষ্ঠা. ১৫১ ৰ পৰা ১৬১. 

মিডিয়া সংযোগ

সম্পাদনা কৰক

লগতে চাওক

সম্পাদনা কৰক

জীৱনীমূলক সংযোগ

সম্পাদনা কৰক