ৱিকিকোৱ'ট
ৱিকিকোৱ'ট (ইং Wikiquote) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা ফকৰা যোজনাৰ উক্তিসমূহ সংগ্ৰহ কৰা আৰু সঠিক এট্ৰিবিউচনেৰে সেইবোৰ বৰ্ণনা কৰা। উক্তিৰ আন আন বহুতো অনলাইন সংগ্ৰহ থাকিলেও ৱিকিকোৱ'টত পঢ়ুৱৈয়ে নিজে অৰিহণা যোগাবলৈ সুবিধা পায়।[2] ৱিকিকোৱ'টৰ পৃষ্ঠাৰ পৰা উল্লেখযোগ্য ব্যক্তিসমূহৰ বিষয়ে ৱিকিপিডিয়ালৈ সংযোগ দিয়া হয়।[3]
ৱিকিকোৱ'ট (ৱিকি উক্তি) | |
---|---|
![]() wikiquote.org মূল পৃষ্ঠাৰ স্ক্ৰীণশ্বট | |
ইউ আৰ এল | www.wikiquote.org |
বাণিজ্যক | নহয় |
প্ৰকাৰ | উক্তি সংগ্ৰহ |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | বহুভাষিক |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সম্প্ৰদায় |
মুকলি | ১০ জুলাই, ২০০৩ |
এলেক্সা স্থান | ![]() |
বৰ্তমান স্থিতি | সক্ৰিয় |
প্ৰথমে ৱিকিকোৱ'ট কেৱল ইংৰাজী ভাষাত মুকলি কৰা হৈছিল; ২০০৪ চনৰ জুলাই মাহৰ পৰা আন আন ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ কাম আৰম্ভ হয়।
ইতিহাসসম্পাদনা কৰক
তাৰিখ | পৰিঘটনা |
---|---|
অস্থায়ীভাৱে ৱ'ল'ফ ভাষাৰ ৱিকিপিডিয়াত (wo.wikipedia.com) থোৱা হয়। | |
নিজা উপডমেইন সৃষ্টি কৰা হয় (quote.wikipedia.org)। | |
নিজা ডমেইন সৃষ্টি (wikiquote.org)। | |
নতুন ভাষা যোগ। | |
ইংৰাজী ভাষাৰ প্ৰকল্পত ২০০০ পৃষ্ঠা সম্পূৰ্ণ। | |
২৪টা ভাষাত সক্ৰিয়। | |
মুঠ ১০,০০০ পৃষ্ঠা। ইংৰাজী প্ৰকল্পত প্ৰায় ৩০০০ পৃষ্ঠা। | |
এটা দ্ৰুপদী (লেটিন) আৰু এটা কৃত্ৰিম (এছপেৰেণ্ট')কে ধৰি ৩৪টা ভাষাত মুকলি। | |
ইংৰাজী ৱিকিকোৱ'টত ৫০০০ পৃষ্ঠা। | |
আইনী কাৰণত ফ্ৰেঞ্চ ৱিকিকোৱ'ট বন্ধ। | |
ফ্ৰেঞ্চ ৱিকিকোৱ'ট পুনৰায় আৰম্ভ। | |
ইংৰাজী ৱিকিকোৱ'টত ১০,০০০ পৃষ্ঠা। | |
৪০টা ভাষাত মুকলি। | |
সকলো ভাষা মিলি ১,০০,০০০ প্ৰবন্ধ। | |
৮৮টা ভাষাত মুকলি। |
বহুভাষিক সহযোগিতাসম্পাদনা কৰক
২০০৪ চনৰ জুলাইত প্ৰায় ৭০টা উপড'মেইন মুকলি কৰা হয়। ২০১২ চনৰ ১০ অক্টোবৰলৈকে পঁচিশটা সংস্কৰণৰ প্ৰবন্ধ সংখ্যা হৈছে ১০০০ৰো অধিক। প্ৰায় ২১,০০০ প্ৰবন্ধৰে ইংৰাজী ভাষাৰ ৱিকিকোৱ'টেই বৃহত্তম প্ৰকল্প; ৫০০০ৰ পৰা ১৯,০০০ প্ৰবন্ধৰে প'লিছ, ইটালিয়ান, জাৰ্মান, পৰ্তুগীজ আৰু ৰাছিয়ান প্ৰকল্পসমূহৰ স্থান তাৰ পিছত। স্ল'ভাক, স্পেনীছ, বুলগেৰিয়ান, চেক, বছনিয়ান, তুৰ্কীছ, স্ল'ভেনিয়ান আৰু ফ্ৰেঞ্চ ভাষাৰ প্ৰকল্পই পৰৱৰ্তী স্থানসমূহ অধিকাৰ কৰিছে। পছপন্নটা ভাষাৰ প্ৰকল্পত ১০০ বা ততোধিক প্ৰবন্ধ আছে। [4]
অসমীয়া ভাষাত ৱিকিকোৱ'টসম্পাদনা কৰক
অসমীয়া ভাষাত "ৱিকিউক্তি" নামেৰে ২০০৮ চনত এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। কিন্তু দীৰ্ঘদিনৰ নিষ্ক্ৰিয়তাৰ বাবে ২০১০ চনত ইয়াক ইন্কিউবেটৰলৈ স্থানান্তৰ কৰা হয়।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Wikiquote.org Site Info". Alexa Internet. http://www.alexa.com/siteinfo/wikiquote.org। আহৰণ কৰা হৈছে: 2011-11-02.
- ↑ DeVinney, Gemma (18 January 2007). "Wikiquote: Another source for quotes on the Web". UB Reporter (University of Buffalo). http://www.buffalo.edu/ubreporter/archives/vol38/vol38n19/columns/eh.html। আহৰণ কৰা হৈছে: 29 November 2010.
- ↑ Ahsan, Hafsa (27 January 2007). "It's all about Wikis". DAWN. http://archives.dawn.com/weekly/science/archive/070127/science15.htm.
- ↑ "Wikiquote Statistics". Wikipedia:Meta. http://meta.wikimedia.org/wiki/Wikiquote#Statistics। আহৰণ কৰা হৈছে: 29 November 2010.