অংগ তন্ত্ৰ
অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।
অংগ আৰু কলা তন্ত্ৰসম্পাদনা কৰক
মানুহৰ শৰীৰ ৰচনাত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য প্ৰাণীৰ শৰীৰতো আছে।
- ৰক্তসংবহন তন্ত্ৰ: শৰীৰৰ বিভিন্ন অংগ আৰু হাওঁফাওঁৰ মাজত হৃদযন্ত্ৰ আৰু ৰক্তবাহিকাৰ সহায়ত তেজৰ চলাচল প্ৰক্ৰিয়া।
- আচ্ছাদন তন্ত্ৰ: চৰ্ম, নোম, চৰ্বী আৰু নখ।
- কংকাল তন্ত্ৰ: হাড় আদিৰে গঠিত দেহৰ অৱলম্বন আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
- প্ৰজনন তন্ত্ৰ: যৌন অংগসমূহ, যেনে- গৰ্ভাশয় আদি।
- পাচন তন্ত্ৰ: লালটি গ্ৰন্থী, খাদ্যনলী, উদৰ, যকৃৎ, পিত্তস্থলী, অগ্নাশয়, অন্ত্ৰ, মলাশয় আৰু পায়ুৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।
- ৰেচন তন্ত্ৰ: বৃক্ক, মুত্ৰনলী, মুত্ৰস্থলী আদিৰ সহায়ত ৰক্তৰ পৰিশোধন আৰু মুত্ৰ বিসৰ্জন প্ৰক্ৰিয়া।
- শ্বাস তন্ত্ৰ: হাওঁফাওঁ, শ্বাসনলী, বায়ুস্থলী আদিৰ সহায়ত তেজৰ পৰা কাৰ্বন ডাই-অক্সাইড নিস্কাশন আৰু অক্সিজেন সমৃদ্ধকৰণ প্ৰক্ৰিয়া (শ্বাস-প্ৰশ্বাস)।
- অন্তঃস্ৰাৱী তন্ত্ৰ: নলীবিহীনভাৱে দেহৰ বিভিন্ন অংশলৈ অন্তঃস্ৰাৱী গ্ৰন্থীত নিঃসৰণ হোৱা হ'ৰমনৰ আদান-প্ৰদান প্ৰক্ৰিয়া।
- লসিকা তন্ত্ৰ: তেজ আৰু কলাৰ মাজত লসিকাৰ সংবহন প্ৰক্ৰিয়া।
- পেশী তন্ত্ৰ: বিভিন্ন পেশীৰ সহায়ৰ চলন, অৱস্থান গ্ৰহণ আৰু তাপ উৎপাদন প্ৰক্ৰিয়া।
- স্নায়ু তন্ত্ৰ: মগজু, স্নায়ুৰজ্জু আৰু স্নায়ুৰ সহায়ত তথ্য সংগ্ৰহ, পৰিবহন আৰু বিশ্লেষণ প্ৰক্ৰিয়া।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
- Systems Biology: An Overview by Mario Jardon: A review from the Science Creative Quarterly, 2005.
- Synthesis and Analysis of a Biological System, by Hiroyuki Kurata, 1999.