অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano) (স্পেনীয় উচ্চাৰণ: [okˈtaβjo pas loˈsano] এই শব্দটোৰ বিষয়ে audio ; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯, ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কুটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেন্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যন'বেল বঁটা লাভ কৰে।

অক্টাৱিয়' পাছ
জন্ম মেক্সিকো চহৰ
মৃত্যু মেক্সিকো চহৰ,
ৰাষ্ট্ৰীয়তা মেক্সিকো
সময় ১৯৩১–১৯৬৫
বিষয় কবিতা, গল্প, প্ৰবন্ধ সাহিত্য

অক্টাৱিয়' পাছৰ জন্ম হয় ১৯১৪ চনৰ ৩১ মাৰ্চত, মোক্সিকোত৷ তেখেতে মেক্সিকোৰ নেছনেল বিশ্যবিদ্যালয় আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত শিক্ষা লাভ কৰে৷ ১৯৬২ চনত মেক্সিকোৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ আহে৷ ১৯৬৮ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেই বছৰেই অনুষ্ঠিত মেক্সিকো অলিম্পিকত ছাত্ৰৰ ওপৰত পুলিচে চলোৱা বৰ্বৰোচিত গুলীচালনাৰ প্ৰতিবাদত ৰাষ্ট্ৰদূত পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পাছত তেখেতে ক্ৰমে টেক্কাছ, হাৰ্ভাৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত ‘লেটিন আমেৰিকা ষ্টাডিজ বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ।[1] কৈশোৰৰ পৰাই কবিতা চৰ্চা কৰিছিল। ১৭ বছৰ বয়সতে মেক্সিকোৰ প্ৰখ্যাত সাহিত্যালোচনীত তেওঁৰ ৰচনা প্ৰকাশ হৈছিল। গদ্য ৰচনাতো বিশেষ দক্ষতা প্ৰদৰ্শন কৰিছিল। লেটিন আমেৰিকাত পাজক প্ৰথম শাৰীৰ গদ্য লেখক হিচাপে সসন্মানে স্বীকৃতি দিয়া হয়।[2]

সাহিত্যৰাজিসম্পাদনা কৰক

কবিতাসম্পাদনা কৰক

  • Luna Silvestre (1933)
  • Baja tu clara sombra y otros poemas (1937)
  • Entre la piedra y flor (1941)
  • Aguila o sol? (1951)
  • Piedra de sol (1957)
  • Salamandra (1962)
  • Selected Poems (1963)
  • Pasado en claro (1975)
  • Vuelta (1976)
  • The Collected Poems of Octavio Paz, 1957-1987 (1987)

গদ্য সংকলনসম্পাদনা কৰক

  • El laberinto de la soledad (1950)
  • Corrientae alterna (1967)
  • Posdata (1970)
  • Tiempo nublado (1984)
  • La otra voz (1990)

প্ৰবন্ধ সংকলনসম্পাদনা কৰক

  • El arco y la lira (1956)
  • Los hijos del limo (1974

বঁটাসম্পাদনা কৰক

জীৱনযোৰা সাধনা বঁটা হিচাপে ১৯৯০ চনত তেখেতে সাহিত্যৰ নবেল বঁটা লাভ কৰে৷ অন্যান্য সন্মানৰ ভিতৰত কাৰ্ভেন্টিছ এৱাৰ্ড, নিউছাইড প্ৰাইজ আদি অন্যতম৷ ১৯৮৮ চনৰ ২০ এপ্ৰিলত তেখেতৰ মৃত্যু হয়৷[3]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. https://poets.org/poet/octavio-paz
  2. অসম কোষ, সংকলনা আৰু সম্পাদনা- শান্তনু কৌশিক বৰুৱা, প্ৰথম প্ৰকাশ, ২০১২, পৃষ্ঠা-১
  3. http://www.nobel.se/literature/laureates/1990/paz-bio.html Nobel museum biography and list of works